নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মাস্কৰ আৱৰণত সুন্দৰী যুৱতী; প্ৰসাধন সামগ্ৰীৰ দোকানত নাই বিক্ৰী

ক’ৰোনাৰ কালৰূপত ঘৰতে আবদ্ধ সুন্দৰী যুৱতীসকল। দুই এগৰাকী বাহিৰলৈ ওলাইছে যদিও মুখত আছে দুতৰপীয়া মাস্ক। মাস্কে ঢাকি ৰাখিছে যুৱতীসকলৰ গোটেই মুখ মণ্ডল।

মুখমণ্ডল মাস্কৰে আৱৰি ৰখাৰ বাবে যুৱতীসকলৰ প্ৰয়োজন হোৱা নাই ৰূপসজ্জাৰ। বিশেষকৈ ঘৰতে বেছিভাগ সময় থকাৰ বাবে যুৱতীসকলে প্ৰসাধন সামগ্ৰীৰ ব্যৱহাৰৰ পৰা আঁতৰত আছে। যাৰবাবে তাৰ প্ৰত্যক্ষ প্ৰভাৱ পৰিছে প্ৰসাধনৰ বিপনীসমূহত। কিয়নো ক’ৰোনাই প্ৰসাধন সামগ্ৰীৰ বিপণীলৈ নমাই আনিছে মন্দাৱস্থা। যাৰবাবে মূৰে কপালে হাত দিবলগীয়া অৱস্থা প্ৰসাধন সামগ্ৰীৰ বিক্ৰেতাসমূহৰ।

এই সন্দৰ্ভত এজন প্ৰসাধন সামগ্ৰী বিক্ৰেতাৰ মন্তব্য,-“লকডাউনৰ পৰা আমাৰ বিক্ৰী নাই বুলিয়ে ক’ব লাগিব। ঘৰতে থকাৰ বাবে মহিলাসকলে যিসমূহ সৰুসুৰা সামগ্ৰী আছে, সেইখিনিৰেই কাম চলাইছে। লগতে এতিয়া অনলাইন ব্যৱস্থাইয়ো আমাৰ ব্যৱসায়ত হেঙাৰ ৰূপে থিয় দিছে। যিসকল মহিলা বা যুৱতীক প্ৰসাধন সামগ্ৰী প্ৰয়োজন হৈছে, তেওঁলোকে ঘৰৰ পৰা ওলাই অহাতকৈ কম দামতে অনলাইনৰ দ্বাৰা নিজৰ প্ৰয়োজনীয় ৰূপসজ্জাৰ সামগ্ৰী কিনিছে।”

ইপিনে লকডাউনৰ পৰা বন্ধ হৈ আছে বিউটী পাৰ্লাৰসমূহো। এনে প্ৰসাধন সামগ্ৰীৰ বিপণীৰ পৰায়ে বিউটী পাৰ্লাৰসমূহে ক্ৰয় কৰে তেওঁলোকৰ প্ৰয়োজনীয় সামগ্ৰী। কিন্তু বিউটী পাৰ্লাৰ বন্ধ থকাত বিউটী পাৰ্লাৰ ব্যৱসায়ীসকলো নাহে এতিয়া প্ৰসাধন সামগ্ৰী কিনিবলৈ।

You might also like