নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আহিল পূজা আহিছে ভোট নাপাহৰিব ক’ভিডৰ মৰণমাৰ

শাৰদোৎসৱ–নির্বাচনৰ বতৰত সামান্য অসাৱধান হ’লেই মানৱ স্বাস্থ্যলৈ ভয়ংকৰ বিপদ

নিয়মীয়া বাৰ্তা ১১ অক্টোবৰঃ  শৰৎ মানেই উৎসৱৰ বতৰ৷ নাতিশীতোষ্ণ পৰিৱেশত প্রকৃতিৰ মনোমোহা সৌন্দর্যৰ মাজেৰে উৎসৱ উদ্যাপনৰ বতৰ এয়া৷ বিশেষকৈ শাৰদীয় দুর্গোৎসৱক লৈ ৰাজ্যত পৰিলক্ষিত হয় ব্যাপক উৎসাহ–উদ্দীপনা৷ কিন্তু ক’ভিডৰ সংক্রমণৰ বাবে বিগত বর্ষত ৰাজ্যত নাছিল উৎসাহ–উদ্দীপনা, ব্যস্ততা৷ ইয়াৰ বিপৰীতে ক’ভিড পৰিস্থিতি উন্নত হোৱাৰ প্রতি লক্ষ্য ৰাখি এইবাৰ ৰাজ্যত বিশেষ নীতি–নির্দেশনাৰ মাজেৰে দুর্গাপূজা অনুষ্ঠিত কৰিবলৈ চৰকাৰে অনুমতি প্রদান কৰিছে৷ যাৰ বাবে পুনৰ বজাৰ–সমাৰত পৰিলক্ষিত হৈছে ব্যাপক ভিৰ৷ সমান্তৰালভাৱে অতি জাকজমকীয়াকৈ নহ’লেও আয়োজন কৰিছে দুর্গাপূজাৰ৷ একে সময়তে ৰাজ্যত এতিয়া উপ–নির্বাচনৰ গৰম বতাহ৷ ৫টাকৈ সমষ্টিত অনুষ্ঠিত হ’বলগীয়া উপ–নির্বাচনৰ মনোনয়ন–পত্র দাখিল পর্ব সমাপ্তিৰ পাছতে ক্রমান্বয়ে আৰম্ভ হৈছে প্রচাৰ অভিযান৷

নির্বাচন অনুষ্ঠিত হ’বলগীয়া সমষ্টিসমূহত ভিৰ কৰিছে ৰাজনৈতিক নেতা–পালিনেতাই৷ শীঘ্রে এই সমষ্টিসমূহত অনুষ্ঠিত হ’ব বিশাল নির্বাচনী সভাৰ পৰা আৰম্ভ কৰি নির্বাচনী সমদল৷ যাৰ বাবে স্বাভাৱিকতেই প্রশ্ণ উত্থাপন হৈছে যে পূজা আহিছে অথবা নির্বাচন আহিল বুলিয়েই ৰাজ্যবাসীয়ে পাহৰিব নেকি ক’ভিডৰ মৰণমাৰ৷ বিগত সময়ছোৱাত ক’ভিডৰ ভয়াৱহ সংক্রমণৰ বাবে লাখ লাখ লোকে কর্মসংস্থাপন হেৰুওৱাৰ পৰা আৰম্ভ কৰি বহুজনে আত্মীয়–স্বজনক হেৰুওৱালৈকে এক বৃহৎ দুর্যোগৰ মাজেৰে পাৰ কৰিছে সময়৷ কিন্তু দুর্গোৎসৱ অথবা উপ–নির্বাচনৰ বাবে ক’ভিডে আমাক দি যোৱা শিক্ষা পাহৰি গ’লেই ৰাজ্যত পুনৰ যে ভয়াৱহ পৰিস্থিতিৰ উদ্ভৱ নহ’ব, সেয়া নুই কৰিব নোৱাৰি৷ বিশেষকৈ ৰাজ্যবাসীৰ সামান্য অসাৱধানতাই আগন্তুক সময়ত কঢ়িয়াই আনিব পাৰে পুনৰ ক’ভিডৰ বিভীষিকা৷ একে সময়তে ক’ভিড বিধি আৰু এছ অ’ পি সঠিকভাৱে বলৱৎ কৰাৰ লগতে দুর্গোৎসৱ আৰু উপ–নির্বাচনৰ সময়ত জনসমাগম প্রশাসনে নিয়ন্ত্রণ কৰিব নোৱাৰিলে ৰাজ্যত ক’ভিডে ভয়াৱহ ৰূপ লোৱাৰেই সম্ভাৱনা অধিক৷ কিয়নো ৰাইজৰ অসাৱধানতাৰ বাবেই ক’ভিড পৰিস্থিতি নিয়ন্ত্রণৰ বাহিৰলৈ যোৱাৰ উদাহৰণ আছে৷

