নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সপোনত সাপ দেখে নেকি জানক ইয়াৰ অৰ্থ কি…

নিয়মীয়া বাৰ্তা ৩ মাৰ্চঃ সপোন সকলোৱে দেখে। শোৱাৰ পিছত আমি যিখন জগতত প্ৰৱেশ কৰো সেইখন জগতক সপোনৰ জগত বুলি কওঁ। কিন্তু কেতিয়াবা আমি কিছুমান সপোন দেখি  তীব্ৰ অশান্তিত ভোগো। সপোনৰ অৰ্থ কি, সপোনটো শুভ নে অশুভ। কেতিয়াবা আমি এনেকুৱা সপোন দেখো শুই থকা মানুহে জাগি উঠে। ইয়াৰ ভিতৰত সাপো অন্যতম। জানক আপুনি যদি সাপৰ সপোন দেখিছে তেতিয়া ইয়াৰ অৰ্থ কি

সামুদ্ৰিক শাস্ত্ৰ মতে আমি যিবোৰ সপোন দেখো সেইবোৰ শুভ আৰু অশুভ ফলৰ সংকেত দিয়া দিয়া হয়। সামুদ্ৰিক শাস্ত্ৰ অনুসৰি যদি আপুনি সপোনত সাপ দেখে তেতিয়া আপোনাৰ ঘৰত নতুন আলহী আহিব পাৰে। লগতে আপোনৰ সন্তানৰ সুখ প্ৰাপ্তি হ’ব পাৰে। লগতে এই সপোনে আপোনাৰ ধন ঘটাৰ সুযোগ দিব পাৰে।

কেতিয়াবা সপোনাত দেখা যায় যে আপোনাক সাপে কামুৰিবলৈ খেদি আছে। সাপৰ পৰা আপুনি বাচি নাযায় আৰু সাপে আপোনাক কামোৰে। ই আপোনাৰ বাবে শুভ। ইয়াৰ অৰ্থ এইটোৱে যে আপোনাৰ সন্মান বঢ়াৰ লগতে ধনৰ প্ৰাপ্তি হ’ব পাৰে।

গতিকে সপোনত সাপ দেখিলে ভয় নাখাব। সাপ দেখাটো শুভ লক্ষণ।

You might also like