নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পবিতৰা অভয়াৰণ্যত দুটাকৈ পোৱালি গঁড়ৰ মৃত্যু

নিয়মীয়া বাৰ্তা, ২ ডিচেম্বৰঃ এশিঙীয়া গঁড়ৰ বিচৰণভূমি পবিতৰা অভয়াৰণ্যত সপ্তাহটোৰ ভিতৰত ২ টাকৈ গঁড়ৰ মৃত্যুৰ বাতৰিয়ে প্ৰকৃতিপ্ৰেমীসকলক চিন্তিত কৰি তুলিছে। জানিব পৰা মতে, আজি পুৱা তামুলীডোবা এলেকাত এটি দুবছৰীয়া গঁড় মৃত অৱস্থাত উদ্ধাৰ কৰে বনকৰ্মীয়ে। পৰৱৰ্তী পৰ্যায়ত বন বিভাগে মৃত গঁড় পোৱালিটোৰ মৰণোত্তৰ পৰীক্ষা আজি সম্পন্ন কৰে।

উল্লেখ্য যে সোমবাৰেও এটি গঁড়ৰ পোৱালিৰ মৃতদেহ উদ্ধাৰ কৰিছিল বন বিভাগে। বন বিভাগে জানিবলৈ দিয়া মতে, সোমবাৰে উদ্ধাৰ হোৱা প্ৰায় এবছৰীয়া গঁড় পোৱালিটো গঁড়ৰ মাজত হোৱা যুঁজৰ ফলতেই আহত হয় আৰু পিছত মৃত্যুক আঁকোৱালি লয়।

You might also like