নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শিৱসাগৰত অখিল গগৈয়ে প্ৰতিদ্বন্দ্বিতা কৰাটো নিশ্চিত, মনোনয়ন পত্ৰ সংগ্ৰহ

নিয়মীয়া বাৰ্তা, ৩ মাৰ্চঃ শিৱসাগৰ বিধানসভা সমষ্টিত অখিল গগৈয়ে প্ৰতিদ্বন্দ্বিতা কৰাটো নিশ্চিত। আজি ১০৮ নং শিৱসাগৰ সমষ্টিৰ পৰা আজি অখিল গগৈয়ে মনোনয়ন পত্ৰ গ্ৰহণ কৰিছে। অখিল গগৈৰ হৈ ৰাইজৰ দলৰ সভাপতি মুনিন্দ্ৰ লাহন আৰু কাৰ্যকৰী সভাপতি অনুপ বৰপাত্ৰ অনুপ বৰপাত্ৰ গোহাঁয়ে এই মনোনয়ন গ্ৰহণ কৰে।

এই সন্দৰ্ভত সংবাদ মাধ্যমৰে হোৱা বাৰ্তালাপত ধৈৰ্য কোঁৱৰে কয়, “আজি ১০৮ নং শিৱসাগৰ সমষ্টিৰ পৰা আজি অখিল গগৈয়ে মনোনয়ন পত্ৰ গ্ৰহণ কৰিছে। মনোনয়ন পত্ৰ গ্ৰহণ কৰিছে যেতিয়া তাত কোনো দ্বিমত নাই। অখিল গগৈয়ে এই সমষ্টিটোৰ পৰা প্ৰতিদ্বন্দিতা আগবঢ়াব আৰু আগন্তুক সময়ত শিৱসাগৰ সমষ্টিয়ে এজন সংগ্ৰামী বিধায়ক লাভ কৰিব।”

ইয়াৰোপৰি ধৈয্য কোঁৱৰে অখিল গগৈয়ে বিপুল ভোটৰ ব্যৱধানত জয়ী হ’ব বুলিও মন্তব্য কৰে।

উল্লেখ্য যে নিৰ্বাচনৰ পূৰ্বে ১০৮ নং শিৱসাগৰ সমষ্টি বৰ্তমান চৰ্চিত হৈ পৰিছে। কিয়নো, শিৱসাগৰ বিধানসভা সমষ্টিত অখিল গগৈয়ে প্ৰতিদ্বন্দ্বিতা কৰাটো নিশ্চিত হোৱাৰ পাছতে শিৱসাগৰ সমষ্টিত নিৰ্বাচনী যুঁজ অধিক আকৰ্ষণীয় হৈ পৰিব বুলি ধাৰণা কৰা হৈছে।

You might also like