নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জামুগুৰিহাটৰ দীঘলী চাপৰিত ঔদ্যোগিক উদ্যানৰ লগতে ঔদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ স্থায়ী ভৱনৰ আধাৰশিলা স্থাপন কৰিলে মুখ্যমন্ত্ৰীয়ে

নিয়মীয়া বাৰ্তা ২৪ ফেব্ৰুৱাৰীঃ  মুখ্যমন্ত্রী সর্বানন্দ সােণােৱালে মঙলবাৰে শােণিতপুৰ জিলাৰ জামুগুৰিহাটৰ দীঘলী চাপৰিত ৩১৫ বিঘা ভূমি সামৰি স্থাপন কৰিবলগীয়া ঔদ্যোগিক উদ্যানৰ আধাৰশিলা স্থাপন কৰাৰ লগতে ইয়াৰ নিৰ্মাণ কাৰ্যৰে শুভাৰম্ভণি কৰে। আনহাতে মুখ্যমন্ত্ৰীয়ে ২৫ কোটি টকা ব্যয় সাপেক্ষে চতিয়া আই টি আইৰ স্থায়ী গৃহৰাে আধাৰশিলা স্থাপন কৰে। অনুষ্ঠানত পঞ্চায়ত আৰু গ্রামােন্নয়ন বিভাগৰ অধীনস্থ অসম ৰাজ্যিক গ্রামীণ জীৱিকা অভিযানৰ উদ্যোগত শােণিতপুৰ জিলা প্রশাসন তথা শােণিতপুৰ জিলা পৰিষদৰ সহযােগত আয়ােজিত মহিলা সমাৰােহৰ লগত সংগতি ৰাখি ১৫৩ গৰাকী জীৱিকা সখীক স্কুটী প্রদান কৰাৰ লগতে জিলাখনৰ মহিলা আত্মসহায়ক গােটসমূহক ৫০ হাজাৰ টকাকৈ আর্থিক অনুদান আগবঢ়ায় মুখ্যমন্ত্ৰীয়ে। | এই উপলক্ষে আয়ােজিত সভাত ভাষণ প্রদান কৰি মুখ্যমন্ত্রী সােণােৱালে কয় যে আমাৰ সমাজখনে যুগে যুগে নাৰী শক্তিক মর্যাদা প্রদান কৰি আহিছে। আমি যিখন পৃথিৱীত পদার্পণ কৰিছাে সেইখন ধৰিত্ৰী আই। স্বামী বিবেকানন্দৰ উক্তিৰ উদ্ধৃতি দি তেওঁ কয় যে যি ৰাষ্ট্ৰই নাৰীক সন্মান দিব নােৱাৰে সেই ৰাষ্ট্র মহান হ’ব নােৱাৰে। ছয় হাজাৰ বছৰীয়া মহান ভাৰতীয় সভ্যতা সংস্কৃতিৰ অন্যতম ভেটি ঋক বেদৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে য’ত নাৰীক পূজা কৰা হয় ঈশ্বৰ তাতেই বাস কৰেনাৰী শক্তি শ্রেষ্ঠ শক্তি। মুখ্যমন্ত্ৰীয়ে কয় যে বিজেপি চৰকাৰে মহিলা সৱলীকৰণৰ বাবে বিভিন্ন আঁচনি গ্ৰহণ কৰিছে। মহিলাসকলক উপার্জনক্ষম কৰি তােলা, সন্মান সহকাৰে জীয়াই থকা আৰু জীৱন বাটত আগুৱাই যােৱাৰ বাবে অসম চৰকাৰে পদক্ষেপ হাতত লৈছে। মহিলা আত্মসহায়কগােটসমূহে চৰকাৰৰ পৰা সহায় সহযােগিতা লাভ কৰাৰ বাবে নিষ্ঠাসহকাৰে কাম কৰি আহিছে। মহিলা আত্মসহায়ক গােটসমূহে নানা সামগ্রী প্রস্তুত কৰি ইয়াক বজাৰত বিক্ৰী কৰি কেইবা শ কোটি টকাৰাে অধিক ধন উপার্জন কৰিবলৈ সক্ষম হৈছে। এই কার্য মহিলা আত্মসহায়ক গােটসমূহৰ দক্ষতা আৰু যােগ্যতাৰ পৰিচয় বুলি তেওঁ কয়। মুখ্যমন্ত্ৰীয়ে মহিলা আত্মসহায়ক গােটসমূহে ইতিহাস ৰচনা কৰিলে বুলিও অভিহিত কৰে।

