নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শাৰীৰিক সম্পৰ্কত লিপ্ত হ’লে পৰীক্ষাত নম্বৰ! ছাত্ৰীক প্ৰস্তাৱ দি ৰঙাঘৰত শিক্ষক

নিয়মীয়া বাৰ্তা ২১ ডিচেম্বৰঃ  শিক্ষকতা বৃত্তিটো অতিকৈ পবিত্ৰ। কিন্তু এই বৃত্তিটোক কলুষিত কৰিছে একাংশই। তেনে এটা ঘটনা শেহতীয়াকৈ পোহৰলৈ আহিছে। চৰকাৰী বিদ্যালয়ৰ শিক্ষক তেওঁ। তেওঁ ছাত্ৰীসকলক পৰীক্ষাত নম্বৰ দিবলৈ এটা অদ্ভুভ চৰ্ত আৰোপ কৰিছিল। ছাত্ৰী সকলক তেওঁৰ সৈতে শাৰীৰিক সম্পৰ্ক কৰাৰ প্ৰস্তাৱ দিছিল। যদি এনে নকৰে তেতিয়া হ’লে ফেইল কৰা হ’ব ছাত্ৰী সকলক। প্ৰথমতে ভয় কৰিছিল ছাত্ৰী সকলে। কিন্তু শিক্ষকজনৰ সকলো অশ্লীল কথা বিৱৰি কলে স্কুল পৰিদৰ্শকৰ সন্মুখত।

এটা ঘটনাটো সংঘটিত হৈছে ৰাজস্থানৰ জয়পুৰত। আৰক্ষীৰ জালত এতিয়া শিক্ষকজন। অভিযোগ মতে শিক্ষকজনে শ্ৰেণী কোঠা চলি থাকোতে ছাত্ৰীসকলক বিভিন্ন অজুহাতৰে গাত হাত দিছিল। লগতে বিভিন্ন অশ্লীল ইংগিটো প্ৰদান কৰিছিল।

৪৫ বছৰীয়া শিক্ষক জনৰ নাম প্ৰকাশ যাদৱ। আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি জেল হাজোতলৈ প্ৰেৰণ কৰিছে শিক্ষকজনক।

You might also like