নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পিট্র’ডা কাণ্ড

ভাৰতীয় অভাৰচীজ কংগ্রেছৰ অধ্যক্ষ সত্য নাৰায়ণ গংগাৰাং পিট্র’ডা ওৰফে ছেম পিট্র’ডাৰ এটা বক্তব্যই দেশৰ ৰাজনৈতিক ক্ষেত্রখনত একপ্রকাৰ ধুমুহাৰ সৃষ্টি কৰিছে৷ বিজেপিয়ে ইয়াক নির্বাচনী হাথিয়াৰ হিচাপে ব্যৱহাৰ কৰি দেশৰ সবাতোকৈ প্রাচীন ৰাজনৈতিক দলটোক ধৰাশায়ী কৰাৰ প্রয়াস কৰাৰ বিপৰীতে শ’লঠেকত পৰা কংগ্রেছে পিট্র’ডাৰ বক্তব্য দলীয় বক্তব্য অথবা স্থিতি নহয় বুলি স্পষ্টীকৰণ দিবলগীয়া হৈছে৷ কিন্তু বিজেপি পিছ হুঁহকি অহা নাই৷ বৰং অধিক সংগঠিত শক্তিৰে কংগ্রেছৰ বিৰুদ্ধে বাক্যবাণ চলাই গৈছে৷ লক্ষণীয়ভাৱে বিৰোধীৰ ওপৰত এই আক্রমণত নেতৃত্ব দিছে প্রধানমন্ত্রী তথা বিজেপিৰ জ্যেষ্ঠ নেতা নৰেন্দ্র মোদীয়ে৷ ছেম পিট্র’ডাৰ বক্তব্য জনসাধাৰণৰ সন্মুখলৈ অহাৰ দিনাই অর্থাৎ ২৪ এপ্রিলত ছত্তিশগড়ত অনুষ্ঠিত নির্বাচনী সমাৱেশ এখনত কংগ্রেছৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰি দিয়ে৷ আচলতে যুঁজখন তাৰে দুদিনমান আগেয়ে আৰম্ভ হৈছিল৷ প্রধানমন্ত্রী মোদীয়ে ৰাজস্থানত বিজেপি প্রার্থীৰ সমর্থনত আয়োজিত সমাৱেশ এখনত কংগ্রেছৰ জাতিগত জনগণনা, সম্পত্তিৰ পুনৰ বিতৰণ নীতিৰ আঁৰত থকা উদ্দেশ্যক ভয়ংকৰ বুলি প্রতিপন্ন কৰিবলৈ গৈ ক্ষমতাত অধিষ্ঠিত হ’লে দলটোৱে হিন্দুৰ সম্পত্তি মুছলমানক বিশেষকৈ অনুপ্রৱেশকাৰীৰ হাতত তুলি দিব বুলি কৈছিল৷ তেওঁ এইক্ষেত্রত ড০ মনমোহন সিঙৰ বক্তব্য এটাক উদাহৰণ হিচাপে আগবঢ়ায়৷ প্রধানমন্ত্রী হৈ থকা কালছোৱাত ড০ সিঙে দেশৰ সম্পত্তিত মুছলমানৰ অধিকাৰ প্রথম বুলি কৈছিল৷ বিজেপিয়ে সময়–সুযোগ পালে কংগ্রেছৰ বিৰুদ্ধে এই অস্ত্রপাট ব্যৱহাৰ কৰে৷ এইবাৰ দলটোৱে নির্বাচনী ইস্তাহাৰত দেশত ধনী–দৰিদ্রৰ মাজত বিদ্যমান অসমতা দূৰ কৰাৰ বাবে ধনীৰ পৰা সম্পত্তি কৰৰ ৰূপত আঁজুৰি আনি দৰিদ্রৰ মাজত বিতৰণ কৰা হ’ব বুলি উল্লেখ কৰে৷ দলটোৰ নেতা ৰাহুল গান্ধীৰ মতে, কংগ্রেছৰ এইটো ন্যায় বৈপ্লৱিক৷ ইয়াৰ বাবে দলটোৱে দেশজুৰি আর্থিক সমীক্ষা চলোৱা হ’ব বুলি প্রতিশ্রুতি দিছে৷ ইয়াৰ সৰল অর্থটো হৈছে ক্ষমতালৈ আহিলে কংগ্রেছে দেশজুৰি আর্থিক জৰীপ চলাই কাৰ হাতত কিমান সম্পত্তি আছে, সেয়া নির্ধাৰণ কৰিব আৰু তাৰে আধাৰত ধনীৰ পৰা কৰ হিচাপে সেই ধন দৰিদ্রৰ মাজত বিতৰণ কৰা হ’ব৷ ইয়াৰ বাবে কগ্রেছে দেশত জাতিগত গণনাও কৰিব৷ মানে