নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কমলপুৰত দুই পক্ষৰ মাজত ভূমি বিবাদঃ চোকা অস্ত্ৰৰে আক্ৰমণ-প্ৰতাক্ৰমণ: ৩গৰাকী আহত

নিয়মীয়া বাৰ্তা, ২২ অক্টোবৰঃ কামৰূপ জিলাৰ কমলপুৰ আৰক্ষী থানাৰ অন্তৰ্গত কুসুমপুৰত ভূমি বিবাদক লৈ দুটা পক্ষৰ মাজত চোকা অস্ত্ৰৰে আক্ৰমণ প্ৰতাক্ৰমণত ৩ গৰাকী লোক গুৰুতৰ ভাবে আঘাতপ্ৰাপ্ত হোৱা ঘটনাই বৃহত্তৰ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

প্ৰাপ্ত তথ্য অনুসৰি কমলপুৰ আৰক্ষীৰ থানাৰ অন্তৰ্গত কুসুমপুৰ গাঁৱৰ প্ৰাণেশ্বৰ শৰ্মাৰ পুত্ৰ বিজিত শৰ্মা আৰু একে গাঁৱৰে কমলা শৰ্মাৰ দুই পুত্ৰ ক্ৰমে সুনিল শৰ্মা আৰু ধ্ৰুৱ শৰ্মাৰ মাজত মাটিৰ সীমাক লৈ চোকা অস্ত্ৰৰে আক্ৰমণ প্ৰতাক্ৰমণ সংঘটিত হয়। পুৰ্বৰ পৰা চলি থকা ভূমিকেন্দ্ৰীক বিবাদে আজি চৰম সীমা অতিক্ৰম কৰে । আজি আবেলি চাৰি মান বজাত দুই পক্ষৰ মাজত প্ৰথমে কথাৰ কটাকটি হয় আৰু পিচলৈ দুয়ো পক্ষৰ মাজত চোকা অস্ত্ৰৰে আক্ৰমণ প্ৰতাক্ৰমণ হয় । ফলত সুনিল শৰ্মাৰ মুৰত আঘাত পোৱাৰ লগতে ধ্ৰুৱ শৰ্মা আৰু বিজিত শৰ্মাই হাতত গুৰুতৰভাবে আঘাতপ্ৰাপ্ত হয়।

ঘটনা সংঘটিত হোৱাৰ পাছত উভয় পক্ষই কমলপুৰ আৰক্ষী থানাৰ হাজিৰ হয়। কমলপুৰ আৰক্ষীয়ে আঘাতপ্ৰাপ্ত লোক কেইজনৰ স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি ততাতৈয়াকৈ কমলপুৰস্হিত মহাত্মা গান্ধী অসামৰিক চিকিৎসালয় ভৰ্তি কৰে।

You might also like