নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জনজাতি মহোৎসৱৰ সফল সামৰণিঃ জনগোষ্ঠীয় নৃত্যৰে মুখৰিত জোনাই

নিয়মীয়া বাৰ্তা, ৬ জানুৱাৰীঃ জোনাইত পোন প্ৰথম বাৰ বাবে ভাৰত চৰকাৰৰ জনজাতি মন্ত্ৰণালয়ৰ উদ্যোগত আৰু ৰয়েল ৰাইড্ৰাছৰ সহযোগত জোনাই শিশু উদ্যানত অনুষ্ঠিত জনজাতি সকলৰ মহোৎসৱ সফল সামৰণি পৰে৷ জোনাইত অনুষ্ঠিত তিনিদিনীয়া জনজাতি মহোৎসৱত অসম চৰকাৰৰ অসম ভৈয়াম জনজাতি উন্নয়ন পৰিষদৰ পৰিচালন সঞ্চালক যাদৱ পেগুৱে মুখ্যধাৰ উদ্ধোধন কৰা মহোৎসৱৰ প্ৰৰ্দষণীমূলক দোকানৰ উদ্ধোধন কৰে৷ জোনাই মহকুমাৰ মহকুমাধিপতি জিমলি শইকীয়া কাকতিয়ে৷ মিচিং, বড়ো, সোনোৱাল কছাৰী, হজঙ জনগোষ্ঠীয় সাজপাৰ ,বাদ্যযন্ত্ৰৰ প্ৰৰ্দষণ কৰা৷ স্থানীয় জনগোষ্ঠীয় লোকসকলৰ , সাজপাৰ, বাদ্যযন্ত্ৰ প্ৰৰ্দষণীমূলক মহোৎসৱত অনুষ্ঠিত হয় সাংস্কৃতিক অনুষ্ঠান৷ ইয়াৰ উপৰিও দ্বিতীয় দিনাৰ কাৰ্যসূচীত কণ কণ শিশু সকলৰ মাজত ছবি অকা প্ৰতিযোগিতা পিছতে জনজাতি সকলৰ লোক নৃত্যৰ অনুষ্ঠানৰ শুভ উদ্বোধন কৰি জোনাই গাওঁ পঞ্চায়তৰ সভাপতি জয়ন্ত বড়িয়ে জনজাতি সকলৰ নিজ কৃষ্টি সংস্কৃতি জীয়াই ৰখাৰ স্বাৰ্থৰ চৰকাৰে লোৱা এনে পদক্ষেপক আদৰনি জনায় কয় জনজাতি সকলে নিজৰ কৃষ্টি সংস্কৃতি জীয়াই ৰাখিবলৈ নিজৰ ভাষা, লোক নৃত্য, সাজ পাৰ আদিৰ প্ৰতি গুৰুত্ব দি জীয়াই ৰাখিব লাগিব নহলে এই পৃথিৱীৰ পৰা ডাইনাছৰ যেনেকৈ বিলুপ্ত হল ঠিক তেনেকৈ আমাৰ জনজাতি সকলৰ কৃষ্টি সংস্কৃতি বিলুপ্ত হব সেইয়ে আমি প্ৰত্যেক জনজাতিয়েই নিজৰ কৃষ্টি-সংস্কৃতি, ভাষাৰ প্ৰতি গুৰুত্ব দিব লাগিব৷ উল্লেখযোগ্য যে জোনাই জনজাতি মহোৎসৱত মিচিং, সোনোৱাল কছাৰী , দেউৰী, হজং লোক নৃত্য মূখৰিত কৰে জোনাই৷ লগতে স্থানীয় মিচিং সোনোৱাল কছাৰী, দেউৰী, হাজং আৰু বড়ো জনগোষ্ঠীয়ৰ লোক কৃষ্টি আৰু সংস্কৃতিৰ অৱধান আগ বঢ়োৱা ৭ জন কলা কুশলীসম্বৰ্ধনা জনোৱা হয়৷

