নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজি সৰস্বতীৰ পূজা; মুখ্যমন্ত্ৰী, বিত্তমন্ত্ৰীৰ শুভেচ্ছা

নিয়মীয়া বাৰ্তা, ১৬ ফেব্ৰুৱাৰীঃ  আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা । বাগদেৱীৰ বন্দনাৰে মুখৰ হৈ পৰিছে সমগ্ৰ ৰাজ্য । শংখ- ঘণ্টাৰ মংগলধ্বনি, আয়তীৰ উৰুলিৰে বেদীত প্ৰতিষ্ঠা কৰা দেৱীক আগবঢ়োৱা হৈছে বৈদিক পূজা৷

ইফালে সৰস্বতীৰ পূজা উপলক্ষ্যে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে টুইটযোগে লিখে, “মা সৰস্বতীয়ে আমাক জ্ঞান আৰু আশীৰ্বাদ দিয়ক লগতে সমাজৰ সকলো নেতিবাচকতা দমন কৰক।”

আনহাতে বিত্ত, স্বাস্থ্য, শিক্ষা আদি বিভাগৰ মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই মা সৰস্বতীক স্মৰণ কৰি লিখিছে, “জ্ঞানেই জীৱনৰ প্ৰকৃত আলোক ৷ বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতীয়ে সকলোৰে জীৱন এই জ্ঞান-আলোকেৰে আলোকিত কৰি তোলক, দেৱীমাৰ কৃপাদৃষ্টি সকলোৰে শিৰত বৰষি থাকক – তাকেই কামনা কৰিলোঁ ৷ শ্ৰীশ্ৰী সৰস্বতী পূজা উপলক্ষে সকলোলৈকে আন্তৰিক শুভেচ্ছা জনাইছোঁ।”

You might also like