নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সামাজিক মাধ্যমৰ সৈতে জড়িত কিছুমান আচৰিত তথ্য

বর্তমান সময়ত সামাজিক মাধ্যম বা ছ’চিয়েল মিডিয়া এনে এটা অংগ, যাৰ অবিহনে আমাৰ দৈনন্দিন জীৱন প্রায় অচল৷ মানুহৰ হাতলৈ ম’বাইল ফোনটো অহাৰ পৰা এই সামাজিক মাধ্যমসমূহ জনপ্রিয় হৈ পৰে৷ ইণ্টাৰনেটৰ পৃথিৱীত বিচাৰিলেই অনেক সামাজিক মাধ্যম থকা দেখা যায়৷ তাৰ ভিতৰত ফেচবুক, টুইটাৰ, হোৱাট্ছএপ, ইনষ্টাগ্রাম আদি অধিক জনপ্রিয়৷ বর্তমানে এইকেইটা মাধ্যম আমাৰ জীৱনৰ এক অংগ হৈ পৰিছে৷ এই সামাজিক মাধ্যমসমূহত দৈনন্দিন কোটি কোটি লোক অনলাইন থাকে৷ আহকচোন, এই সামাজিক মাধ্যমসমূহৰ সৈতে জডিত কিছু কথা জনাৰ প্রয়াস কৰোঁ৷

ক) আমি পূর্বেই উল্লেখ কৰিছোঁ বর্তমান সময়ত সমাজৰ প্রায়সংখ্যক লোক সামাজিক মাধ্যমৰ সৈতে জডিত৷ পিছে সমগ্র বিশ্বৰে কিমান লোক সামাজিক মাধ্যমৰ সৈতে জডিত আপুনি জানেনে? এৰা, গোটেই পৃথিৱীৰ প্রায় ৩.১ কোটি লোক সামাজিক মাধ্যমৰ সৈতে জডিত৷

খ) বর্তমান সময়ত জনপ্রিয় সামাজিক মাধ্যম বুলি ক’লে ফেচবুক, হোৱাট্ছএপ, ইনষ্টাগ্রাম, টুইটাৰ, ইডটিডবৰ কথাকে জনা যায়৷ আপুনি এই সামাজিক মাধ্যমত প্রতিমাহত কিমান লোক সক্রিয় হৈ থাকে জানেনে? হয়, ফেচবুকত এমাহত ২.১ কোটি লোক, টুইটাৰত ৩৩০ কোটি লোক, ইনষ্টাগ্রামত এমাহত ৮০০ কোটি লোক, হোৱাট্ছএপত ১.৩ কোটি লোক আৰু ইউটিউবত এমাহত ১.৫ কোটি লোক সক্রিয় হৈ থাকে৷

গ) সামাজিক মাধ্যমৰ ব্যৱহাৰে মানুহক ডপকাৰ সধাৰ সমানে সমানে কিন্তু অপকাৰো সাধিছে৷ তাৰ ভিতৰত বর্তমানে মানুহৰ এটি প্রধান সমস্যা টেনচন৷ এই টেনচন বৃদ্ধিৰ ক্ষেত্রত সামাজিক মাধ্যম এক গুৰুত্বপূর্ণ কাৰণ বুলি গৱেষণাত প্রকাশ পাইছে৷

ঘ) আপুনি জানেনে, আপুনি নজনা এটি সৰু কথাই ফেচবুকৰ জৰিয়তে আপোনাৰ তথ্য আনক জনাত সহায় কৰে৷ এৰা, ফেচবুক এনে এটা এপ্ছ, য’ত বহুতো মানুহ সক্রিয়৷ বহু সময়ত দেখা যায় ফেচবুক ব্যৱহাৰকাৰীসকলে একাউণ্টক লৈ ভাবুকিৰ সন্মুখীন হয়৷ পিছে সেই ফেচবুকে নিজৰ একাউণ্ট সুৰক্ষিত কৰি ৰাখিবলৈ এটা Privacy Setting দিছে, যাৰ ব্যৱহাৰ বিশ্বৰ ৩০ শতাংশ লোকেই নাজানে৷ যাৰ ফলত তেওঁলোকৰ ব্যক্তিগত তথ্য আনে জনাত সুবিধা হৈছে৷

ঙ) এক সমীক্ষাত পোৱা গৈছে যে প্রায়সংখ্যক লোক ফেচবুকত শুকুৰবাৰে অধিক সক্রিয় বা অনলাইন থাকে, কিয়নো বাকীকেইটা দিনতকৈ এই দিনটোত মানুহ তুলনামূলকভাৱে অফিচৰ কামৰ পৰা আজৰি থাকে৷

চ) ইনষ্টাগ্রামো বর্তমান সময়ত এটা অতি জনপ্রিয় সামাজিক মাধ্যম৷ পিছে আপুনি জানেনে ইনষ্টাগ্রামত শ্বেয়াৰ কৰা প্রায় ৭০ শতাংশ পোষ্ট কেতিয়াও চোৱা নহয়৷

You might also like