নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

Weather Report: শীতৰ প্রকোপত মহানগৰী…

নিয়মীয়া বাৰ্তা ১১ ডিচেম্বৰঃ দেশৰ আন আন ৰাজ্যৰ লগতে শীত প্রৱাহৰ প্রকোপত পৰিছে অসমো৷ শীতৰ প্রকোপ–কুঁৱলীৰ আচ্ছাদনে বিগত কিছুদিনতকৈ আজিৰ দিনটো বিশেষকৈ পুৱাৰ ভাগত মহানগৰীৰ জনসাধাৰণৰ স্বাভাৱিক জীৱনযাত্রাত কিছু পৰিমাণে বিৰূপ প্রভাৱ পেলায়৷

গুৱাহাটী মহানগৰীতেই পুৱা ঘন কুঁৱলীৰ বাবে গাড়ীৰ লাইট জ্বলাই যাতায়াত কৰিবলগীয়া হৈছিল চালকে৷ বিশেষকৈ ৮ মান বজালৈকে ডাঠ কুঁৱলীয়ে ঢাকি ৰাখিছিল মহানগৰীৰ আকাশ।

লগতে পঢ়কঃ হৈছিল পেটৰ বিষ; অস্ত্রোপচাৰ কৰাত তলপেটৰ পৰা ওলাল ‘সিদ্ধ কণী’!

বতৰ বিজ্ঞান বিভাগৰ তথ্য মতে আজি দিনৰ ১২ বজালৈকে ৰাজধানী মহানগৰীত সর্বোচ্চ উচ্চতা ২৩ ডিগ্রী চেলছিয়াছ আছিল৷ সেইদৰে ডিব্রুগড়ত তাপমান আছিল সর্বোচ্চ ২৩ ডিগ্রী চেলছিয়াছ৷ তিনিচুকীয়াকো কঁপাইছে শীতে৷ চহৰখনত আজিৰ তাপমাত্র সর্বোচ্চ ২৩.৫ ডিগ্রী চেলছিয়াছ আছিল৷

ইপিনে ক’ৰোনাৰ সংক্রমণ আৰু দীর্ঘদিনীয়া লকডাউনৰ পিছত ক্রমাগতভাৱে স্বাভাৱিক পৰিৱেশ ঘূৰি অহাৰ সময়তে একপ্রকাৰ প্রাণ পাই উঠা পৰিলক্ষিত হৈছে মহানগৰীৰ পার্শ্বৱর্তী বনভোজথলীসমূহ৷ বিগত প্রায় সাতটা মাহ মুকলি পৰিৱেশৰ পৰা আঁতৰি থাকিবলগীয়া হোৱাৰ পিছত প্রাকৃতিক মনোমোহা দৃশ্যৰে ভৰা দীপৰ বিল, চন্দ্রপুৰ আদি অঞ্চললৈ শেহতীয়াকৈ বনভোজকাৰী দলৰ আগমন ঘটা দেখিবলৈ পোৱা গৈছে৷

লগতে পঢ়কঃ ছোনিয়া গান্ধীৰ কাষ চাপিবলৈ কাক উৎকোচ দিছিল ৰাজীৱ গান্ধীয়ে?

You might also like