নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কুলধাৰা আৰু কিছু ৰহস্য…

ৰাজস্থানৰ জেছলমেৰৰ পৰা প্রায় ১৫ কিঃ মিঃ পশ্চিমত অৱস্থিত কুলধাৰা নামৰ এখন গাঁৱৰ ধ্বংসাৱশেষে বহু বছৰৰ পৰাই বিশ্বৰ বিভিন্ন প্রান্তৰ পর্যটকক আকর্ষণ কৰি আহিছে৷ প্রচলিত লোককথা অনুসৰি এইখন গাঁৱত ৫০০ বছৰ পূর্বে প্রায় ১৫০০ লোকে বসবাস কৰিছিল৷ কিন্তু বিস্ময়কৰভাৱে এৰাতি গাঁওখনৰ সকলো গাঁওবাসী অন্তর্ধান হৈ পৰে৷

প্রচলিত কিংবদন্তি অনুসৰি ৫০০ বছৰ পূর্বে ৰাজস্থানৰ সেই সময়ৰ ৰজাজনে গাঁওখনৰ মুখিয়ালৰ কন্যাক দেখি মুগ্ধ হৈ পৰি কন্যাগৰাকীক বিয়া কৰাবলৈ মনস্থ কৰে৷ ৰজাজনে হেনো মুখিয়ালজনক বিবাহৰ বাবে এক সময়সীমা বান্ধি দিয়ে৷ সেই নির্দিষ্ট সময়ৰ ভিতৰত বিবাহ নহ’লে বলপূর্বকভাৱে কন্যাগৰাকীক লৈ যোৱাৰ ভাবুকি প্রদান কৰে৷ মুখিয়ালজনৰ সমস্যাৰ কথা বুজিব পাৰি গাঁওখনৰ বুঢ়া–মেথাসকলে এৰাতি গোপনে গাঁওখন পৰিত্যাগ কৰাৰ কথা চিন্তা কৰে৷

মূলতঃ সন্মান আৰু জীৱন ৰক্ষাৰ বাবেই গাঁওবাসীয়ে সেই সিদ্ধান্ত গ্রহণ কৰিছিল৷ পিছে পৰৱর্তী সময়ত গাঁওখন শাপগ্রস্ত বুলি জনাজাত হৈ পৰে আৰু কোনো লোকে কাহানিও কুলধাৰাত বসতি স্থাপন কৰিবলৈ সাহস নকৰাত বর্তমানলৈ ই পৰিত্যক্ত অৱস্থাত আছে৷ পিছে কুলধাৰাৰ এই ৰহস্যময় কাহিনীৰ সত্যতা কিমান, সেই সন্দর্ভত বিগত বহু বছৰৰ পৰা ইতিহাসবিদ আৰু নৃতত্ত্ববিদসকলে গৱেষণা চলাই আছে৷

You might also like