নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

উত্তৰ-পূবৰ প্ৰথমটো আই বেংক জিএমচিএইচত, সোনকালে হ’ব মুকলি

নিয়মীয়া বাৰ্তা, ৪ ডিচেম্বৰঃ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়ত স্থাপন কৰা হ’ল আই বেংক। ইয়াৰ লগে লগে আই বেংকটো উত্তৰ-পূৰ্বাঞ্চলত প্ৰথম আই বেংক ৰূপে স্বীকৃত হ’ল। অতি সোনকালে স্বাস্থ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আই বেংকটো মুকলি কৰিব বুলি জানিব পৰা গৈছে। গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালে ইতিমধ্যে এইক্ষেত্ৰত এটা সহায়ক শাখা মুকলি কৰিছে।

সহায়ক শাখাৰ লগত যোগাযোগৰ বাবে ৮৮২২৩৮০৭৬৩ বা ৮৮২২৩৭৭১৯৯ নম্বৰো মুকলি কৰিছে চিকিৎসালয়খনে। এই সন্দৰ্ভত এগৰাকী চিকিৎসা বিষয়াই কয়- উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথমটো আইবেংক স্থাপন কৰি জিএমচিএইচে এক গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে। মৃত্যুৰ পৰৱৰ্তী ৬ ঘণ্টাৰ ভিতৰত চকু দান কৰি কোনো এগৰাকী দাতাই দুগৰাকী অন্ধ লোকক পৃথিৱীখন দেখুৱাই মহত্ত্ব অৰ্জন কৰিব পাৰিব।

You might also like