নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চিৰপ্ৰতিদ্বন্দী পাকিস্তানক হৰুৱাই মহিলা বিশ্বকাপত অভিযান আৰম্ভ ভাৰতৰ

নিয়মীয়া বাৰ্তা, ৬ মাৰ্চঃ মিতালী ৰাজৰ অধিনায়কত্বত ভাৰতীয় মহিলা দলে আইচিচি মহিলা বিশ্বকাপ ২০২২ত পাকিস্তানক পৰাস্ত কৰি অভিযান আৰম্ভণি কৰিছে। বেটিঙত ভাৰতৰ হৈ স্মৃতি মান্ধানা, পূজা বস্ত্ৰকাৰ আৰু স্নেহ ৰাণাই সুন্দৰ প্ৰদৰ্শন আগবঢ়ায়। প্ৰথমে বেটিং কৰি ভাৰতে নিৰ্ধাৰিত ৫০ অভাৰত ৭ উইকেটৰ বিনিময়ত ২৪৪ ৰান সংগ্ৰহ কৰে। ইফালে ভাৰতীয় দলটোৱে দ্বিতীয় ইনিংছত পাকিস্তানক ৪৩ অভাৰতে ১৩৭ ৰানত অলআউট কৰি মেচখন ১০৭ ৰানত জয় লাভ কৰে।

উল্লেখ্য যে ভাৰতে একেৰাহে ১১ তম এদিনীয়াত পাকিস্তানক পৰাস্ত কৰিছে। ভাৰতৰ বিৰুদ্ধে বিশ্বকাপত এইটো পাকিস্তানৰ চতুৰ্থ পৰাজয়।

You might also like