নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বোকাজানত কংগ্ৰেছ বনাম বিজেপি; কোনে মাৰিব শেষ হাঁহি

নিয়মীয়া বাৰ্তা, ৩ মাৰ্চঃ  দেশৰ আন চাৰিখন ৰাজ্যৰ লগতে অসমৰো নিৰ্বাচনী তাৰিখ ইতিমধ্যে নিৰ্বাচনী আয়োগে ঘোষণা কৰিছে।অসমত ২৮মাৰ্চ, ১ এপ্ৰিল আৰু ৬ এপ্ৰিল তিনিটা পৰ্যায়ত অনুষ্ঠিত হব আগন্তুক বিধান সভা নিৰ্বাচন। পাহাৰীয়া জিলা কাৰ্বি আংলংত দ্বিতীয় পৰ্যায়ত অৰ্থাৎ ১এপ্ৰিলত হব ভোট গ্ৰহণ।

ইতিমধ্যে জিলাখনৰ আন তিনিটা সমষ্টিৰ লগতে ১৭নং বোকাজান বিধান সভাৰ বাবেও আৰম্ভ হৈছে নিৰ্বাচনী কুচকাৱাজ। বিজেপি,কংগ্ৰেছ, এইচ.এছ.ডি.চি আৰু এ.পি.এইছ.এল.চি এই চাৰিটা দলে সমষ্টিটোত প্ৰাৰ্থীত্ব প্ৰদানৰ চিন্তা চৰ্চা কৰি আছে বুলি জানিব পৰা গৈছে।জানিব পৰা মতে এপিএইচএলচি(APHLC) দলে জন ইংতি কাথাৰক প্ৰাৰ্থীত্ব প্ৰদানৰ সম্ভাৱনা থকাৰ বিপৰীতে এএছডিচি(ASDC) দলৰ পৰা ৰাজেন্দ্ৰ ৰংপি,চিন্নত ক্ৰ আৰু হেমাৰী ৰংপি টিকট বিচাৰিছে তিনিজনে। এই তিনিজনৰ ভিতৰত প্ৰাক্তন কাৰ্বি আংলং স্বায়ত্ব পৰিষদীয় সদস্য ৰাজেন্দ্ৰ ৰংপীয়ে টিকট লাভ কৰাৰ সম্ভাৱনা অধিক।আনহাতে কংগ্ৰেছ দলৰ পৰা ইতিমধ্যে টিকট বিচাৰিছে কাৰ্বি আংলং স্বায়ত্ব পৰিষদৰ প্ৰাক্তন কাৰ্যবাহী সদস্য ৰতন ইংতি আৰু সূৰ্য্য ৰংফাৰ, প্ৰাক্তন বিধায়ক ক্লেঙডুন ইংতি আৰু প্ৰাক্তন মন্ত্ৰী খৰসিং ইংতিয়ে। এই চাৰিওজনৰ ভিতৰত বোকাজানৰ প্ৰাক্তন বিধায়ক তথা প্ৰাক্তন সাংসদ বীৰেন সিং ইংতিৰ পুত্ৰ ক্লেঙডুন ইংতিয়ে কংগ্ৰেছৰ পৰা বোকাজানৰ টিকট লাভ কৰাৰ সম্ভাৱনা অধিক

আনহাতে বিজেপি দলৰ পৰাও আগন্তুক বিধানসভা নিৰ্বাচনৰ বাবে টিকট বিচাৰিছে ক্ৰমে জগত সিং ইংতি,বচন ৰংফাৰ তথা বৰ্তমানৰ বিধায়ক ডাঃ নোমল মমিনে।বিগত  কাৰ্যকালটোত বাট পথ,শিক্ষা,চিকিৎসা, পৰ্য্যটন থলি, দলং, নামঘৰ, গীৰ্জা নির্মাণ আদি বহু আঁচনি সমষ্টিবাসীক উপহাৰ দিছে বিধায়ক ডাঃ মমিনে। সেইবাবেই দলে এইবাৰো তেওঁকে বোকাজান বিধানসভাৰ বাবে বিজেপিৰ দলীয় টিকট প্ৰদান কৰিব বুলি আশাবাদী যদিও স্বায়ত্ব পৰিষদৰ একাংশ কাৰ্যবাহী সদস্যই মমিনক টিকট প্ৰদানৰ বিৰোধিতা কৰি আহিছে বুলি জানিব পৰা গৈছে।

       কংগ্ৰেছৰ একাংশ নেতায়ে বিধায়ক ডাঃ নোমল মমিনে সমষ্টিটোত যথেষ্ট উন্নয়ন মূলক কাম কৰাৰ কথা স্বীকাৰ কৰিও আগন্তুক নিৰ্বাচনত ৰাজনীতি নজনাৰ বাবেই মমিন আগন্তুক বিধানসভা নিৰ্বাচনত পৰাজিত হ’ব বুলি কোৱাৰ বিপৰীতে বিধায়ক মমিনে কয় যে যদি দলে টিকট প্ৰদান কৰে তেন্তে আগন্তুক নিৰ্বাচনত চল্লিছ হাজাৰ ভোটৰ ব্যৱধানত তেওঁ বিজয়ী হব। মমিনে আৰু কয় যে তেওঁ ৰাজনীতি কৰিবলৈ নহয় সমষ্টিৰ বাবে উন্নয়নৰ কাম কৰিবলৈহে ৰাজনীতিলৈ আহিছে আৰু বিগত কাৰ্যকালত সেইয়া কৰাৰ চেষ্টা কৰিছে যাৰ বাবে দলে টিকট দিলে আগন্তুক বিধানসভা নিৰ্বাচনত তেওঁ বিপুল ভোটত জয় লাভ কৰিব।
You might also like