নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চীনা চৰ্তঃ ভিছা পাবলৈ ল’ব লাগিব চীনত নিৰ্মিত ভেকচিন

নিয়মীয়া বাৰ্তা, ১৬ মাৰ্চঃ চীনে আমেৰিকা যুক্তৰাজ্য, ভাৰত, পাকিস্তানকে ধৰি কেইবাখনো দেশৰ নাগৰিকক চীনত প্ৰৱেশ কৰাৰ ক্ষেত্ৰত থকা নিষেধাজ্ঞা শিথিল কৰিছে। কিন্তু যিকোনো দেশৰ নাগৰিকে চীন ভ্ৰমণ কৰিবলৈ হ’লে এটা চীনা চৰ্ত পূৰণ কৰিব লাগিব।

সেয়া হৈছে চীনত তৈয়াৰ কৰা কৰোনা ভেকচিন লৈহে দেশখনত প্ৰৱেশ কৰিব পাৰিব। উল্লেখ্য, চীনে যোৱা বছৰৰ মাৰ্চৰ পৰা কৰোনা ভাইৰাছৰ সংক্ৰমণ প্ৰতিহত কৰিবলৈ বিদেশী নাগৰিকৰ প্ৰৱেশ বন্ধ কৰিছিল। এতিয়া এই ৰোগ যথেষ্ট নিয়ন্ত্ৰণত থকাত চীনে এইক্ষেত্ৰত শিথিলতা আনিছে।

এইক্ষেত্ৰত বিভিন্ন দেশৰ চীনা দূতাবাসে জাননী জাৰি কৰিছে যে চীনে তৈয়াৰ কৰা ভেকচিন লোৱাসকলে ভিছাৰ বাবে আবেদন কৰিব পাৰিব। ইয়াৰ লগতে বিদেশৰ পৰা চীনলৈ যোৱাৰ ক্ষেত্ৰত এতিয়াও তিনি সপ্তাহৰ বাবে কোৱাৰেনটিনত থাকিব লাগিব।

You might also like