নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কর্ণাটকৰ মুখ্যমন্ত্রী বি এছ য়েডিয়ুৰাপ্পাৰ পদত্যাগ পত্র দাখিল

নিয়মীয়া বাৰ্তা ২৭ জুলাইঃ কর্ণাটকৰ মুখ্যমন্ত্রী বি এছ য়েডিয়ুৰাপ্পাই সোমবাৰে পদত্যাগ কৰিছে৷ ৰাজ্যপাল থাৱাৰচান্দ গেহলটৰ হাতত আজি য়েডিয়ুৰাপ্পাই পদত্যাগ–পত্র দাখিল কৰে৷ লগে লগে ৰাজ্যপালগৰাকীয়ে মুখ্যমন্ত্রীগৰাকীৰ এই পদত্যাগ–পত্র গ্রহণ কৰা বুলি সংবাদ মাধ্যমে সদৰী কৰিছে৷ য়েডিয়ুৰাপ্পাৰ পদত্যাগৰ পিছতে কর্ণাটকৰ পৰৱর্তী মুখ্যমন্ত্রী কোন হ’ব তাক লৈ ব্যাপক চর্চা চলিছে বিজেপি শিবিৰত৷

ইতিমধ্যে কেইবাগৰাকীও নেতাৰ নাম চর্চালৈ আহিছে৷ স্মর্তব্য যে বিগত কেইবামাহো ধৰি পঞ্চমাছালি লিংগায়তসকলে ৰাজ্যখনত মুখ্যমন্ত্রীৰ পদ দাবী কৰি আহিছে৷ এই সম্প্রদায়টোৰ তৰফৰ পৰা বিজেপিত জ্যেষ্ঠ নেতা হিচাপে আছে বাছানগুডা ৰামাণগুডা পাটিল য়াটনাল, অৰবিন্দ বেল্লাড আৰু মুৰুগেছ নিৰাণি৷ এই তিনিগৰাকী নেতাৰ ভিতৰত যিকোনো এগৰাকীয়ে মুখ্যমন্ত্রীৰ পদ লাভ কৰিব বুলি ধাৰণা কৰা হৈছে৷ লক্ষণীয়ভাৱে কালি নিৰাণিয়ে নতুন দিল্লীত বিজেপিৰ শীর্ষ নেতৃত্বক লগ কৰাৰ বাবে উপস্থিত হৈছিল৷ বর্তমান ৰাজ্যখনৰ গৃহমন্ত্রীৰ দায়িত্বত থকা বাসৱৰাজ বোমাইকো সম্ভাব্য মুখ্যমন্ত্রী বুলি বিভিন্ন মহলে ধাৰণা কৰিছে৷

You might also like