নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আৰু এখন নতুন দলঙে চুব মহাবাহুৰ দুই পাৰ

৩,০৯৪ কোটি টকাৰে ব্রহ্মপুত্রৰ ওপৰত শুৱালকুছি–আমিনগাঁও সংযোগী চাৰিলেনযুক্ত দলঙত অনুমোদন

নিয়মীয়া বাৰ্তা  ৮ অক্টোবৰঃ ৰাজ্যবাসীৰ আন এক দীর্ঘদিনীয়া সপোন পূৰণ হোৱাৰ পথত৷ ৰাজ্যৰ যোগাযোগ ব্যৱস্থাত সংযোজন হ’ল এক যুগান্তকাৰী অধ্যায়ৰ৷ শীঘ্রে ব্রহ্মপুত্রৰ ওপৰত কামৰূপ জিলাত শুৱালকুছি আৰু আমিনগাঁও সংযোগী তিনি কিলোমিটাৰ দৈর্ঘ্যৰ এখন চাৰিলেনযুক্ত দলং নির্মাণ কৰা হ’ব৷ বৃহস্পতিবাৰে এই কথা ঘোষণা কৰিছে কেন্দ্রীয় বিত্তমন্ত্রী নির্মলা সীতাৰমণে৷

গুৱাহাটীৰ শ্রীমন্ত শংকৰদেৱ আন্তর্জাতিক প্রেক্ষাগৃহত লোকসেৱা অধিকাৰ ৱেব প’র্টেল মুকলি কৰি দিয়া ভাষণত কেন্দ্রীয় বিত্তমন্ত্রীগৰাকীয়ে এই ঘোষণা কৰে৷ তেওঁ কয়– ‘অসমৰ জনসাধাৰণৰ প্রয়োজনীয়তাৰ বিষয়টো বিবেচনা কৰি কামৰূপ জিলাত ব্রহ্মপুত্রৰ ওপৰত তিনি কিলোমিটাৰ দৈর্ঘ্যৰ চাৰিলেনযুক্ত এখন দলং নির্মাণৰ বাবে অনুমোদন জনোৱা হৈছে৷ এই দলংখনে শুৱালকুছি আৰু আমিনগাঁৱৰ লগতে সম্ভৱতঃ গুৱাহাটী বিমানবন্দৰকো সংযোগ কৰিব৷ এই দলংখনৰ নির্মাণৰ বাবদ ব্যয় হ’ব ৩,০৯৪ কোটি টকা৷ ইয়াৰ ফলত গুৱাহাটী আৰু বৰপেটা, নলবাৰী, আমিনগাঁও আদি অঞ্চলৰ ভ্রমণ সময় হ্রাস কৰিব৷ এই প্রকল্পই ব্রহ্মপুত্রৰ খহনীয়া প্রতিৰোধত সহায় কৰিব আৰু ৰাজ্যৰ সামগ্রিক অর্থনৈতিক বিকাশত সহায় কৰিব৷’

একে সময়তে ৰাজ্যৰ কেইবাটাও প্রকল্প আজি পৰিদর্শন কৰি প্রকল্পসমূহৰ অগ্রগতিত সন্তুষ্টি প্রকাশ কৰি কেন্দ্রীয় বিত্তমন্ত্রীগৰাকীয়ে কয় যে আন্তঃগাঁথনিমূলক বিভিন্ন প্রকল্প আগুৱাই নিয়াৰ ক্ষেত্রত ৰাজ্য চৰকাৰে গুৰুত্বপূর্ণ পদক্ষেপ গ্রহণ কৰিছে৷ ৰাজ্যৰ উন্নয়নমূলক প্রকল্পসমূহৰ কামৰ অগ্রগতি সন্তোষজনক৷ কেন্দ্রীয় বিত্তমন্ত্রীগৰাকীয়ে সামগ্রিক বিকাশৰ বাবে ৰাজ্য চৰকাৰে লোৱা পদক্ষেপসমূহৰো শলাগ লয়৷