মুখ্যমন্ত্ৰীয়ে কয় যে অর্থনৈতিক দিশত ৰাজ্যখনক শক্তিশালী কৰাৰ বাবে মহিলা আত্মসহায়ক গােটসমূহে গুৰুত্বপূর্ণ ভূমিকা গ্ৰহণ কৰিবলৈ সক্ষম হৈছে। এই সফলতাৰ যাত্ৰাই প্রধানমন্ত্রী নৰেন্দ্র মােদীৰ আত্মনিৰ্ভৰ ভাৰতৰ আহ্বানক বাস্তৱায়িত কৰাৰ দিশত সহায় কৰাৰ লগতে আত্মনিৰ্ভৰ অসম গঢ়াৰ দিশত ইতিবাচক বৰঙনি যােগাবলৈ সক্ষম হব। তেওঁ কয় যে বিভিন্ন আঁচনিৰ জৰিয়তে অসমৰ প্ৰতিটো পৰিয়ালকে শক্তিশালীভাৱে জীয়াই ৰাখিবলৈ এক শক্তিশালী গণতান্ত্রিক বাতাৱৰণৰ সূচনা কৰা হৈছে। আমি আত্মবিশ্বাসেৰে আত্মনিৰ্ভৰশীল হ’ব লাগিব বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে আত্মবিশ্বাস গঢ়ি তুলিবলৈ হ’লে সততা, নিষ্ঠাৰে পৰিশ্ৰম কৰিব লাগিব। ভাৰতীয় জনতা পার্টিৰ চৰকাৰখনে দায়িত্বভাৰ লােৱাৰ দিনৰে পৰা প্ৰতিটো জাতি-জনগােষ্ঠীক মর্যাদা দিছে। কংগ্ৰেছ চৰকাৰৰ দিনত ভাষা, গােষ্ঠী, ধৰ্মৰ নামত নানাধৰণৰ কুচক্রান্ত ৰচনা কৰি ভাই ভাইৰ মাজত সংঘাতৰ সৃষ্টি কৰিছিল। ফলত নিৰীহ লােকে অকালতে মৃত্যুক সাৱটি লবলগীয়া হৈছিল। বর্তমানৰ চৰকাৰে অশান্তিৰ বাতাৱৰণ নাইকীয়া কৰি ৰাজ্যখনৰ চৌপাশে শান্তিপূর্ণ পৰিৱেশ ৰচনা কৰিছে। ভাৰতীয় জনতা পার্টিয়ে সমন্বয়ত বিশ্বাস কৰে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে অশান্তিৰ সমাজক লৈ পৃথিৱীয়ে সপােন ৰচনা কৰিব নােৱাৰে। অন্যান্য দলবােৰে এতিয়া ভয় খাইছে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে কংগ্ৰেছৰ ৫৫ বছৰীয়া শাসন কালত মানুহৰ প্রতি শ্রদ্ধাশীল হৈ ৰাজ্যখনক শক্তিশালীকৰাৰ যাত্ৰাত আত্মনিয়ােগ কৰিব নােৱাৰিলে। ৰাষ্ট্র নির্মাণ কার্যত সম্পূৰ্ণৰূপে বিফল হ’ল। ভাৰতীয় জনতা পার্টিৰ চাৰে চাৰি বছৰীয়া শাসন কালত। জনসাধাৰণৰ প্রতি সদিচ্ছা থকাৰ বাবে বহু কাম কৰিবলৈ সমৰ্থ হ’ল। ভাল মন লৈ ভাল চিন্তা কৰি ভাল কাম কৰিলে সমাজ সদায় সংগঠিত হয়। মনৰ মাজৰ পৰা উদয় হােৱা ইতিবাচক চিন্তাবােৰে শান্তিময় পৰিৱেশৰ সূচনা কৰিব পাৰে সেই কথাত গুৰুত্ব আৰােপ কৰিব লাগিব বুলিও মুখ্যমন্ত্ৰীয়ে কয়।

