নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কেনে হ’ব ২০২১ত প্ৰেমৰ সম্পৰ্ক… ৰাশিফলে কি কয়?

নিয়মীয়া বাৰ্তা, ২৮ ডিচেম্বৰঃ নতুন বছৰত সকলোৰে থাকে এক আশা, অপূৰ্ণ সপোনৰ পূৰ্ণতাৰ আকাংক্ষা। জীৱনৰ এক গুৰুত্বপূৰ্ণ অংশ প্ৰেমৰ ক্ষেত্ৰত আগন্তুক বৰ্ষ কেনে হ’ব পাৰে তাক লৈও বহুতৰ থাকে কৌতূহল। আহকচোন প্ৰেমৰ ক্ষেত্ৰত ২০২১ চনটোৰ ৰাশিফলে কি কয় এবাৰ জানি লওঁ।
মেষঃ প্ৰেমৰ ক্ষেত্ৰত খুব ভাল বছৰ। প্ৰেম বা ৰোমাঞ্চক লৈ দুৰ্ভাবনা নকৰি এই সম্পৰ্কত সময় দিলে সুখৰ মুখ দেখা পাব। মে’ মাহৰ শেষৰ ফালে কিছু সমস্যা আহিলেও আগষ্টৰ পৰা সময় ভাল হ’ব প্ৰেমৰ ক্ষেত্ৰত।

বৃষঃ এই ৰাশিৰ জাতক-জাতিকাই ২০২১ চনটোত কিছু ধীৰ গতিত সময় কটাব পাৰিব। অলপ ধৈৰ্যৰ প্ৰয়োজন হ’ব সম্পৰ্কৰ সুদৃঢ়তাৰ বাবে। এপ্ৰিলৰ শেষ ভাগৰ পৰা প্ৰেম তুংগত থাকিব। সময়ে সময়ে সংগীয়ে খং-অভিমান দেখুৱাব পাৰে, তেনে অৱস্থাত ধৈৰ্য ধৰিলে ভাল ফল পাব।

মিথুনঃ প্ৰেমৰ ক্ষেত্ৰত অতি ভাগ্যৱান বছৰ। বিগত বছৰত প্ৰেমৰ ভুল-ভ্ৰান্তি এইবছৰত আঁতৰ হোৱাৰ সম্ভাৱনা আছে। প্ৰেমৰ ক্ষেত্ৰত অত্যন্ত আৱেগপূৰ্ণ ৰূপে পৰিগণিত হ’ব এই বছৰটো।

কৰ্কটঃ সংগীক দিয়া প্রতিশ্রুতিৰ প্ৰতি নজৰ দিব। নতুন বছৰটোৰ প্রেম জীৱনত কিছু অপ্রীতিকৰ মুহূর্ত আহিব পাৰে। প্রেমৰ ক্ষেত্রত নিজৰ সংগীক গুৰুত্ব নিদিয়াই ইয়াৰ কাৰণ। পৰিবাৰ বা সংগীক অলপ সময় দিয়াৰ চেষ্টা কৰা ভাল।

সিংহঃ ভাল বছৰ। এপ্ৰিলৰ পৰা জুনলৈ কিছু সংবেদনশীল সময়। যিসকল ছিংগল, তেওঁলোকে অক্টোবৰ মাহত কিছু সাৱধান হোৱা ভাল।

কন্যাঃ নতুনকৈ প্ৰেমত পৰিব পাৰে। মনৰ কথা কৈ দিয়াৰ বাবে শুভ বছৰ। প্ৰেমৰ বাবে শুভ বছৰ।

তুলাঃ ভিন ভিন ছাৰপ্ৰাইজ পাব পাৰে। প্ৰেমৰ পূৰ্ণতাপ্ৰাপ্তিৰ বছৰ। কিছু উত্থান-পতনৰো সম্ভাৱনা নথকা নহয়। কিন্তু প্ৰেমৰ ক্ষেত্ৰত সুযোগৰ বছৰ।

ধনুঃ প্ৰেমত বৃহত সাফল্য লাভ। সহজে জয় কৰিব পাৰিব সংগীক। উদাসীনতাৰ চিকাৰ নহ’বলৈ চেষ্টা কৰিব।

মকৰঃ বছৰৰ প্ৰথমৰ পৰা জুনলৈ প্ৰেম তুংগত থাকিব। এই সময়ত বিবাহৰ কথাও ভাবিব পাৰে। সম্পৰ্কক লৈ এই জাতক-জাতিকা অত্যন্ত ছিৰিয়াছ থাকিব।

কুম্ভঃ ৰোমাণ্টিক সম্পৰ্কৰ বছৰ। এপ্ৰিল, মে’, আগষ্ট, ছেপ্টেম্বৰ, ডিচেম্বৰ মাহ কুম্ভ ৰাশিৰ বাবে লাকী হ’ব।

মীনঃ প্ৰেমত প্ৰাপ্তি লাভ। সম্পৰ্কৰ বান্ধোন অতি মধুৰ হোৱাৰ বৰ্ষ। মনৰ কথা লুকাই নথৈ প্ৰকাশ কৰিলে প্ৰাপ্তিৰ সম্ভাৱনা।

বৃশ্চিকঃ সম্পৰ্কৰ ক্ষেত্ৰত আগুৱাই যাব পাৰিব। বহু কাংক্ষিত শান্তি লাভৰ লগতে বিবাহৰ ক্ষেত্ৰত শুভ বছৰ। প্ৰেমে স্থায়িত্ব লাভ কৰিব।

You might also like