নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিনামূলীয়া অন্তৰ্বাস আচঁনিৰ প্ৰলোভন দুষ্টচক্ৰৰ; যৌন আতিশাৰ্যৰ বলি বহু মহিলা …

নিয়মীয়া বাৰ্তা ২৩ জানুৱাৰীঃ  বিনামূলীয়া অন্তৰ্বাস আঁচনি। এক অদ্ভুত আচঁনি। ইয়াৰ বিষয়ে আগতে কেতিয়াবা শুনিছিল নেকি? নিশ্চয় শুনা নাই। ই কোনো এক আচঁনি নহয় এক প্ৰৱঞ্চনাহে। এনে প্ৰৱঞ্চনাৰ জালত পৰি ভুক্তভোগী হৈছে  বহু যুৱতী তথা মহিলা।

গুজৰাটৰ আহমেদাবাদত এনে এক অদ্ভুত প্ৰকাৰৰ জালিয়াতি ধৰা পৰিছে। য’ত প্ৰৱঞ্চকসকলে সামাজিক মাধ্যমৰ জৰিয়তে মহিলাসকলক বিনামূলীয়া অন্তৰ্বাস দিব বুলি বিজ্ঞাপন দিছিল। মহিলাসকলক জনোৱা হৈছিল যে তেওঁলোকক বিনামূলীয়া অন্তৰ্বাস আঁচনি খন পাবলৈ হ’লে, তেওঁ এখন নগ্ন শৰীৰৰ ছবি আৰু আকাৰ প্ৰেৰণ কৰিব লাগিব। আৰু তাৰ পিছতে তেওঁ ঘৰত বহি আৰু অন্তৰ্বাস লাভ কৰিব।

বহু নাৰীক এনেদৰে প্ৰতাৰণা কৰি আহিছিল দুষ্ট চক্ৰটোৱে যদিও ৰাজহুৱা হোৱা নাছিল। কিন্তু এগৰাকী যুৱতীয়ে এই প্ৰস্তাৱ লাভ কৰাৰ পিছত আহমেদাবাদ চাইবাৰ আৰক্ষীৰ লগত যোগাযোগ কৰে। যুৱতী গৰাকীয়ে অভিযোগ কৰে যে প্ৰৱঞ্চক চক্ৰটোৱে তাইৰ গোপনীয় ফটো বিচাৰিছিল। যাৰ পৰিপেক্ষিতত তাইৰ সন্দেহ হয় আৰু আৰক্ষীৰ কাষ চাপে।

আৰক্ষীয়ে তদন্ত কৰে আৰু প্ৰৱঞ্চক সুৰজ গৱেলক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। প্ৰৱঞ্চকজনৰ বিৰোধে ৫৪ডি, ৪২০ (প্রতাৰণা), ৪০৬ আৰু ৫০০(মানহানি) গোচৰ ৰুজু কৰিছে আৰক্ষীয়ে। আৰক্ষীৰ জেৰাত প্ৰৱঞ্চক সুৰজে স্বীকাৰ কৰিছে নিজৰ অনৈতিক কাৰ্যৰ কথা।

sourceঃ news18 bangla

You might also like