নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কাৰাগাৰত গেং ৱাৰঃ ৬২ কাৰাবন্দী নিহত

নিয়মীয়া খবৰ, ২৪ ফেব্ৰুৱাৰীঃ কাৰাগাৰত সংঘটিত গেং ৱাৰত শোকাৱহ ঘটনা ঘটাৰ খবৰ এটাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। কালি ইকুৱেডৰৰ ৩খন কাৰাগাৰত হোৱা এই দাংগাত কমেও ৬২গৰাকী কাৰাবন্দী নিহত হোৱাৰ লগতে আহত হৈছে কেইবাগৰাকী। কাৰাগাৰ কৰ্তৃপক্ষই জনোৱা মতে, কাৰাগাৰত সক্ৰিয় হৈ থকা প্ৰতিদ্বন্দ্বী গোটৰ মাজত এই সংঘাত লাগে।

তিনিখন কাৰাগাৰৰ এখন বন্দৰ নগৰ গুয়াইকিলত অৱস্থিত। তাত ২১ জন কাৰাবন্দীৰ মৃত্যু হোৱাৰ লগতে কুয়েনচাস্থিত কাৰাগাৰত আন ৩৩ জনৰ মৃত্যু হয়। ইয়াৰ লগতে আন আঠজন কাৰাবন্দীৰ মৃত্যু হয় লাতাকাংগুৰস্থিত কাৰাগাৰত।

দেশখনৰ বাসিন্দাৰ অভিযোগ মতে, এই কাৰাগাৰকেইখন একপ্ৰকাৰ বজাৰৰ দৰে আছিল। ড্ৰাগছৰ লগতে আন পণ্যও ইয়াত উচ্চ দৰত কিনা-বেচা চলে। আনহাতে প্ৰতি কাৰাবন্দীৰে মোবাইল ফোনো লগতে থাকে।

অপৰাধীক শাস্তি দিয়াৰ বাবে ব্যৱস্থা কৰা কাৰাগাৰকেইখন বিভিন্ন গেঙৰ আড্ডাস্থলীত ৰূপান্তৰ হোৱাৰ ফলতে কালিৰ এই ঘটনা ঘটা বুলি দেশখনৰ নাগৰিকৰ মাজত চৰ্চা হৈছে। কালিৰ ঘটনাৰ পিছত কাৰবন্দীয়ে ব্যৱহাৰ কৰা দুটা আগ্নেয়াস্ত্ৰও এখন কাৰাগাৰৰ পৰা জব্দ কৰা হৈছিল।

You might also like