নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আহাৰ গ্ৰহণৰ পাছত এনে কৰে নেকি আপুনিও? তেন্তে নকৰিব …

নিয়মীয়া বাৰ্তা ২১ ডিচেম্বৰঃ সুস্বাস্থ্যৰ বাবে সঠিকভাৱে আহাৰ গ্ৰহণ কৰাটো অতিকৈ প্ৰয়োজন। তদুপৰি গুৰু আহাৰ গ্ৰহণ কৰাৰ পাছতো কেতবোৰ নিয়ম মানি চলিলেহে বেমাৰ-আজাৰৰ পৰা হাত সাৰি থাকিব পাৰি।

সেয়ে গুৰু আহাৰৰ পাছত তলত দিয়া নিয়মসমূহ মানি চলিবলৈ চেষ্টা কৰকঃ

ধূমপান নকৰিবঃ

ধূমপান স্বাস্থ্যৰ প্ৰতি ক্ষতিকাৰক বুলি আমি সকলোৱে জানো। কিন্তু আহাৰ গ্ৰহণৰ পাছত ধূমপান কৰাটো দহগুণ বিপজ্জনক। বহুতে ভাত খোৱাৰ পাছত চিগাৰেটৰ ধোঁৱা উৰুৱাই তৃপ্তি লয়। সেই অভ্যাস ত্যাগ কৰক।

লগে লগে গা নুধুবঃ

খোৱাৰ লগে লগে গা নুধুব। খোৱাৰ পাছত কমেও আধা ঘণ্টা পাছতহে স্নান কৰিব। হজমৰ বাবে বহু শক্তিৰ প্ৰয়োজন হয়। যেতিয়া আপুনি গা ধোৱে, ঠাণ্ডা পানীৰ প্ৰভাৱত ৰক্তনলীৰ প্ৰবাহ ছাললৈ ধাৱমান হয় আৰু পাচন প্ৰক্ৰিয়াত ক্ষতি কৰে।

চাহ-কফিঃ

গুৰু আহাৰ যেনে ভাত খোৱাৰ লগে লগে চাহ-কফি নাখাব। বিশেষজ্ঞসকলৰ মতে আহাৰ গ্ৰহণৰ কমেও এঘণ্টা পাছতহে চাহ-কফি পান কৰিব লাগে।

লগে লগে নুশুবঃ

ভাত খোৱাৰ পাছতে শুবলৈ বিছনাত বাগৰি নপৰিব। ভাত খোৱাৰ পাছত আপুনি ভাল পোৱা কিছু কাম কৰক। আপুনি টিভি চাব পাৰে বা পৰিয়ালৰ সদস্যসকলৰ সৈতে বহি কথা পাতিব পাৰে। কিন্তু লগে লগে শুবলৈ নাযাব। কিয়নো আৰুনি শওৱাৰ লগে লগে বহু পাচন ৰস বিপৰীত দিশেৰে প্ৰবাহিত হয় আৰু সমগ্ৰ হজম প্ৰক্ৰিয়াত ক্ষতি কৰে।

বেল্ট ঢিলা কৰিবলগীয়া অৱস্থাঃ

আপুনি যদি আপোনাৰ পেণ্টৰ বেল্ট ঢিলা কৰিবলগীয়া হৈছে, আপুনি বুজি উঠক যে লগাতকৈ অধিক পৰিমাণৰ খাদ্য আপুনি গ্ৰহণ কৰিছে। গতিকে আপোনাৰ পেণ্টৰ বেল্ট যাতে ঢিলা কৰিবলগীয়া নহয়, তাৰ প্ৰতি মন দিয়ক।

You might also like