কংগ্ৰেছ চৰকাৰে ৭০ বছৰে ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰটো সম্পূৰ্ণৰূপে অন্ধকাৰত ৰাখিছিল বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে প্রধানমন্ত্রী নৰেন্দ্ৰ মােদীৰ সহযােগিতাৰ বাবে বৰ্তমানৰ ৰাজ্য চৰকাৰৰ চাৰে চাৰি বছৰীয়া শাসন কালত জোনাইত তেজপুৰ বিশ্ববিদ্যালয়ৰ এটা কেম্পাছ, ধেমাজিত অভিযান্ত্রিক মহাবিদ্যালয়, গােগামুখত কৃষি গৱেষণা প্রতিষ্ঠান, লখিমপুৰত মেডিকেল কলেজ, বিহপুৰীয়াৰনাৰায়নপুৰত শ্রীশ্রীমাধৱদেৱ বিশ্ববিদ্যালয়, গহপুৰত নার্সিং কলেজ, বিহালী অভিযান্ত্রিক মহাবিদ্যালয়, বিশ্বনাথ মেডিকেল কলেজৰ লেখীয়া বহু প্রতিষ্ঠান গঢ়ি তােলা হৈছে। ইয়াৰ উপৰি যাতায়াত ব্যৱস্থা সূচল কৰা হৈছে। ভাষণ প্রসংগত মুখ্যমন্ত্ৰীয়ে বিভিন্ন শিক্ষা প্রতিষ্ঠান গঢ়ি তােলাৰ বিষয়টো উল্লেখ কৰে। তেওঁ কয় যে ইন্দিৰা আৱাস যােজনাৰ ঘৰ দিয়াৰ সময়তাে দৰিদ্ৰ পৰিয়ালৰ পৰা কংগ্ৰেছৰ এজেন্টসকলে ধন লৈছিল। বিজেপি চৰকাৰে সকলাে সময়তে স্বচ্ছ আৰু নিকা মানসিকতাৰে কাম কৰাৰ বাবে দৃষ্টান্তমূলক পৰিৱর্তনৰ ছবি জনসাধাৰণে প্রত্যক্ষ কৰিবলৈ সক্ষম হৈছে। কংগ্ৰেছ মানুহৰ মনৰ পৰা বহু দূৰত অৱস্থান কৰিবলগীয়া হৈছে। মেধাৱী ছাত্র-ছাত্রীসকলে যাতে চাকৰি লাভ কৰিব পাৰে সেইবাবে নিযুক্তি প্রক্রিয়াটো স্বচ্ছ আৰু নিকা কৰি তােলা হৈছে। সমাজসেৱা কৰিবলৈ হ’লে নিজৰ কথা নহয়, ৰাইজৰ কথাক প্রাধান্য দিব লাগিব। চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই এটা কৃষি বিপ্লৱ আৰম্ভ কৰিছেবুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে কৰ্মৰ প্রতি নতুন প্রজন্মক ধাউতিশীল কৰি তােলাৰ বাবে তেওঁ অনুপ্রাণিত কৰিছে। ভাষণ প্রসংগত মুখ্যমন্ত্ৰীয়ে চতিয়া আইটিআই আৰু ঔদ্যোগিক উদ্যানখনে নতুন প্রজন্মক আগুৱাই নিয়াৰ ক্ষেত্ৰত শক্তিশালী ভূমিকা গ্ৰহণ কৰিব বুলিও কয়।

শােণিতপুৰ জিলাৰ উপায়ুক্ত মানবেন্দ্র প্রতাপ সিঙে আদৰণী ভাষণ প্রদান কৰা  এই অনুষ্ঠানত সাংসদ পল্লৱ লােচন দাস, বিধায়ক পদ্ম হাজৰিকাও ভাষণ প্রদান কৰে।  এই সভাত বিধায়কসকল ক্রমে বৃন্দাবন গােস্বামী, প্রমােদ বৰঠাকুৰ, গণেশ লিম্বু, ৰাজ্যিক পণ্যগাৰ নিগমৰ অধ্যক্ষ দিগন্ত ঘাটোৱাৰ, ৰাজ্যিক পৰিৱহন নিগমৰ অধ্যক্ষ অশােক ভট্টৰায়, শােণিতপুৰ জিলা পৰিষদৰ সভানেত্রী ডলী সুনি, অসম ৰাজ্যিক গ্রাম্য জীৱিকা অভিযানৰ সঞ্চালিকা কৃষ্ণা বৰুৱা, নিয়ােগ আৰু কাৰিকৰী প্রশিক্ষণ সঞ্চালিকা ৰুবী শর্মা প্রমুখ্যে গণ্যমান্য ব্যক্তিসকল উপস্থিত থাকে। | ইয়াৰ আগতে মুখ্যমন্ত্রীকে কন্যকাত উপস্থিত হৈ দুগ্ধ বীজানু মুক্তকৰণ কেন্দ্র পৰিদৰ্শন কৰি ইয়াত গাখীৰৰ মূল্য সংযােজনৰ বাবে স্থাপন কৰা বিভিন্ন যন্ত্রপাতিও পৰিদৰ্শন কৰে। তেওঁ উদ্যোগী আৰু মহিলা আত্মসহায়ক গােটৰ সদস্যসকলৰ সৈতে মত-বিনিময় কৰে। মুখ্যমন্ত্ৰীয়ে আত্মনিৰ্ভৰ অসম নিৰ্মাণৰ ক্ষেত্ৰত আগবঢ়োৱা অৰিহণাৰ বাবে তেওঁলােকক ধন্যবাদ জ্ঞাপন কৰে।

You might also like