এছটি, এছচি, দলিত, মুছলমান আদিৰ সংখ্যা দেশত কিমান আছে, কাৰ হাতত কিমান সম্পত্তি আছে সকলোবোৰ জৰীপৰ জৰিয়তে উলিয়াই লোৱা হ’ব৷ ইয়াৰ জৰিয়তে সম্পদহীনৰ মাজত সম্পদ বিতৰণ কৰা হ’ব৷ কংগ্রেছৰ আর্থিক জৰীপত দেশৰ প্রতিটো পৰিয়ালে হাতৰ, কাণৰ গহনাৰ পর্যন্ত হিচাপ চৰকাৰক দিব লাগিব৷ প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ মতে, কংগ্রেছে এইদৰে দেশৰ জনসাধাৰণৰ সম্পত্তিৰ খতিয়ান লৈ তাৰে পৰা আঁজুৰি নি মুছলমান তথা অনুপ্রৱেশকাৰীৰ হাতত তুলি দিব৷ কিয়নো অনুপ্রৱেশকাৰী মানে অবৈধ বাংলাদেশী নতুবা পাকিস্তানী আদিৰহে একো নাথাকে৷ তুষ্টিকৰণৰ ৰাজনীতিত সিদ্ধহস্ত কংগ্রেছে দুয়োখনৰ পৰা ভাৰতত অবৈধভাৱে প্রৱেশ কৰা মুছলমানক হিন্দুৰ পৰা সম্পদ কাঢ়ি নি কংগ্রেছে ভগাই দিব৷ বিজেপি তথা প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ কথাখিনি তথ্যগতভাৱে বিশ্লেষণ কৰিলেও আভাস এটা পাব পাৰি৷ ২০২০ চনত আইএছএছআৰ স্বীকৃত ইণ্ডিয়ান ইনষ্টিটিউট অৱ দলিত ষ্টাডিজৰ এটা সমীক্ষা মতে, মুছলমানৰ হাতত দেশৰ মুঠ ৮ শতাংশ সম্পদ আছে৷ বর্ণ হিন্দুৰ হাতত আছে ৪১ শতাংশ৷ তদুপৰি হিন্দু অ’বিচিৰ হাতত আছে ৩১ শতাংশ৷ সমীক্ষাটো মতে, দেশখনত বর্ণ হিন্দু, হিন্দু অ’বিচি, মুছলমান পৰিয়ালৰ সংখ্যা ক্রমে ২২.২ শতাংশ, ৩৫.৮ শতাংশ আৰু ২২.১ শতাংশ৷ ইয়াৰ পৰা স্পষ্ট হয় যে দেশত মুছলমান পৰিয়ালৰ হাতত সম্পদৰ পৰিমাণ কম আৰু কংগ্রেছে দেশখনত ধনী–দৰিদ্রৰ মাজত সমতা আনিবলৈ মূলতঃ এটা বিশেষ ধর্মীয় গোষ্ঠীকহে লক্ষ্য কৰি লৈছে৷ বিজেপিৰো ৰাজনৈতিক আক্রমণটোৰ মূল যুক্তিটো এইখিনিতে উৰি আছে৷
বিজেপিৰ ৰাজনৈতিক আক্রমণটোৱে দেশজুৰি বিতর্ক আৰু চর্চা লাভ কৰি থকাৰ সময়তে ছেম পিট্র’ডাৰ বক্তব্য ৰাজহুৱা হয়৷ বিষয়টোৰ গভীৰলৈ যোৱাৰ পূর্বে পিট্র’ডাৰ বিষয়ে দুআষাৰ উল্লেখ কৰাটো ভাল৷ ছেম পিট্র’ডা মূলতঃ গান্ধী–নেহৰু পৰিয়ালৰ উপদেষ্টা হিচাপে পৰিচিত৷ তেওঁ প্রয়াত ৰাজীৱ গান্ধীৰো উপদেষ্টা আছিল৷ ৰাহুল গান্ধীৰো অঘোষিত উপদেষ্টা হিচাপে কাম কৰি আছে৷ ভাৰতীয় জাতীয় কংগ্রেছৰ বৈদেশিক শাখা অভাৰচীজৰ অধ্যক্ষ এইগৰাকী ছেম পিট্র’ডা৷ আমেৰিকা আৰু ইউৰোপত ৰাহুল গান্ধীৰ সকলো অনুষ্ঠানৰ গুৰি ধৰোঁতাজনো পিট্র’ডা৷ কংগ্রেছৰ নীতি নির্ধাৰণত পিট্র’ডাৰ ভূমিকা সদায়েই গুৰুত্বপূর্ণ হিচাপে বিবেচিত হৈ আহিছে৷ এইবেলিৰ লোকসভা নির্বাচনত কংগ্রেছে ধনী–দৰিদ্রৰ মাজত বৈষম্য আঁতৰোৱাৰ বাবে হাতত লোৱা সম্পত্তি বিতৰণৰ নীতিটোও তেওঁৰেই মগজপ্রসূত বুলি চর্চিত হৈছে৷ ইয়াৰ মাজতে ছেম পিট্র’ডাই আমেৰিকা যুক্তৰাষ্ট্রৰ উত্তৰাধিকাৰ আইন এখনৰ প্রসংগ উত্থাপন কৰি ভাৰততো তেনে আইন এখনৰ আৱশ্যকতা অনুভৱ কৰাত বিজেপিয়ে ইয়াৰ সৈতে কংগ্রেছৰ বৈষম্য দূৰীকৰণৰ নামত তুষ্টিকৰণৰ ৰাজনীতিৰ সম্পর্ক দেখিবলৈ পায় আৰু লগে লগে কংগ্রেছৰ বিৰুদ্ধে আক্রমণাত্মক হৈ পৰে৷ প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে নিজে আক্রমণৰ নেতৃত্ব লয়৷ গৃহমন্ত্রী অমিত শ্বাহো পিছপৰি নৰ’ল৷ কংগ্রেছে দেশত আমেৰিকাৰ দৰে উত্তৰাধিকাৰ আইন এখন এইবাবেই বিচাৰিছে যে উত্তৰাধিকাৰ সূত্রে হিন্দুৰ পৰা সম্পত্তি আইনগতভাৱে আঁজুৰি আনি নির্বাচনী ইস্তাহাৰত দিয়া প্রতিশ্রুতি অনুসৰি সেইবোৰ সম্বলহীনৰ মাজত অর্থাৎ অবৈধ প্রৱেশকাৰী আৰু মুছলমানৰ মাজত বিতৰণ কৰিব৷ প্রধানমন্ত্রী মোদী তথা বিজেপি নেতৃত্বৰ মতে কংগ্রেছে এইদৰে হিন্দুৰ পৰা সম্পত্তি আঁজুৰি নি মুছলমানৰ মাজত বিতৰণ কৰি তুষ্টিকৰণৰ ৰাজনীতি কৰিব বিচাৰিছে৷ কিয়নো ছেম পিট্র’ডাই আমেৰিকা যুক্তৰাষ্ট্রৰ যি উত্তৰাধিকাৰ আইনৰ কথা কৈছে সেইখন অনুসৰি ব্যক্তি এজন মৰিলে তেওঁৰ সম্পত্তিৰ ৫৫ শতাংশ চৰকাৰে পায় আৰু বাকীখিনি উত্তৰাধিকাৰীয়ে৷ কংগ্রেছে আর্থিক সমীক্ষা চলাই সকলোৰে সম্পত্তিৰ তালিকা প্রস্তুত কৰি আমেৰিকাৰ দৰে আইন এখন প্রস্তুত কৰি হিন্দুক উত্তৰাধিকাৰৰ পৰা বঞ্চিত কৰি কৰৰ ৰূপত হস্তগত কৰি সম্বলহীন মুছলমান আৰু অনুপ্রৱেশকাৰীৰ মাজত বিতৰণ কৰি দিব৷ এতিয়া ইয়াক লৈ দেশখনৰ ৰাজনীতি হৈ পৰিছে তোলপাৰ৷ বিজেপিৰ মতে, সকলোবোৰ কংগ্রেছৰ তুষ্টিকৰণৰ ৰাজনীতিৰ ফচল৷ এটা বিশেষ ধর্মীয় গোষ্ঠীৰ ভোটৰ লালসাত দলটোৱে এইবোৰ কৰে৷ বিজেপিৰ আক্রমণত দিকবিদিক হেৰুৱাই পেলোৱা কংগ্রেছে পিট্র’ডাৰ বক্তব্য দলৰ স্থিতি অথবা বক্তব্য নহয় বুলি আত্মৰক্ষাৰ প্রয়াস চলাইছে৷ সকলো মিলি কিন্তু দেশৰ ৰাজনীতি এতিয়া তোলপাৰ৷ দ্বিতীয় পর্যায়ৰ ভোটগ্রহণৰ দুৱাৰডলিত থিয় দি কংগ্রেছৰ বাবে নিজকে তুষ্টিকৰণৰ ৰাজনীতিৰ পৃষ্ঠপোষক নহয় বুলি প্রতিপন্ন কৰাটো অলপ কঠিন হৈ পৰিছে৷ ইয়াৰ বিপৰীতে সংখ্যালঘুৰ প্রতি কংগ্রেছৰ নীতি সদায়েই একেৰকমৰ এপাট প্রধান অস্ত্র হিচাপে ব্যৱহাৰ কৰি অহা বিজেপিয়ে এইবাৰো দলটোক ধৰাশায়ী কৰিব পাৰিব বুলি আত্মবিশ্বাস এটা গঢ়ি লোৱা বুলি ধাৰণা কৰিব পাৰি৷

You might also like