নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিশ্বৰ সৰ্বাধিক ক্ৰিকেট ষ্টেডিয়াম আছে ভাৰতত; কিন্তু এখনো নাই ক্ৰিকেটাৰৰ নামত!

নিয়মীয়া বাৰ্তা ২৬ ফেব্ৰুৱাৰীঃ ভাৰতত বিশ্বৰ সৰ্বাধিক ৫৩খন ক্ৰিকেট ষ্টেডিয়াম আছে। দুৰ্ভাগ্যৰ কথা এয়ে যে এজন ক্ৰিকেটাৰৰ নামতো এই ষ্টেডিয়ামসমূহ নামাকৰণ নাই। আপুনি হয়টো শুনি অলপ আচৰিত হৈছে! কিন্তু এয়া সত্য। দেশৰ ৫৩ খন ষ্টেডিয়ামৰ ভিতৰত ২৪ খন ষ্টেডিয়ামত এতিয়া আন্তঃৰাষ্ট্ৰীয় বা ঘৰুৱা ক্ৰিকেট খেলা হয়।

দেশৰ মুঠ ১৬ খন ষ্টেডিয়াম প্ৰাক্তন প্ৰধানমন্ত্ৰীৰ নামত নামকৰণ কৰা হৈছে। জৱাহৰলাল নেহৰুৰ নামত আঠখন ষ্টেডিয়াম আছে। হকী তাৰকাৰ নামতো দুখনকৈ ক্ৰিকেট ষ্টেডিয়ামৰ নাম কৰণ কৰা হৈছে। কিন্তু কোনো ক্ৰিকেটাৰৰ নামত আজিলৈ নামকৰণ হোৱা নাই এখনো ষ্টেডিয়াম।

উল্লেখ্য যে ক্ৰিকেট খেল সৃষ্টি হোৱা ইংলেণ্ডত আছে মাত্ৰ ২৩ খন ক্ৰিকেট ষ্টেডিয়া। অষ্ট্ৰেলিয়াত আছে ১৯খন। পাকিস্তানত ১৬খন, শ্ৰীলংকাত ৯খন, বাংলাদেশত ৮খন, দক্ষিণ আফ্ৰিকাত ১২খন, নিউজিলেণ্ডত ১৬খন ক্ৰিকেট ষ্টেডিয়াম আছে।

উল্লেখ কৰা প্ৰয়োজন যে ক্ৰিকেট, ফুটবল, হকী, টেনিছকে ধৰি সকলো ক্ৰীড়াৰ বাবে ভাৰতত মুঠ ১৩৫ খন ষ্টেডিয়াম আছে।

You might also like