ইফালে কেন্দ্রীয় চৰকাৰে আন্তঃগাঁথনিমূলক প্রকল্পসমূহৰ নির্মাণৰ বাবে লোৱা বিভিন্ন পদক্ষেপৰ কথা উল্লেখ কৰি সীতাৰমণে কয়– ‘আন্তঃগাঁথনিমূলক প্রকল্পসমূহৰ ক্ষেত্রত কেন্দ্রীয় চৰকাৰে যথেষ্ট গুৰুত্ব আৰোপ কৰিছে৷ ২০২১–২০২২ বর্ষৰ বাজেটত আন্তঃগাঁথনি প্রকল্পসমূহৰ বাবে ধার্য কৰা ধনৰ পৰিমাণ বিগত বর্ষৰ তুলনাত ৩৪ শতাংশ বৃদ্ধি পাইছে৷ ৰাজহুৱা পুঁজিৰে ৰাজহুৱা আন্তঃগাঁথনি নির্মাণত সর্বাধিক গুৰুত্ব আৰোপ কৰা হৈছে৷ এইক্ষেত্রত ব্যক্তিগত খণ্ডৰ বিনিয়োগৰ বাবেও পদক্ষেপ লোৱা হৈছে৷ ইতিমধ্যে নেচনেল পাইপলাইন স্কীম আৰম্ভ কৰা হৈছে৷ অসমত বিভিন্ন উন্নয়নমূলক প্রকল্পৰ কাম যিধৰণে আগবাঢ়িছে, মাত্র কেইবছৰমানৰ ভিতৰতে ৰাইজে ৰাজ্যত এক পৰিৱর্তন দেখিবলৈ পাব৷ তেওঁ কয়– ‘যোৱা চাৰি মাহত ৰাজ্যৰ আন্তঃগাঁথনি প্রকল্পসমূহে এক নতুন গতি লাভ কৰিছে৷ যিধৰণে অসম চৰকাৰে বিভিন্ন প্রকল্পৰ পৰিকল্পনা আৰু ৰূপায়ণৰ বাবে ব্যৱস্থা গ্রহণ কৰিছে, ইয়াৰ জৰিয়তে দেশৰ আন উন্নত ৰাজ্যসমূহৰ দৰেই শীঘ্রে আগবাঢ়ি যাবলৈ সক্ষম হ’ব৷ ক’ভিড মহামাৰীৰ পাছত চৰকাৰে পুনৰুজ্জীৱিতকৰণৰ্ পেকেজৰ জৰিয়তে এক বহনক্ষম আৰু দীর্ঘম্যাদী উন্নয়নৰ পৰিকল্পনা গ্রহণ কৰিছে৷ বিকাশৰ বাবে কিদৰে উন্নয়নমূলক পদক্ষেপসমূহ গ্রহণ কৰা উচিত, তাৰ পথ দেখুৱাইছে অসম চৰকাৰে৷’

উল্লেখ্য যে শ্রীমন্ত শংকৰদেৱ আন্তর্জাতিক প্রেক্ষাগৃহত লোকসেৱা অধিকাৰ ৱেব প’র্টেলৰ লগতে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ উপস্থিতিত কেন্দ্রীয় বিত্তমন্ত্রীগৰাকীয়ে আবকাৰী আৰু কৰ প’র্টেলো মুকলি কৰে৷ এই অনুষ্ঠানত অংশগ্রহণ কৰি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই কয় যে প্রশাসনত দ্রুত, কার্যকৰী আৰু সুস্থিৰ সংস্কাৰ আনিবলৈ বিভিন্ন পদক্ষেপ গ্রহণ কৰা হৈছে৷ এই প’র্টেল মুকলিৰ জৰিয়তে নাগৰিকৰ ওচৰলৈ প্রশাসনক লৈ যোৱাৰ ক্ষেত্রত এক বৃহৎ পদক্ষেপ বুলি উল্লেখ কৰি মুখ্যমন্ত্রীগৰাকীয়ে কয়– ‘২০১২ চনতে ৰাজহুৱা সেৱা অধিকাৰ আইন আমি প্রৱর্তন কৰিছিলোঁ৷ কিন্তু বিভিন্ন অসুবিধাৰ বাবে এই আইন সঠিকভাৱে বলৱৎ কৰিবলৈ সক্ষম হোৱা নাছিলোঁ৷ চৰকাৰী কার্যালয়লৈ নহাকৈয়ে যাতে ৰাইজে সকলো সেৱা ঘৰতে লাভ কৰে, তাৰ বাবে এই আইন বলৱৎ কৰা হৈছিল৷

বিগত চাৰি মাহত প্রযুক্তিৰ সহায়ত চৰকাৰৰ সেৱাসমূহ ৰাইজৰ ঘৰতে উপলব্ধ কৰিবলৈ বিচৰা হৈছে৷ শেহতীয়াকৈ গাড়ীচালনাৰ লার্নাৰ লাইচেঞ্চ অনলাইনযোগে প্রদানৰ ব্যৱস্থা কৰা হৈছে৷ বিগত দুটা মাহত ৭৫ হাজাৰ লোকে পৰিবহণ বিষয়াৰ কার্যালয়লৈ নহাকৈয়ে লার্নাৰ লাইচেঞ্চ লাভ কৰিবলৈ সক্ষম হৈছে৷ তদুপৰি নিয়োগ বিনিময় কেন্দ্রত পঞ্জীয়ন প্রক্রিয়া অনলাইন কৰা হৈছে৷ প্রায় ১০ দিন পূর্বে এই নতুন সেৱা আৰম্ভ কৰা হৈছে৷ এই ১০ দিনতে প্রায় সাত হাজাৰ লোকে অনলাইনযোগে ঘৰৰ পৰাই নিয়োগ বিনিময় কেন্দ্রত নাম পঞ্জীয়ন কৰিবলৈ সক্ষম হৈছে৷ সেইদৰে ভূমি সম্পর্কীয় সকলো সমস্যা সমাধানৰ বাবে বসুন্ধৰা অভিযান গ্রহণ কৰা হৈছে৷ ৰাজহ বিষয়াৰ কার্যালয়লৈ নহাকৈয়ে ১১টাকৈ ৰাজহ সেৱা অনলাইনযোগে সমাধানৰ ব্যৱস্থা কৰা হৈছে৷ ইতিমধ্যে ভূমি সম্পর্কীয় সাত হাজাৰ আবেদন লাভ কৰা হৈছে৷’

