নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজিৰ দিনটোৰ ৰাশিফল

মেষঃ এই ৰাশিৰ জাতক–জাতিকাৰ স্বাস্থ্য বৰ ভাল দেখা নাযায়৷ চাকৰিয়ালৰ মধ্যম৷ বিদ্যাত কষ্ট কৰিলে বিদ্যার্থীসকলে ভাল ফল পাব৷ শুভ ৰং আকাশী নীলা, সংখ্যা ২৷
বৃষঃ সমাজ কল্যাণমূলক সামাজিক কর্মত সুনাম বৃদ্ধি৷ বিদ্যাত ভাল ক’ব পৰা যায়৷ আর্থিকত বৰ ভাল দেখা যায়৷ শুভ ৰং বগা, সংখ্যা ৭৷
মিথুনঃ আপোনাৰ পাৰিবাৰিক দায়িত্ব বৃদ্ধি৷ নিবনুৱাৰ সংস্থাপনৰ যোগ বিদ্যমান৷ প্রেমত শুভ৷ ৰং গুলপীয়া, সংখ্যা ১৷
কর্কটঃ ৰাজনীতিবিদসকলৰ কাৰণে দিনটো সংকটপূর্ণ৷ চাকৰিয়ালৰ গতানুগতিক৷ ধনৰ লেনদেনত সতর্ক থকা ভাল হ’ব৷ শুভ ৰং ৰঙা৷ শুভ সংখ্যা ২৷
সিংহঃ মাতৃৰ অসুস্থতাৰ কাৰণে দিনটো বৰ ভাল নাযাব৷ বিদ্যার্থীসকলৰ বাবে ভাল৷ ব্যৱসায়ীসকলে নতুন কামত হাত দিব পাৰিব৷ শুভ ৰং ক’লা, সংখ্যা ৭৷
কন্যাঃ দিনটোত কোনো সংবাদে মন প্রফুল্ল কৰিব৷ প্রেমত মানসিক দ্বন্দ্ব থাকিব৷ নিবনুৱাৰ কর্মসংস্থাপনৰ যোগ৷ শুভ ৰং বগা৷ সংখ্যা ৮৷
তুলাঃ ব্যৱসায়ত কঠিন প্রতিযোগিতাৰ সন্মুখীন হ’ব আৰু এইক্ষেত্রত আনক বিশ্বাস নকৰি নিজৰ বুদ্ধি আৰু কৌশল প্রয়োগ কৰক৷ শুভ ৰং হালধীয়া, সংখ্যা ৬৷
বৃশ্চিকঃ সাৱধানে কর্মাদিত মন দিয়ক৷ ব্যৱসায়ত ভাল৷ প্রেমত শুভ৷ সন্তানৰ প্রতি চকু ৰাখক৷ শুভ ৰং নীলা, সংখ্যা ২৷
ধনুঃ ধর্মীয় বিশ্বাস অটুট থাকিব৷ ঠিকাদাৰী ব্যৱসায়ত ভাল নহ’ব৷ বিদ্যার্থীসকলৰ বাবে দিনটো শুভ৷ শুভ ৰং গেৰুৱা, সংখ্যা ৭৷
মকৰঃ বিদেশ ভ্রমণ শুভ দেখা যায়৷ চাকৰিয়ালৰ মধ্যম৷ বিদ্যার্থীসকলে ভবা মতে ফল নাপাব৷ আইনৰ সমস্যাৰ সমাধান হ’ব৷ শুভ ৰং সেউজীয়া, সংখ্যা ১৷
কুম্ভঃ আপোনাৰ কন্যা সন্তানৰ বিবাহৰ যোগ৷ আর্থিকত ভাল যদিও শত্রুৰ পৰা ক্ষতি হোৱাৰ সম্ভাৱনা৷ প্রেমত মধ্যম৷ শুভ ৰং বগা, সংখ্যা ৮৷
মীনঃ বিদ্যাত বাধাৰ মাজেৰে অগ্রগতি লাভ৷ দাম্পত্যত ভাল৷ কবি, সাহিত্যিকসকলৰ জনপ্রিয়তা বৃদ্ধি পাব৷ টকা–পইচাৰ লেনদেনত সাৱধান৷ বিদ্যার্র্থীসকলৰ ভাল৷ প্রেমত মধ্যম৷ শুভ ৰং হালধীয়া, সংখ্যা ২৷

You might also like