চলিত বর্ষৰ এপ্রিল মাহত বিধানসভা নির্বাচনৰ পূর্বেও ৰাজ্যত নিয়ন্ত্রণলৈ আহিছিল ক’ভিড পৰিস্থিতি৷ ক’ভিড আক্রান্তৰ হাৰ যথেষ্ট পৰিমাণে হ্রাস পোৱাত বছৰটোৰ আৰম্ভণিতে শিক্ষানুষ্ঠান খোলাকে ধৰি বিভিন্ন ক্ষেত্রত যথেষ্ট শিথিলতা প্রদান কৰা হৈছিল৷ কিন্তু এই শিথিলতাৰ সুযোগ লৈ মাস্ক পৰিধান, সামাজিক দূৰত্ব মানি চলা, সময়ে সময়ে হাত ধোৱা অথবা ছেনিটাইজ কৰা আদিৰ দৰে ক’ভিড প্রতিৰোধৰ ব্যৱস্থাসমূহ পালন কৰিবলৈ পাহৰি গ’ল সাধাৰণ ৰাইজ৷ সমান্তৰালভাৱে ৰাজ্যত বিধানসভা নির্বাচনৰ নামত চলিল ব্যাপক প্রচাৰ অভিযান৷ হাজাৰ হাজাৰ লোকৰ অংশগ্রহণেৰে নির্বাচনী সভা, পদযাত্রা, বাইক ৰেলী আদি অনুষ্ঠিত হ’ল৷ সকলোতে ভংগ কৰা হ’ল ক’ভিড প্রট’কল৷ ইয়াৰ প্রতিফল ভোগ কৰিবলগীয়াও হ’ল অসমবাসীয়ে৷ বিধানসভা নির্বাচনৰ পাছতে ৰাজ্যত ক’ভিডৰ দ্বিতীয় ঢ়ৌ আৰম্ভ হ’ল আৰু আক্রান্তৰ হাৰ দ্রুতগতিত বৃদ্ধি পালে৷ আনকি প্রতিদিনে ১০ হাজাৰতকৈও অধিক লোক ক’ভিডত আক্রান্ত হ’বলৈ আৰম্ভ হ’ল৷

ক্রমান্বয়ে ক’ভিডত আক্রান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যাও বৃদ্ধি পাবলৈ আৰম্ভ কৰিলে৷ চৰকাৰী–বেচৰকাৰী হাস্পতালত নাটনি হ’বলৈ ধৰিলে অক্সিজেন সুবিধাযুক্ত বিছনা আৰু আই চি ইউৰ৷ পৰিস্থিতি নিয়ন্ত্রণৰ বাবে ৰাজ্যত আংশিক লকডাউন ঘোষণা কৰা হ’ল৷ দায়িত্ব গ্রহণ কৰি নতুন চৰকাৰে কঠোৰভাৱে ৰাজ্যত এই আংশিক লকডাউন ঘোষণা কৰে৷ দিনটোৰ অধিকাংশ সময়েই সান্ধ্য আইন বলৱৎ হৈ থকা বাবে দোকান–বজাৰ, চৰকাৰী–বেচৰকাৰী প্রতিষ্ঠান, আন্তঃজিলা যাতায়াত আদি সম্পূর্ণৰূপে বন্ধ হৈ পৰে৷ এই সময়ছোৱাত মেট্রিক আৰু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাও অনুষ্ঠিত কৰিব নোৱাৰিলে ক’ভিড পৰিস্থিতিৰ বাবেই৷ ৰাজ্য চৰকাৰে লোৱা কঠোৰে পদক্ষেপৰ বাবে লাহে লাহে ক’ভিডৰ সংক্রমণ কমি আহিবলৈ ধৰিলে আৰু পর্যায়ক্রমে হ্রাস কৰা হ’ল সান্ধ্য আইনৰ সময়৷ পৰিস্থিতি উন্নত হোৱাৰ লগে লগে ক্রমাৎ বিভিন্ন সেৱাসমূহৰ শিথিলতা অনা হ’ল৷ শেহতীয়াকৈ আন্তঃজিলা যাতায়াত, চিনেমা হল খোলাৰ অনুমতি প্রদান কৰাকে ধৰি শিক্ষানুষ্ঠানসমূহতো নিয়মীয়া পাঠদান আৰম্ভ কৰা হৈছে৷ বিগত প্রায় এমাহ ধৰি আক্রান্তৰ হাৰ ১ শতাংশৰ তললৈ নামিছে৷ এনে পৰিস্থিতিৰ প্রতি লক্ষ্য ৰাখি ৰাজ্য চৰকাৰে দুর্গোৎসৱৰ অনুমতি প্রদান কৰিছে যদিও বৃহৎ মণ্ডপ নির্মাণ, সাংস্কৃতিক কার্যসূচী আদিত নিষেধাজ্ঞা আৰোপ কৰিছে৷ ৰাজ্যৰ পূজা কমিটীসমূহেও সাধাৰণভাৱে আয়োজন কৰিছে দুর্গোৎসৱৰ৷ তৎসত্ত্বেও ৰাজ্যত পৰিলক্ষিত হৈছে দুর্গোৎসৱকেন্দ্রিক ব্যাপক উৎসা–উদ্দীপনা৷

