নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কাণত তিল থকা ব্যক্তিৰ কি বিশেষত্ব কি কয় শাস্ত্ৰই

নিয়মীয়া বাৰ্তা ১১ ডিচেম্বৰঃ  তিল প্ৰত্যক মানুহৰ শৰীৰত থাকে। তিলক লৈ অলেখ জল্পনা কল্পনা কৰে বহুতে। তিলক লৈ বহু প্ৰবাদো আছে। কিন্তু তিলৰ শৰীৰৰত অৱস্থিতিৰ বিষয়ে সামুদ্ৰিক শাস্ত্ৰক উল্লেখ আছে। এই শাস্ত্ৰ খন ঋষি সমুদ্ৰই কৰিছিল। সেইকাৰণে এই শাস্ত্ৰ খনৰ নাম সমুদ্ৰ শাস্ত্ৰ বুলিও জনা যায়। কোৱা হয় যে শৰীৰত অংগ আৰু তাৰ ওপৰত থকা চিহ্নই মানুহৰ স্বভাৱ আৰু ব্যৱহাৰৰ কথা জনা যায়।

সমুদ্ৰ শাস্ত্ৰৰ মতে শৰীৰত থকা তিল থকা ব্যক্তিৰ ভৱিষ্যতৰ বিষয়ে জানিব পাৰি। বিশ্বাস কৰা যায় যে কাণত থকা তিলে বহুত বিশেষত্ব বহন কৰে।

সোঁ কাণৰ তিলঃ সমুদ্ৰ শাস্ত্ৰৰ মতে সোঁফালে তিল থকা মানুহ বহুত ভাগ্যৱান হয়। সোঁফালৰ তিল থকা লোক বুদ্ধিয়ক, সহনশীল, আৱেগিক হয়। জানিব পৰা মতে এইসকল লোক বহুত খঙালও হয়। বহু সৰু সৰু কথাত কান্দে। কোৱা হয় যে সোঁফালৰ কাণত তিল থকা ব্যক্তিৰ ভাগ্য উদয় হয়।

বাওঁকাণৰ তিলঃ সমুদ্ৰ শাস্ত্ৰৰ মতে বাওঁকাণৰ তিল থকা মানুহ টেঙৰ বুলি কোৱা হয়। কোৱা হয় এনেধৰণৰ লোকে বহুত বুজি পায়। এওলোকৰ আত্মসন্মান ভাৱ বহুত থাকে। তেওঁলোকে কোনো বস্তু, উপহাৰ, ধন আদি লবলৈ পচন্দ নকৰে। তেওঁলোকে চেষ্টা কৰে যে কাৰোবাক কিবা দিব কিন্তু কাৰোপৰা একো নলয়। এওলোক বহুত ফুৰ্তিবাজ হয়।

কাণৰ তলৰ অংশত থকা তিলৰ অৰ্থঃ সমুদ্ৰ শাস্ত্ৰৰ মতে কাণৰ তলৰ অংশত যিলোকৰ তিল থাকে তেওঁলোক বহুত খৰচী হয়। তেওঁলোকে বহু সামগ্ৰী কিনি ভাল পায়। এনেধৰণ লোকে কেৱল বৰ্তমান সময়টো জীয়াব বিচাৰে। তেওঁলোকে ভৱিষ্যতৰ কথা চিন্তা নকৰে।

কাণৰ ওপৰৰ অংশত তিলঃ কাণৰ ওপৰৰ অংশত তিল থকা মানুহ বহু নিৰ্ভীক হয়। তেওঁলোকে কাৰো লয় ভয় নকৰে। এনেধৰণৰ লোক শাৰীৰিক আৰু মানসিক ভাৱে বহুত শক্তিশালী হয়।

You might also like