নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সাগৰৰ তলত শৰীৰচর্চা! কোন এই যুৱক? চাওক VIDEO

সাগৰৰ তলত শৰীৰচর্চা! শুনিবলৈ আচৰিত লাগিলেও এনে এটা ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। পুডুচেৰীৰ অৰবিন্দ নামৰ যুৱকজনৰৰ এনে কাৰ্য্যকলাপ দেখি সকলো এতিয়া আচৰিত হৈছে।

দৰাচলতে, এনেদৰে সমুদ্ৰৰ গভীৰতালৈ গৈ মানুহলৈ এক বাৰ্তা প্ৰেৰণ কৰাৰ চেষ্টা কৰিছে অৰবিন্দই।

দৰাচলতে, ক’ৰোনাৰ দ্বিতীয় ঢৌৱে এই মুহূৰ্তত দেশত সংহাৰী ৰূপ ধাৰণ কৰিছে। দৈনিক হাজাৰ হাজাৰ লোকৰ সংক্ৰমণৰ বাবে চাৰিওফালে আতংক বাঢ়ি আহিছে। এনে পৰিস্থিতিত দেশৰ সকলো লোকে যাতে শৰীৰচর্চা কৰে তাক উৎসাহিত কৰিবলৈয়ে উদ্যোগ লৈছে যুৱকজনে। তেওঁৰ মতে, সকলোৱে প্ৰতিদিনে কমেও ৪৫ মিনিটৰ বাবে ব্যায়াম কৰা উচিত।

চাওক সেই ভিডিঅ’-

You might also like