নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

২০২১ চনৰ শুভ দিন! এইকেইটা দিনত কৰি লওক নিজৰ শুভ কাম…

নিয়মীয়া বাৰ্তা ৫ ডিচেম্বৰঃ  ২০২০ চন গোটেই বিশ্বৰ বাবে এটা অভিশাপৰ বছৰ। মহামাৰী কৰোনাৰ বাবে বিশ্বৰ প্ৰায় সকলো দেশতেই লকডাউন চলিল। এতিয়া ২০২০ বৰ্ষটো বিদায় সমাগত। নতুনক আদৰিবলৈ সাজু হৈছে সকলো। জ্যোতিষ শাস্ত্ৰৰ মতে আগন্তুক বৰ্ষত সফলতা লাভ কৰিবলৈ কিছুমান বিশেষ তাৰিখ বাছনি কৰি উলিয়াইছে। যদি কোনাবাই গৃহ প্ৰৱেশ, ব্য়ৱসায়, নতুন চাকৰি অথবা সম্পত্তি ক্ৰয় কৰাৰ কথা ভাবিছে তেতিয়া হলে নতুন বছৰত কেইবাটাও ভাল তাৰিখ জ্য়োতিষী সকলে চৰ্চা কৰি আহিছে। জানো আহক তাৰিখ কেইটাঃ

জানুৱাৰীঃ ২০২১ৰ জানুৱাৰী মাহৰ ৫, ৬, ৮, ১৪,২৬, আৰু ৩০ জানুৱাৰী। যদি আপুনি দোকান অথবা ঘৰৰ লগত জড়িত যিকোনো শুভ কাম উক্ত তাৰিখত কৰিব পাৰে।

ফ্ৰেব্ৰুৱাৰীঃ ফেব্ৰুৱাৰী মাহৰ ১২,১৪, ১৬,২০,২৩,২৮ তাৰিখ কেইটা খুবেই শুভ। ঘৰৰ যিকোনো মাংগলিক কাৰ্য এই তাৰিখ কেইটাত কৰিব পাৰিব।

মাৰ্চঃ মাৰ্চ মাহৰ ৮,৯,১৪,২০,২১,২৪,২৬ তাৰিখকেইটা খুবেই শুভ। এই তাৰিখ কেইটাত আপুনি যিকোনো শুভকাৰ্য সম্পাদন কৰিব পাৰিব।

এপ্ৰিলঃ জ্য়োতিষীসকলৰ মতে ২০২১ চনটো এপ্ৰিল মাহত কেৱল তিনিটা দিনহে শুভ। ১ এপ্ৰিল, ১১ এপ্ৰিল আৰু ২০ এপ্ৰিলত নিজৰ শুভ কাম কৰিব পাৰে।

মেঃ মে মাহৰ ৬,৮,১০,১২,১৬,১৮,২০,২১,৩০ তাৰিখকেইটা খুবেই শুভ।

জুনঃ জুন মাহৰ ২, ৩,১০,১২,১৫,২১,২২,২৫,২৭ তাৰিখ কেইটা খুবেই শুভ। গাড়ী, অথবা ঘৰৰ যিকোনো সামগ্ৰী ক্ৰয় কৰিব পাৰিব।

জুলাইঃ জুলাই মাহৰ ৩,৪,১৩,২৫,২০,২২,২৫,২৬ আৰু ৩১ তাৰিখ কেইটা খুবেই শুভ।

আগষ্টঃ আগষ্ট মাহৰো ৬ , ৭, ৯,১২,১৬,২০,২৭,২৮ তাৰিখকেইটা খুবেই শুভ। এইটো মাহত যদি কিবা কৰিবলগীয়া কাম আছে তেন্ত কৰি উক্ত তাৰিখত কৰিব পাৰিব।

ছেপ্টেম্বৰঃ ছেপ্টেম্বৰ মাহৰো ২,৪,৮,১৩,১৪,১৭,১৯,২০,২২,২৫,২৬, আৰু ২৯ তাৰিখে নিজৰ যিকোনো শুভ কাম কৰিব পাৰে।

অক্টোবৰঃ অক্টোবৰৰ ১,৯,১০,১২,১৪,১৫,১৮,২১,২৩,২৫,২৬ তাৰিখ কেইটা খুবেই শুভ।

নৱেম্বৰঃনৱেম্বৰ মাহৰ ২,৮,১০,১১,১২,২০,২২,২৩,২৪,২৬ তাৰিখকেইটা খুবেই শুভ। উক্ত তাৰিখকেইটাত বিবাহৰ দৰে মাংগলিক কাৰ্য সম্পাদন কৰিব পাৰে।

ডিচেম্বৰঃ ২০২১ বৰ্ষৰ ৪,৫,১০,১৩,১৫,১৮,১৯,২২,২৫ আৰু ৩১ তাৰিখকেইটা শুভ।

 

source- aajtak 

You might also like