আজিৰ দিনটো এক উল্লেখনীয় দিন বুলি অভিহিত কৰি তেওঁ কয় যে বিভিন্ন চৰকাৰী সেৱা এতিয়াৰে পৰা এটা প’র্টেলত উপলব্ধ হ’ব৷ পৰৱর্তী ছমাহৰ ভিতৰত প্রায় ৯০টা সেৱা এই প’র্টেলৰ জৰিয়তে উপলব্ধ কৰিবলৈ ৰাজ্য চৰকাৰে চেষ্টা চলাব৷ ২০২৩ চনৰ ৩১ মার্চৰ ভিতৰত ৰাজহুৱা ব্যৱস্থাৰ এক সম্পূর্ণ পৰিৱর্তন আনিবলৈ চৰকাৰে লক্ষ্য বান্ধি লৈছে বুলি উল্লেখ কৰি তেওঁ কয় যে ৰাজ্য চৰকাৰে সকলো উন্নয়নমূলক প্রকল্প সময় মতে সম্পূর্ণ কৰি অসমক উন্নত ৰাজ্যসমূহৰ শাৰীলৈ লৈ যোৱাটোৱেই তেওঁৰ লক্ষ্য৷ এইক্ষেত্রত প্রধানমন্ত্রী, গৃহমন্ত্রী, বিত্তমন্ত্রীকে ধৰি কেন্দ্রীয় চৰকাৰে সম্পূর্ণ সহায়–সহযোগিতা কৰি আহিছে বুলিও তেওঁ উল্লেখ কৰে৷ আজিৰ অনুষ্ঠানত বিত্তমন্ত্রী অজন্তা নেওগ, কৃষিমন্ত্রী অতুল বৰা, স্বাস্থ্যমন্ত্রী কেশৱ মহন্ত, মুখ্য সচিব জিষ্ণু বৰুৱাকে ধৰি উচ্চপদস্থ বিষয়াসকল উপস্থিত থাকে৷
গুৱাহাটী–উত্তৰ গুৱাহাটী সযোগী ৬ লেনযুক্ত দলঙৰ নির্মাণকার্য পৰিদর্শন
কেন্দ্রীয় বিত্তমন্ত্রী নির্মলা সীতাৰমণ আৰু মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই বৃহস্পতিবাৰে গুৱাহাটী আৰু উত্তৰ গুৱাহাটী সংযোগী ৬ লেনযুক্ত দলঙৰ নির্মাণকার্য পৰিদর্শন কৰে৷ মহানগৰীৰ সোণাৰাম উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰৰ সমীপত তেওঁলোকে নির্মাণকার্য পৰিদর্শন কৰে৷ নিউ ডেভেলপমেণ্ট বেংকৰ অর্থ সাহায্যৰে ২,৬০৮ কোটি টকা ব্যয় সাপেক্ষে এই ৮.৪ কিলোমিটাৰ দৈর্ঘ্যৰ দলংখন নির্মাণ কৰি থকা হৈছে৷ ২০১৯ চনৰ ৯ ফেব্রুৱাৰীত প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে আধাৰশিলা স্থাপন কৰা এই দলঙৰ নির্মাণকার্য ২০২৩ চনৰ আগষ্টৰ ভিতৰত সম্পূর্ণ হৈ উঠিব বুলি আশা কৰা হৈছে৷ কেন্দ্রীয় বিত্তমন্ত্রী আৰু মুখ্যমন্ত্রীয়ে দলংখনৰ নির্মাণকার্য পৰিদর্শনৰ সময়ত লোকনির্মাণ (পথ) বিভাগৰ আয়ুক্ত আৰু বিশেষ সচিব ৰাজেশ কেম্প্রাই আৰু লোকনির্মাণ বিভাগ (বহিঃসাহায্যপ্রাপ্ত প্রকল্প)ৰ মুখ্য অভিযন্তা পৱন টেৰাঙে দলংখনৰ নির্মাণ আৰু অগ্রগতি সম্পর্কত বিশদভাৱে অৱগত কৰে৷ পৰিদর্শনৰ সময়ত ৰাজ্যৰ বিত্তমন্ত্রী অজন্তা নেওগো উপস্থিত থাকে৷

You might also like