নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজিৰ দিনটোৰ ৰাশিফল

মেষঃ ঘৰুৱা উন্নতিৰ চেষ্টাত বাধা কম৷ সৰু–সুৰা বিৰোধী কথাত বেছি মন নিদিলে কর্মক্ষেত্রতো শুভ ফল৷ দাম্পত্যত শুভ৷ শুভ ৰং ক্রীম, শুভ সংখ্যা ২৷
বৃষঃ আর্থিক উন্নতিৰ ক্ষেত্রত যিকোনো চেষ্টাত কিবা নহয় কিবা বাধা অনুভৱ কৰিব৷ বাটে–পথে ফুৰোঁতে সতর্ক হওক৷ বিদ্যাত মধ্যম৷ শৰীৰৰ দুর্বলতা৷ শুভ ৰং বগা, শুভ সংখ্যা ৪৷
মিথুনঃ কর্তব্যত আপোনাৰ যোগ্যতা থাকিব৷ কোনোৱে বাস্তৱ ক্ষেত্রত খোজ পেলাই উপকৃত হ’ব৷ আর্থিক প্রাপ্তিৰ আশা৷ শুভ ৰং কমলা, শুভ সংখ্যা ৩৷
কর্কটঃ পূর্বদিনৰ তুলনাত আজি বহুলাংশে যোগাযোগ আদিত উন্নত৷ শৰীৰো ভালে যোৱাৰ কাৰক৷ অৱশ্যে আপোনাৰ হুৰমূৰীয়া স্বভাৱৰ দোষত শাৰীৰিক কিছু আহুকালৰ কাৰক৷ বিদ্যাত মধ্যম৷ ভ্রমণ৷ শুভ ৰং পাতল নীলা, শুভ সংখ্যা ৫৷
সিংহঃ কোনো আকস্মিক বাধা বা ক্লেশে লগ দিব পাৰে৷ বাকী দিশত মজলীয়া ফল৷ দাম্পত্যত নতুন চিন্তা অৱশ্যে থাকিব৷ শুভ ৰং হালধীয়া, শুভ সংখ্যা ৮৷
কন্যাঃ কর্মক্ষেত্রত আপোনাৰ ভাবমূর্তি প্রায় ঠিক থাকিব যদিও কোনো কাৰণে চিন্তাৰ কাৰণ হ’ব৷ বিদ্যাত বেয়া নহ’ব৷ ভ্রমণাদিত মধ্যম৷ শুভ ৰং গেৰুৱা, শুভ সংখ্যা ৭৷
তুলাঃ কোনোৱে প্রৱঞ্চকৰ কবলত পৰাৰ কাৰক৷ সাৱধান হ’লে ভয় কম, বিদ্যাত যত্নৰ ফল লাভ৷ সাধাৰণ শৰীৰৰ আহুকাল৷ দাম্পত্যত ভালেই৷ শুভ ৰং ক’লা, শুভ সংখ্যা ৫৷
বৃশ্চিকঃ ক্রমে দিনটো বাঢ়ি অহাৰ লগে লগে মনটো গধুৰ হ’ব পাৰে৷ হ’বলগীয়া কামত অনগ্রসৰ হোৱাৰ যোগ৷ মুঠতে কিছু অসুবিধাৰ কাৰক৷ শুভ ৰং নীলা, শুভ সংখ্যা ১১৷
ধনুঃ উন্নত দিনৰ অনুমান৷ যোগাযোগত খুব বেয়া নহ’ব৷ বিশেষকৈ অনুৰাধা নক্ষত্রৰ মানসিক শান্তি৷ বিদ্যাত বাধা কম৷ শিক্ষক–বুদ্ধিজীৱীৰ সুখ৷ শুভ ৰং ক্রীম, শুভ সংখ্যা ৯
মকৰঃ ভঙা–পতা কৰি ভাল পাব৷ পুৰণি পৰিৱেশ সলনিৰ প্রতি মন কৰিব পাৰে৷ ভ্রমণত সষ্টম হওক৷ কিন্তু কোনোৰ প্রিয় বন্ধু–বান্ধৱীৰ সংগত সুখ লাভ৷ যিসকল যোগ্যৱান সুনাম৷ শুভ ৰং বগা, শুভ সংখ্যা ৮৷
কুম্ভঃ ৰুক্ষ চিন্তা, অত্যধিক খৰচ হ’লেও আয়ত্ত থাকিব৷ পঢ়া–শুনাত মনোযোগ লাগিব৷ লোহা–লক্কৰ, ইস্পাত, কাঠ, কয়লা, ৰসায়নত লাভ৷ পদমর্যাদা লাভ৷ শুভ ৰং হালধীয়া, শুভ সংখ্যা ২৷
মীনঃ আর্থিক যোগাযোগত কিছুদিন উপকৃত তথা খৰচ৷ মতান্তৰ হ’ব লগা কথাত মন নিদিব৷ ভ্রমণত সাৱধান৷ নতুন সম্পদ ক্রয়৷ শুভ ৰং ক’লা, শুভ সংখ্যা ১৷

You might also like