নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাতিপুৱা শুই উঠি নকৰিব এইবোৰ কাম… নহলে সমগ্ৰ দিন নষ্ট হ’ব

নিয়মীয়া বাৰ্তা ১৮ জুনঃ  দিনটোৰ ভালদৰে শুভাৰম্ভণি কৰিবলৈ কিছুমান নিয়ম পালন কৰাটো বহুত জৰুৰী। যদি এইবোৰ নিয়ম পালন কৰা হয় তেতিয়া ব্যক্তিৰ জীৱনৰ সফলতাৰ লগতে সুখময় হয়। এনেধৰণৰ নিয়ম পালন নকৰিলে মানৱ জীৱনত বহুতো অশান্তি হ’ব পাৰে। বাস্তু শাস্ত্ৰৰ মতে ৰাতিপুৱা শুই উঠি কোনবোৰ কাম কৰিব নালাগে।

বহুলোকে শুই উঠি নিজৰ চেহেৰাটো আইনাত চাবলৈ ভাল পায়। কিন্তু বাস্তু শাস্ত্ৰৰ মতে এই কাম কৰিব নালাগে। বাস্তু শাস্ত্ৰৰ মতে ৰাতিপুৱা শুই উঠি আইনা চালে গোটেই ৰাতিৰ ঋণাত্মক দিশসমূহ প্ৰতিফলিত হয়।

ইয়াৰ উপৰিও বহুলোকে হিংশ্ৰ জন্তুৰ ফটো নিজৰ শয়ন কক্ষত থয় তেনে ফটোও চাব নালাগে। বাস্তু শাস্ত্ৰৰ মতে ই বহুত অশুভ। লগতে ৰাতিপুৱা শুই উঠি নিজৰ বা অন্যবেলগৰ প্ৰতিচ্ছবি চাব নালাগে।

বাস্তু শাস্ত্ৰৰ মতে শুই উঠি বাথৰূমৰ কুমুড চাব নালাগে। কাৰণ তাত ৰাহুৰ বাস থাকে।

বাস্তু শাস্ত্ৰৰ মতে শুই উঠি নিজৰ আঙুলি দৰ্শন কৰিব লাগে। কাৰণ হাতৰ আঙুলিত সৰস্বতী, লক্ষ্মী বাসস্থান হয়। শুই উঠি প্ৰথমেই নিজৰ ইষ্ট দেৱতাক নাম লৈ আঙুলিৰে চেহেৰাটো মচিব লাগে। তাৰ পিছতেই নতুন দিনৰ আৰম্ভণি কৰক। তাৰ পিছতেই পানী খাই সূৰ্য দৰ্শন কৰিব লাগে। সূৰ্যোদয়ৰ আগতে যদি কোনো লোক উঠে তেতিয়া চন্দ্ৰৰ দৰ্শণ কৰিব লাগে।

You might also like