নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আপোনাৰ হাত বা ভৰি হঠাতে জিনজিনাই নেকি? মাৰাত্মক ৰোগৰ লক্ষণ হ’ব পাৰে…

নিয়মীয়া বাৰ্তা ২৪ ফেব্ৰুৱাৰীঃ আপোনাৰ হঠাতে হাত আৰু ভৰি জিনজিনাই থাকে নেকি? ধৰি লওক আপুনি কিছু সময়ৰ বাবে ক’ৰবাত বহি আছে, তাৰ পিছত হঠাতে আপোনাৰ ভৰি জিনজিনাই থাকে নেকি বা আপোনাৰ হাতখন? এনে হ’লে আপোনাৰ  কঠিন ৰোগ হ’ব পাৰে! গতিকে আপুনি চিকিৎসকৰ ওচৰলৈ যোৱাটো নিতান্তই প্ৰয়োজনীয়।

এনেধৰণৰ লক্ষণ দেখা দিলে থাইৰইড, ডায়েবেটিচ বা ষ্ট্ৰোক হোৱাৰ সম্ভাৱনা থাকে।

বিশেষজ্ঞসকলৰ মতে, যদি স্নায়ুত কোনো কাৰণত চাপ দিয়া হয়, শৰীৰৰ সেই অংশই কোনো ধৰণৰ কাম নকৰে। চিকিৎসকৰ মতে, শাৰীৰিক দুৰ্বলতা বা যিকোনো প্ৰকাৰৰ সংক্ৰমণৰ প্ৰভাৱ হ’লে এনে হ’ব পাৰে।

যদি আমাৰ শৰীৰত ৰক্ত সঞ্চালন সঠিক নহয়, তেতিয়া আমাৰ সিৰাবোৰত প্ৰভাৱিত কৰে, সেয়েহে অক্সিজেন আমাৰ শৰীৰৰ বিভিন্ন অংশত সঠিকভাৱে গৈ নাপায়, যাৰ বাবে আমাৰ শৰীৰৰ সেই অংশটো অৱশ হৈ যায় অথবা জিনজিনাই।

স্নায়ুৰোগ বিশেষজ্ঞৰ মতে, এইটো নিউৰোলজীৰ ফলত হ’ব পাৰে। শৰীৰৰ যিকোনো অংশত ৰোগটো হ’ব পাৰে। বিশেষকৈ সংক্ৰমণৰ বাবে। গতিকে যেতিয়া আপোনাৰ এনেধৰণৰ সমস্যা হয়, শীঘ্ৰেই চিকিৎসকৰ ওচৰলৈ যাওক।

You might also like