নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভাৰতীয়সকলে যিসমূহ ঠাই ভ্রমণ কৰিব নোৱাৰে…

আপুনি জানেনে ভাৰতৰ এনে কিছুমান ঠাই আছে, য’ত ভাৰতীয় নাগৰিকসকলক ভ্রমণ কৰিবলৈ অনুমতি দিয়া নহয়৷ দৰাচলতে ভাৰতৰ বহু ঠাইত নিৰাপত্তাজনিত কাৰণত আৰু বিতর্কিত অঞ্চল হোৱাৰ বাবেই কোনো লোককে তালৈ যাবলৈ অনুমতি দিয়া নহয়৷ আহকচোন জানো এইসমূহ ঠাইৰ বিষয়ে–

নৰ্থ চেণ্টিনেল দ্বীপ, আন্দামানঃ- নৰ্থ চেণ্টিনেল দ্বীপ হৈছে আন্দামানৰে এটা দ্বীপ। আন্দামানৰ এই ঠাইখন সাগৰৰ গভীৰতাত টেক্টনিক প্লেটৰ ঠিক মাজত অৱস্থিত। ইয়াক দূৰৰ পৰা দেখা যায়, কিন্তু সুৰক্ষাজনিত কাৰণে কোনো লোককে ইয়ালৈ যাবলৈ অনুমতি দিয়া নহয়।

পাংগং টছ’ৰ ওপৰৰ অংশ, লাডাখঃ-পাংগং টছ’ হৈছে ভাৰতৰ অন্যতম বিখ্যাত পৰ্যটন স্থল। এই অঞ্চলৰ এটা ডাঙৰ অংশ হ্ৰদেৰে আগুৰি আছে, যিটো যাত্ৰীসকলৰ বাবে দুৰ্গম। হ্ৰদটোৰ প্ৰায় ৫০ শতাংশ বিতৰ্কিত অঞ্চলত পৰে। ইয়াতেই প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাই(LAC) ভাৰতক চীন নিয়ন্ত্ৰিত অংশৰ পৰা পৃথক কৰে। যাৰবাবে আপুনি কেৱল ভাৰতৰ অংশটোহে ভ্ৰমণ কৰিব পাৰে।

বেৰেইন দ্বীপ, আন্দামানঃ- ভাৰতৰ একমাত্ৰ আগ্নেয়গিৰিটো আন্দামানৰ সাগৰৰ এক্টিভ টেক্টনিক প্লেটৰ মাজত বেৰেইন দ্বীপত অৱস্থিত। অৱশ্যে, আপুনি জাহাজ বা ক্ৰুজৰ দ্বাৰা পাৰ হৈ যাওঁতে এই দ্বীপটো চাব পাৰে। কিন্তু দ্বীপটোত অৱতৰণ কৰিবলৈ কোনো লোককে অনুমতি দিয়া নহয়।

লক্ষদ্বীপৰ কিছুমান দ্বীপঃ- লক্ষদ্বীপত প্ৰায় ৩৬ টা দ্বীপ আছে, যাৰ ভিতৰত এটা দ্বীপ ভ্ৰমণ কৰিবলৈহে অনুমতি আছে। স্থানীয় লোকসকলৰ স্বাৰ্থৰ প্ৰতি লক্ষ্য ৰাখি ইয়াত থকা বহুতো দ্বীপত পৰ্যটক নিসিদ্ধ। এই ঠাইখন ভাৰতীয় নৌসেনাৰ এটা ঘাটি বুলিও জনা যায়, যাৰ বাবে নিৰাপত্তাজনিত কাৰণত কাকো ইয়ালৈ যাবলৈ অনুমতি দিয়া নহয়।

বাৰ্ক, মুম্বাইঃ- মুম্বাইৰ উপনগৰত অৱস্থিত বাৰ্ক বা বাভা পাৰমাণৱিক গৱেষণা কেন্দ্ৰত পৰ্যটকসকলৰ প্ৰৱেশত অনুমতি দিয়া হোৱা নাই। যিহেতু ই ভাৰতৰ মুখ্য পাৰমাণৱিক গৱেষণা কেন্দ্ৰ, সেইবাবে নিৰাপত্তাজনিত কাৰণত ইয়ালৈ কোনো পৰ্যটক যাব নোৱাৰে। কেৱল গৱেষক বা শিক্ষাৰ্থীসকলেহে চৰকাৰী অনুমতিৰ পিছত ইয়ালৈ যাব পাৰে।

You might also like