নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ডিব্ৰুগড় চহৰত পুনৰ ভয়াৱহ খহনীয়া

🔹 ব্ৰহ্মপুত্ৰৰ বুকুত জাহ গল কেইবাটাও বাসগৃহ

বিশেষ বাৰ্তা, ২৬ এপ্ৰিল : ডিব্ৰুগড়ত পুনৰ আতংকৰ সৃষ্টি কৰিছে বৰলুইতৰ গৰাখহনীয়াই। হঠাৎ সৃষ্টি হোৱা ব্ৰহ্মপুত্ৰৰ প্ৰৱল গৰাখহনীয়াই ৰুদ্ৰমূৰ্তি ধাৰণ কৰাত আতংকিত হৈ পৰিছে সমগ্ৰ মোহনাঘাট অঞ্চলবাসী। ডিব্ৰুগড় চহৰৰ সমীপৱৰ্তী মোহনাঘাটত হোৱা বৰলুইতৰ প্ৰবল গৰাখহনীয়াৰ ফলত ঐতিহ্যমণ্ডিত ডিব্ৰুগড় চহৰলৈও তীব্ৰ ভাবুকি নামি আহিছে। ইফালে, ব্ৰহ্মপুত্ৰৰ খহনীয়াৰ ফলত চকুৰ সন্মুখতে জাহ গৈছে ইটোৰ পাছত সিটো বাসগৃহ। ইতিমধ্যে খহনীয়া প্ৰতিৰোধৰ বাবে স্থাপন কৰা বাহৰ স্পাৰো উটুৱাই নিলে বৰলুইতৰ প্ৰবল খহনীয়াই। কেইবাটাও ঘৰৰ সা-সামগ্রী উটি গ’ল ব্ৰহ্মপুত্ৰৰ বুকুত। এই ভয়াৱহ খহনীয়াক লৈ হাহাকাৰময় পৰিৱেশৰ সৃষ্টি কৰিছে সমগ্ৰ অঞ্চলটোত। আনহাতে, খহনীয়াৰ ফলত ডিব্ৰুগড় সুৰক্ষা বান্ধ স্পৰ্শ কৰিলে ব্ৰহ্মপুত্ৰই। জলসম্পদ বিভাগে জিঅ’বেগ আৰু পকী পাৰ্কোপাইন, বাঁহৰ পাৰ্কোপাইনৰ জৰিয়তে খহনীয়া ৰোধ কৰিবলৈ চেষ্টা কৰিছিল যদিও সকলো ফুটুকাৰ ফেনত পৰিণত হ’ল। ইতিমধ্যে সকলো খহনীয়াত জাহ গ’ল। খহনীয়া প্ৰতিৰোধৰ ক্ষেত্ৰত বিশেষ সফল হোৱা নাই জলসম্পদ বিভাগ। জলসম্পদ বিভাগৰ খহনীয়া ৰোধৰ নামত ভেঁকো-ভাওনাৰ অভিযোগ উত্থাপন কৰিছে। ইটা জপা দি জিঅ’বেগ জাপি ব্ৰহ্মপুত্ৰৰ ভয়ংকৰ খহনীয়া প্ৰতিৰোধ কৰিব বিচাৰে যদিও বিজ্ঞানসন্মতভাৱে প্ৰতিৰোধৰ ব্যৱস্থা নকৰিলে আজি পৰ্যন্ত। তাৰ বাবে ডিব্ৰুগড় চহৰবাসীয়ে বিনিদ্ৰ ৰজনী কটাব লগা হয়। ইফালে, মোহনাঘাটৰ এই স্থানতে ইতিপূৰ্বে বিগত বছৰত ভয়ংকৰ খহনীয়াৰ সৃষ্টি হৈছিল। তদুপৰি মোহনাঘাটৰ লগতে চহৰখনৰ সুৰক্ষা বান্ধৰ কাষত কয়লা ঘাট, পাঁচ আলি, মালিপট্টি, কছাৰীঘাট, তিনিকোণীয়া, মাইজান আদিত ভয়াৱহ খহনীয়াৰ সৃষ্টি হৈছিল। ইয়াৰ পাছতো বিশেষ পদক্ষেপ গ্ৰহণ কৰাত ব্যৰ্থ হোৱা বাবে বাৰিষাৰ পূৰ্বে পুনৰ আতংকৰ সৃষ্টি হৈছে ডিব্ৰুগড় চহৰত। ইফালে, এনেদৰে খহনীয়া অব্যাহত থাকিলে ঐতিহাসিক ডিব্ৰুগড় চহৰলৈ স্বাভাবিকতে প্ৰত্যাহ্বান নামি আহিব। উল্লেখযোগ্য যে মোহনাঘাটত হৈ থকা ভয়াৱহ গৰাখহনীয়াৰ বাবে বালি আৰু পলস খননত নিষেধাজ্ঞা জাৰি কৰিছে ডিব্ৰুগড় জিলা প্ৰশাসনে। বৰলুইতৰ বুকুত বালি-পলস খননত ১৪৪ ধাৰা জাৰি কৰিছে জিলা আয়ুক্ত বিক্ৰম কৈৰীয়ে। ডিব্ৰুগড় জিলা আয়ুক্তই এক নিৰ্দেশনাৰ জৰিয়তে ভাৰতীয় দণ্ডবিধি আইনৰ অধীনত ১৪৪ ধাৰা জাৰি কৰিছে। বালি-পলস খননৰ ফলত সৃষ্টি হ’ব পৰা গৰাখহনীয়াৰ বাবে ডিটিপি ডাইক আৰু আইথান ডাইকত প্ৰভাৱ পৰাৰ আশংকা প্ৰকাশ কৰিছে। আনহাতে, এই আইন উলংঘা কৰি কোনো ব্যক্তিয়ে বৰলুইতৰ বুকুৰ পৰা বালি-পলস খনন চলালে আইনী ব্যৱস্থা গ্ৰহণ কৰিব ডিব্ৰুগড় জিলা দণ্ডাধীশে।

প্ৰেৰক বিভাস দুৱৰা

You might also like