নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

১২০ বছৰৰ পাছত মাগুৰি মটাপুং বিললৈ আহিছে ‘মেণ্ডাৰিন ডাক’

নিয়মীয়া বাৰ্তা, ১৬ ফেব্ৰুৱাৰীঃ ঐতিহাসিক ‘মাগুৰি মতাপুং বিল’, ডিব্ৰু চৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ জৈৱ সংমণ্ডল হিচাপে পৰিচিত। এই বিলখনে ইতিমধ্যে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় মঞ্চতে স্বীকৃতি লাভ কৰিছে। আন্তঃৰাষ্ট্ৰীয় পক্ষী বিল হিচাপে বোম্বে নেচ’নেল হিষ্ট্রি এণ্ড চ’চাইটিয়ে স্বীকৃতি প্রদান কৰিছে মাগুৰি মতাপুং বিলক। ২৮৫ বিধৰো অধিক প্ৰজাতিৰ দেশী-বিদেশী পক্ষীৰ বিচৰণস্থলী এই বিল। মাগুৰি মতাপুং বিললৈ অক্টোবৰৰ পৰা মাৰ্চ মাহলৈ আগমন ঘটে ভিন্ন প্ৰজাতিৰ পৰিভ্ৰমী পক্ষীৰ।

শেহতীয়াভাৱে এই বিলত দেখা গৈছে বিশেষ প্ৰজাতিৰ পৰিভ্ৰমী পক্ষী মেণ্ডাৰিন ডাক। প্ৰায় ১২০ বছৰৰ পিছত অসমৰ ভূমিত এই আপুৰুগীয়া মেণ্ডাৰিন ডাক প্ৰত্যক্ষ কৰি আনন্দিত হৈ পৰিছে পৰ্যটক।

জাপান, কোৰিয়া, ৰাছিয়া আদি দেশত সহজলভ্য এই পক্ষীবিধে এতিয়া বিচৰণ কৰিছে মাগুৰি মতাপুং বিলত।

ইপিনে এই খবৰ বিয়পি পৰাৰ লগতে ছ’চিয়েল মিডিয়াত ভাইৰেল হৈছে এই বিশেষ চৰাইবিধৰ ফটো। সকলোৱে আপুৰুগীয়া চৰাইবিধক এবাৰ ওচৰৰ পৰা চোৱাৰ বাবে অপেক্ষা কৰিছে অধীৰ আগ্ৰহেৰে।

You might also like