অস্ত্ৰোপচাৰৰ সময়ত কান্দিবলৈ আৰম্ভ কৰিছিল এগৰাকী মহিলাই, হাস্পতালে বিলৰ লগতে কন্দাৰ বাবেও ল’লে টকা
নিয়মীয়া বাৰ্তা, ১ অক্টোবৰঃ এগৰাকী আমেৰিকান মহিলাই সামাজিক মাধ্যমৰ এটা পোষ্টত দাবী কৰিছিল যে তেওঁ অস্ত্ৰোপচাৰৰ সময়ত কান্দিবলৈ আৰম্ভ কৰাৰ বাবেই চিকিৎসালয়খনে তেওঁৰ বিলত কন্দাৰ বাবদো টকা সংগ্ৰহ কৰিছিল। যাৰপাছতে সকলোৱে এই বিষয়টোত ছ’চিয়েল মিডিয়াযোগে নিজৰ মতামত ব্যক্ত কৰি ক্ষোভ উজাৰিছে।
মিজ নামৰ এইগৰাকী মহিলাই শৰীৰৰ পৰা তিল আঁতৰোৱাৰ অস্ত্ৰোপচাৰৰ পিছত লাভ কৰা বিলখনৰ এখন ফটো শ্বেয়াৰ কৰি এই অদ্ভুত কথাটো প্ৰকাশ কৰিছে। চিকিৎসক আৰু অস্ত্ৰোপচাৰ সেৱাৰ উপৰিও বিলখনত “আৱেগ” (brief emotion)ৰ বাবে $11 মাচুলও অন্তৰ্ভুক্ত আছিল। চিকিৎসালয়খনে আচৰণগত মূল্যাঙ্কনৰ বাবে মহিলাগৰাকীৰ পৰা প্ৰায় ৮১৫ টকা লৈছিল। যাক বহু লোকে “অযুক্তিকৰ” আৰু “হাস্যকৰ” বুলি বৰ্ণনা কৰিছে।
Mole removal: $223
Crying: extra pic.twitter.com/4FpC3w0cXu— Midge (@mxmclain) September 28, 2021
বাতৰিৰ উৎসঃ Times Now
লগতে পঢ়কঃ ছাত্রীক যৌন নির্যাতনঃ গুৱাহাটী বিশ্ববিঃৰ অধ্যাপক অমিত পাণ্ডেক নিলম্বন