শেষৰ দিনা কাৰ্যসূচীত মিচিং স্বয়ত্ব শাসিত পৰিষদৰ সাধাৰণ সদস্য নৰেশ কুম্বাঙে পৰম্পৰাগত সাজপাৰ প্ৰতিযোগিতা শুভাৰম্ভ কৰি কয় এটা ভাষা আৰু সংস্কৃতিৰয়েই হৈছে মানুহৰ পৰিচয় ৷ ভাষা আৰু সংস্কৃতি নাথাকিলে এটা জাতিৰ অস্তিত্ব নাথাকে৷ বাৰে ৰহনীয়া কৃষ্টি সংস্কৃতিৰে সমৃদ্ধি অসম৷ এই অসমৰ মূলূকতে ভিন ভিন জাতি জনগোষ্ঠীয়ে বাস কৰি বাৰে ৰহনীয়া অসমক সাংস্কৃতিক ভাবে উৎজিৱিত কৰি আহিছে৷ আৰু অসমৰ সাতাপুৰুষীয়া কৃষ্টি সংস্কৃতিক ধৰি ৰখাৰ ক্ষেত্ৰত অসমৰ জনজাতি সকলৰ ভূমিকা অপৰিসীম৷ ভাৰত চৰকাৰৰ জনজাতি মন্ত্ৰণালয়ৰ উদ্যোগত উদযাপন কৰা জনজাতি মহোৎসৱে জনজাতি সকলৰ নিজস্ব ভাষা সাংস্কৃতি পৰম্পৰাই হৈছে মূল চানেকি৷ আমি অতিকৈ আনন্দিত হৈছো যে পোন প্ৰথম বাৰৰ বাবে অসম অৰুণাচল সীমান্তবৰ্তী জোনাইত জানজাতি সকলক একত্ৰিত কৰি জনজাতি সকলৰ সংস্কৃতি ধৰি ৰখাৰ উদ্দেশ্যৰে চৰকাৰে জনজাতি মহোৎসৱ আয়োজন কৰা এই মহোৎসৱে জনজাতি সকলৰ সমন্বয়ৰ কথা কব৷ জোনাইৰ জনজাতি মহোৎসৱ থলিৰ পৰাই একতাৰ বৰ্তা ৰাজ্য বাসীলৈ প্ৰেৰণ কৰিব আমি আশাবাদী জোনাই জনজাতি মহোৎসৱেই হওঁক একতাৰ সমন্বয়ৰ বাৰ্তা বাসক৷ লগতে জোনাই জিলা ট্ৰাইবেল সংঘৰ সধাৰণ সম্পাদক পদ্মেশ্বৰ দলেয়ে কয় জোনাই অকল মিচিং জনগোষ্ঠীৰ নহয় অসমত থকা বিভিন্ন জনজাতিয়েই জোনাইত আছে ৷ জনগোষ্ঠী হিচাপে আমি নিজক প্ৰতিষ্ঠা কৰিব লাগিব আৰু জনগোষ্ঠী হিচাপে আমি গৌৰৱ অনুভৱ কৰো ৷

জোনাইত অনুষ্ঠিত জনজাতি মহোৎসৱত উপস্থিত থাকে জোনাই মহকুমা দণ্ডাধীশ প্ৰিতম কুমাৰ দাস, দেউৰী স্বায়ত্বশাসিত পৰিষদৰ সদস্য হেমন্ত দেউৰী আয়োজক কমিটিৰ সভাপতি ডাঃ জ্যোতিষ দলে ,সম্পাদক জয়ন্ত টায়ে লগতে ৰয়েল ৰাইড্ৰাছৰ সদস্যকলে ৷জনজাতি মহোৎসৱত মিচিং লোক শিল্পী তৰাৱতী মিলি বড়ি, জোনাই থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ভীমকান্ত পেগু, প্ৰদীপ সন্যাসীৰ গীত আৰু অসমৰ জনপ্ৰিয় মিউজিক বেণ্ড “গমোগ অ:পে”য়ে জীপাল কৰি তোলে সাংস্কৃতিক সন্ধিয়াৰ৷

You might also like