নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

তিৱা স্বায়ত্ত পৰিষদৰ নিৰ্বাচনঃ আমচৈত  ৭০ %  ভোট দান

নিয়মীয়া বাৰ্তা, ১৭ ডিচেম্বৰঃ আজি অনুষ্ঠিত তিৱা স্বায়ত্ত পৰিষদৰ নিৰ্বাচনত ২৫ নং চহৰী সমষ্টিত প্ৰায় ৭০% ভোট গ্ৰহণ হয় । ২৫ নং চহৰী সমষ্টিত থকা ১২ টা ভোট গ্ৰহণ  কেন্দ্ৰত ভোট দান এনেধৰণৰ  হয় – ধোৱাদলনি পূব- ৭২৫, পশ্চিম- ৬৪৮, বালিকুছি প্ৰাঃ বিঃ -৭৯১,  হাটবৰ প্ৰাঃ বিঃ- ৪৬৮, বেলতলা পূব- ৭৯০, বেলতলা পশ্চিম- ৬৯৬ , বেলতলা এম,ই,- ৫৪১, আমচৈ হাইস্কুল- ৭০৬, আমচৈ প্ৰাঃ বিঃ –  ৫৭৯, বুঢ়াৰজা গাওঁ – (ক)  ৬৩৭, (খ) ৩৫৯, (গ) ৩০৬ । মুঠ ভোটদান – ৭২৩৬ । ২৫ নং চহৰী সমষ্টিত প্ৰতিদ্বন্দিতা কৰিছিল বিজেপি দলৰ মোহন সেনাপতি, কংগ্ৰেছ দলৰ নিকুঞ্জ পাটৰ, নিৰ্দলীয় প্ৰাৰ্থী দীপেন কোৱঁৰ আৰু নিৰ্দলীয় প্ৰাৰ্থী বিজয় আগৰৱালা ।
You might also like