নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ওজন হ্ৰাস কৰাত সহায় কৰে ব্ৰইলাৰ মাংসইঃ আপুনি নজনা আৰু ৫ টা লাভালাভ চাওক

যিকোনো আমিষ লোকে আপোনাক ক’ব যে তেওঁলোকে ব্ৰইলাৰ মাংসৰ ওপৰত কিমান নিৰ্ভৰ। সমগ্ৰ বিশ্বতে ব্ৰইলাৰ মাংস অধিক জনপ্ৰিয়।

জনপ্ৰিয় হোৱাৰ কাৰণ কেৱল সোৱাদেই নহয়, ইয়াৰ বহুতো স্বাস্থ্য উপকাৰিতাও আছে। কিন্তু ব্ৰইলাৰ মাংস খোৱাটো সঁচাকৈয়ে স্বাস্থ্যকৰ নে?

হয়, ব্ৰইলাৰ মাংস স্বাস্থ্যকৰ। ইয়াৰ কেইটামান লাভালাভ তলত দিয়া হৈছে:

১.প্ৰ’টিন যোগানঃ

চিকেনৰ প্ৰ’টিনৰ পৰিমাণ অতি উচ্চ, যি আমাৰ পেশীবোৰ মজবুত কৰি ৰখাত এক অতি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। যিসকলে শক্তি বঢ়াব বিচাৰে তেওঁলোকৰ বাবে ব্ৰইয়াৰ খোৱাটো অতি আৱশ্যক।

২. ওজন হ্ৰাস

আপুনি কেতিয়াবা ব্ৰইলাৰৰ অবিহনে এখন স্বাস্থ্যকৰ খাদ্যৰ থালী দেখিছে নে? ব্ৰইলাৰ মাংস সদায়ে স্বাস্থ্যকৰ আহাৰত অন্তৰ্ভুক্ত কৰাৰ কাৰণ হৈছে ই মূলতঃ এক পাতল মাংস, যাৰ অৰ্থ হৈছে ইয়াত বেছি চৰ্বি নাই। সেয়েহে, নিয়মীয়াকৈ ব্ৰইলাৰ মাংস খোৱাটোৱে আপোনাক স্বাস্থ্যকৰ উপায়েৰে ওজন হ্ৰাস কৰাত সহায় কৰিব পাৰে।

৩. স্বাস্থ্যকৰ হাড়

প্ৰ’টিনৰ উপৰিও, ব্ৰইলাৰ মাংস কেলচিয়াম আৰু ফছফৰাছৰে ভৰা। এই দুয়োটা খনিজ পদাৰ্থই আপোনাৰ হাড় স্বাস্থ্যৱান ৰখাত সহায় কৰে। নিয়মীয়াকৈ ব্ৰইলাৰ খোৱাটোৱে আৰ্থ্ৰাইটিছৰ (arthritis) আশংকাও হ্ৰাস কৰে।

৪.চাপ নিৰাময়ক

আপুনি জানেনে কি উপাদানে চাপ হ্ৰাস কৰাত সহায় কৰে? এইটো ট্ৰিপ্টোফেন(tryptophane) আৰু ভিটামিন B5 (vitamin B5)। আৰু ব্ৰইলাৰ মাংসত এই দুয়োটাৰে এটা ভাল অংশ থাকে। চিকেন মেগনেছিয়ামেৰে পৰিপূৰ্ণ, যি পিএমএছ (PMS) লক্ষণবোৰৰ পৰা সকাহ দিয়ে। গতিকে সামগ্ৰিকভাৱে, ব্ৰইলাৰ মাংস খোৱাটোৱে আপোনাক চাপ নোহোৱাকৈ জীৱন যাপন কৰাত সহায় কৰিব পাৰে।

৫. ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি

আপুনি কেতিয়াবা হয়টো আচৰিত হৈছে যে চিকিৎসকসকলে আপোনাৰ আৰোগ্য হ’বলৈ আহাৰৰ অংশ হিচাপে চিকেন চুপৰ পৰামৰ্শ কিয় দিয়ে! ইয়াৰ কাৰণ হৈছে ব্ৰইলাৰ মাংসই শৰীৰৰ ৰোগ প্ৰতিৰোধ কোষবোৰ শক্তিশালী কৰাত সহায় কৰে। আনহাতে চুপৰ পৰা ওলোৱা ধোৱাই নাকৰ ফুটা পৰিষ্কাৰ কৰে। বেছিভাগ সংক্ৰমণ আৰু চৰ্দিৰ পৰা আৰোগ্য হোৱাৰ সৰ্বশ্ৰেষ্ঠ উপায় হৈছে চুপৰ ৰূপত ব্ৰইলাৰ মাংস খোৱা।

You might also like