নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিজনীত আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান

ড্ৰাগছসহ সৰবৰাহকাৰী এজনক আটক

নিয়মীয়া বাৰ্তা ১৮ জুনঃ  চিৰাং জিলাৰ বিজনীৰ নিকটবৰ্তী কাৱাটীকাত বৃহস্পতিবাৰে নিশা কাৱাটীকাৰ নিবাসী দিল ইচলামৰ পুত্ৰ আব্দুল গনিৰ(২৩) ঘৰত অভিযান চলাই আৰক্ষীয়ে ৭০.৩৩ মি:গ্ৰা ড্ৰাগছ জব্দ কৰে । আৰক্ষীয়ে এক গোপন খবৰৰ পমখেদি আব্দুল গনিৰ ঘৰত অভিযান চলাই জব্দ কৰে নিষিদ্ধ ড্ৰাগছ । অতিৰিক্ত আৰক্ষী অধীক্ষক প্ৰকাশ মেধীৰ নেতৃত্বত আৰু মহকুমা আৰক্ষী বিষয়া শেখৰজ্যোতি ৰয়ৰ সহযোগত ড্ৰাগছ বিৰোধী অভিযান চলাই ড্ৰাগছসহ ড্ৰাগছ সৰবৰাহকাৰী আব্দুল গনিক আটক কৰি বিজনী থানালৈ লৈ আনে।

You might also like