নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিশ্বৰ আটাইতকৈ ডাঙৰ জাহাজখন

পৃথিৱীত এনে বহু বস্তু আছে, যিয়ে চমক সৃষ্টি কৰিবলৈ সক্ষম হয়৷ কিছুমান এনে বস্তু প্রাকৃতিকভাৱে সৃষ্ট আৰু কিছুমান মানুহে সৃষ্টি কৰে৷ বিজ্ঞান আৰু প্রযুক্তিৰ দ্রুত প্রসাৰে মানুহক এনে বস্তু সৃষ্টিত যথেষ্ট অৰিহণা যোগাইছে৷ আজি তেনে এটা মানৱসৃষ্ট বস্তুৰ কথাই ক’ব বিচৰা হৈছে৷ ‘চিম্ফনিচ অৱ ছিছ’ নামৰ এখন জাহাজ, যি ৰ’য়েল কেৰিবিনৰ ২৫সংখ্যক জাহাজ৷ ২০১৭ চনৰ জুন মাহত জাহাজখন নির্মাণ কৰি উলিয়াইছিল৷ বর্তমান এই জাহাজখন বিশ্বৰ আটাইতকৈ ডাঙৰ জাহাজ হিচাপে পৰিগণিত হৈছে৷ ইয়াৰ দৈর্ঘ্য ১,১৮৮ ফুট, উচ্চতা ২৩৮ ফুট৷ জাহাজখনৰ বহন ক্ষমতা জানিলে আপুনিও আচৰিত হ’ব৷ জাহাজখনে এবাৰত ৬,৬৮০জন পর্যন্ত ব্যক্তিক কঢ়িয়াব পাৰে৷ ঘণ্টাত ইয়াৰ বেগ ৪১ কিলোমিটাৰ৷ ইয়াৰ ভাৰ বহণ ক্ষমতা ২ লাখ ২৮ হাজাৰ ৮১ গ্রছ ট’নছ৷

You might also like