 ষষ্ঠীৰ প্রাক্ক্ষণত  ৰাজ্যৰ বজাৰসমূহত গ্রাহকৰ যথেষ্ট ভিৰ পৰিলক্ষিত হৈছে৷ মহানগৰীৰ শ্বপিং মলসমূহৰ লগতে ফাঁচীবজাৰ, গণেশগুৰি আদিত বস্ত্র বিপণীসমূহত পছন্দৰ কাপোৰ বিচাৰি গ্রাহকৰ ভিৰ পৰিলক্ষিত হৈছে৷ এই আটাইবোৰ স্থানতে ভংগ কৰা পৰিলক্ষিত হৈছে ক’ভিড বিধি৷ বহু মানুহে পৰিধান কৰা নাই মাস্ক, বজাৰত নাই সামাজিক দূৰত্ব৷ ইপিনে ৰাজ্যৰ ৫টাকৈ বিধানসভা সমষ্টি ক্রমে গোসাঁইগাঁও, তামুলপুৰ, ভৱানীপুৰ, থাওৰা আৰু মৰিয়নিত অহা ৩০ অক্টোবৰত অনুষ্ঠিত হ’ব উপ–নির্বাচন৷ এই সমষ্টিসমূহত প্রতিদ্বন্দ্বিতাৰ বাবে ৩৯গৰাকী প্রার্থীয়ে ইতিমধ্যে মনোনয়ন–পত্র দাখিল কৰিছে৷ মনোনয়ন–পত্র দাখিলৰ সময়তে বিভিন্ন ৰাজনৈতিক দলৰ নেতা–পালিনেতাসকলে ভংগ কৰা পৰিলক্ষিত হৈছে ক’ভিড বিধি৷ সর্বোচ্চ মুকলি স্থানৰ সভাত ২০০ লোকৰ অংশগ্রহণ চৰকাৰে নির্ধাৰণ কৰি দিছে যদিও মনোনয়ন–পত্র দাখিলৰ সময়ত এই নির্ধাৰিত সংখ্যাতকৈ যথেষ্ট উচ্চ হাৰত বিভিন্ন ৰাজনৈতিক দলৰ সমর্থকৰ অংশগ্রহণ পৰিলক্ষিত হৈছে৷ কেৱল ভেকচিন লোৱা লোকসকলকহে পূজা অথবা নির্বাচনৰ প্রচাৰ সভাত উপস্থিত থাকিব পাৰিব বুলি নিয়ম বান্ধি দিয়া হৈছে যদিও কোনে ভেকচিন লৈছে অথবা নাই লোৱা, সেই তথ্য কেনেদৰে পৰীক্ষা কৰা হ’ব, তাৰ কোনো নির্দিষ্ট ব্যৱস্থাপনা এতিয়ালৈ কৰা নাই৷

এনে বিভিন্ন কাৰণতে আগন্তুক দুর্গোৎসৱেই হওক অথবা উপ–নির্বাচনৰ প্রচাৰ অভিযানতেই হওক, ক’ভিড প্রট’কল যে একপ্রকাৰ মোহাৰি পোলোৱাৰ সম্ভাৱনাই অধিক৷ অৱশ্যে জিলা প্রশাসন–আৰক্ষীয়ে এইক্ষেত্রত কি ব্যৱস্থা গ্রহণ কৰিব, সেয়া হ’ব লক্ষণীয়৷ কিন্তু দুর্গোৎসৱ আৰু উপ–নির্বাচনত ৰাজ্যবাসীয়ে অসচেতনতাৰ পৰিচয় দি ক’ভিড প্রট’কল ভংগ কৰাৰ ফল সাধাৰণ লোকেই ভোগ কৰিব লাগিব৷ প্রসংগক্রমে উল্লেখ কৰিব পাৰি যে স্বাস্থ্য বিশেষজ্ঞসকলে দেশজুৰি ক’ভিডৰ তৃতীয় ঢ়ৌৱে পুনৰ ভয়াৱহ পৰিস্থিতিৰ সূচনা কৰিব পাৰে বুলি আশংকা প্রকাশ কৰিছে৷ ক’ভিডৰ তৃতীয় ঢ়ৌত শিশুসকল অধিক আক্রান্ত হ’ব বুলিও সকীয়াই দিছে বিশেষজ্ঞসকলে৷ এনে পৰিস্থিতিত এই সকলো সকীয়নি পাহৰি দুর্গোৎসৱ অথবা উপ–নির্বাচনত সাধাৰণ ৰাইজে মতলীয়া হৈ পৰিব নে নিজকে বচাই ৰাখিব, সেয়া হ’ব লক্ষণীয়৷

You might also like