নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

Hangover হৈছে নেকি? এইকেইটা উপায় আজিয়েই অৱলম্বন কৰক…

নিয়মীয়া বাৰ্তা ৬ জানুৱাৰীঃ  সুৰাপায়ীসকলৰ প্ৰায়েই এটা সমস্যা দেখা দিয়ে। বেছিকৈ সুৰাপান কৰাৰ পিছদিনা হেংঅভাৰ হোৱা দেখা যায়। মূৰৰ বিষৰ পৰা উঠিব নোৱাৰা অৱস্থাৰ সৃষ্টি হয়। কিন্তু সুৰাপায়ী সকলে এইকেইটা উপায় অৱলম্বন কৰিলে হেং অভাৰৰ পৰা মুক্ত হ’ব পাৰিব।

পানী বেছিকৈ খাওকঃ বেছিকৈ সুৰা পান কৰিলে শৰীৰত পানীৰ অভাৱ হয়। লগতে মূৰ ঘুৰাই অথবা বমি হ’ব পাৰে। এনে অৱস্থা হলে ৰাতিপুৱা খালী পেটত বহুত পানী খাব লাগে।

ফলৰ ৰসঃ হেংঅভাৰৰ পৰা পৰিত্ৰাণ পাবলৈ ফলৰ ৰস খাওক। ঠাণ্ডা গাখীৰত কল, গাজৰ, ষ্ট্ৰবেৰী আৰু অলপমান নিমখ মিলাই খাই দিয়ক। এই ফলৰ ৰস খালে হেংঅভাৰ আঁতৰিব আৰু শক্তি যথেষ্ট লাভ কৰিব।

নেমুঃ নেমু, কমলা আৰু আঙুৰৰ জুচ হেং অভাৰ আঁতৰাবলৈ যথেষ্ট উপযোগী। ইয়াত পোৱা ভিটামিন, এণ্টী অক্সিডেণ্টে এঘণ্টাৰ ভিতৰত হেংঅভাৰ আঁতৰ কৰে।

দৈঃ দৈ সুৰাৰ নিচা কমোৱাত সহায়ক হয়। কিন্তু মিঠা দৈ খালে নহব, কাৰণ ই হেংঅভাৰ আঁতৰ নকৰে, বৃদ্ধিহে কৰিব। হেংঅভাৰ আঁতৰকৰাবলৈ টেঙা দৈ খাব লাগে।

কণীও উপকাৰীঃ হেংঅভাৰ আঁতৰাবলৈ কণী বহু উপকাৰী। ইয়াত এমিন’ এচিড আছে, যাক Cysteine বুলি কোৱা হয়। ইয়াক খালে বহুত আৰাম পাব।

ব্যায়াম কৰকঃ বেছিকৈ সুৰা পান কৰিলে পিছদিনা পুৱাই ব্যায়াম কৰক। ব্যায়ামৰ জৰিয়তে শৰীৰৰ পৰা ঘাম যোগেদি এলকহল বাহিৰ হৈ যাব।

আদা খাওকঃ হেংঅভাৰ বেছিকৈ হ’লে অলপ আদা খাওক। আদাৰ লগতে অলপ নহৰুও খাওক। আদাৰ চাহ খালে হেঙঅভাৰৰ পৰা আৰাম পায়।

You might also like