নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসমত অসম কায়দাহে চলিব, আল–কায়দাগিৰি নচলিবঃ বিধায়ক পদ্ম হাজৰিকা

নিয়মীয়া বাৰ্তা, ২২ অক্টোবৰঃ চুবুৰীয়া ৰাষ্ট্র বাংলাদেশত হিন্দু ধর্মাৱলম্বী লোকৰ ওপৰত চলা অমানুষিক অত্যাচাৰ আৰু নির্যাতনৰ ঘটনাত তীব্র প্রতিক্রিয়া প্রকাশ কৰিছে চতিয়াৰ বিধায়ক পদ্ম হাজৰিকাই৷ বাংলাদেশত হিন্দুৰ ওপৰত চলা অত্যাচাৰ তথা নির্যাতনৰ ঘটনাৰ বাবে সমগ্র বিশ্বই বাংলাদেশক ঘৃণা কৰা উচিত বুলি উল্লেখ কৰি চতিয়াৰ বিধায়কগৰাকীয়ে এখন সভ্য সমাজ তথা দেশত এনেধৰণৰ ঘটনা কেতিয়াও কাম্য নহয় বুলি উল্লেখ কৰি বাংলাদেশৰ ঘটনাৰ পাছত ভাৰতত বা অসমত সন্ত্রাসবাদী সংগঠন ‘আল–কায়দাৰ’ যিবোৰ কথা–বতৰা ওলাইছে তাৰ তীব্র বিৰোধিতা কৰি অসমত ‘অসম কায়দাহে চলিব, আল–কায়দাগিৰি কেতিয়াও চলিবলৈ দিয়া নহ’ব’ বুলি স্পষ্ট কৰি দিয়ে৷ চতিয়া সমষ্টিৰ জামুগুৰিহাটৰ উত্তৰ চিলাবন্ধা গাঁও পঞ্চায়তৰ এটা আটকধুনীয়া কার্যালয় উদ্বোধন কৰি এখন সভাত অংশ লৈ বিধায়কগৰাকীয়ে চতিয়া সমষ্টিৰ জীয়াভৰলী নদীৰ গৰাখহনীয়া প্রতিৰোধৰ বাবে অহা এমাহৰ ভিতৰত জীয়াভৰলী নদীৰ খনন প্রক্রিয়া আৰম্ভ কৰা হ’ব বুলিও ব্যক্ত কৰে৷ সভাখনত উত্তৰ চিলাবন্ধা গাঁও পঞ্চায়তৰ সভাপতি জয়ন্ত বৰা, বৰভগীয়া জিলা পৰিষদৰ সদস্যা পলি চুতিয়া বৰা, মূঢ়াদল জিলা পৰিষদৰ সদস্য কিশোৰ দাহাল, নাগশংকৰ জিলা পৰিষদৰ সদস্য হিতেশ বৰুৱা, নদুৱাৰ আঞ্চলিক পঞ্চায়তৰ সভাপতি অজিত পায়েং, চতিয়া আঞ্চলিক পঞ্চায়তৰ সভাপতি লক্ষীকান্ত বৰা, ভাৰতীয় জনতা পার্টীৰ চাৰিদুৱাৰ মণ্ডল সভাপতি অৰুণ ভূঞা, বিশ্বনাথ জিলা বিজেপিৰ প্রাক্তন সভাপতি পৰেশ বৰকাকতি, মহিলা মর্চা, যুৱ মর্চা, কিষাণ মর্চাৰ সভাপতি–সম্পাদকস উপস্থিত আছিল৷

You might also like