নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মৰিগাঁৱ আৰক্ষীৰ বিশেষ সফলতাঃ দেশৰ অনলাইন বেংকিং প্ৰবঞ্চকৰ মূল ঘাটি ঝাৰখণ্ডৰ জমতাৰা ৰ পৰা গ্ৰেপ্তাৰ কৰিলে এটা কুখ্যাত প্ৰবঞ্চকক

নিয়মীয়া বাৰ্তা ১ অক্টোবৰঃ অপৰাধ আৰু অপৰাধীৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰি অহা মৰিগাঁও আৰক্ষীয়ে আন এক বৃহৎ সফলতা লাভ কৰিবলৈ সক্ষম হৈছে। আৰক্ষী অধীক্ষক অপৰ্ণা নতৰাজনৰ নেতৃত্বত মৰিগাঁৱ আৰক্ষীয়ে প্ৰথম বাৰৰ বাবে অনলাইন বেংকিং প্ৰবঞ্চকৰ মূল ঘাটি ঝাঁৰখণ্ডৰ যমতাৰাৰ পৰা গ্ৰেপ্তাৰ কৰিছে গৌৰ দাস নামৰ এটা কুখ্যাত অপৰাধীক। এই প্ৰবঞ্চক টুৱে মৰিগাঁও জিলাৰ ভোৰাগাওঁ ৰ এজন শিক্ষকৰ পৰা কে য়াই চি আপডেট ৰ নামত ভুক্তভোগী শিক্ষক জনৰ পৰা অ টি পি সংগ্ৰহ কৰি ৬৪ হাজাৰ টকা লুত কৰিছিল।

আৰক্ষী অধীক্ষক অপৰ্ণা নতৰাজনে এই অভিযোগ লাভ কৰাৰ পিছতে মৰিগাঁও আৰক্ষীৰ চাইবাৰ তীম ৰ সহযোগত জমতাৰা ৰ গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় অপৰাধী তোক। আজি এক সংবাদ মেল অনুষ্ঠিত কৰি আৰক্ষী অধীক্ষক অপৰ্ণা নাতৰাজন অতিৰিক্ত আৰক্ষী অধীক্ষক সুপ্ৰতিভ লাল বৰুৱা ই ৰাইজক বেংক ৰ তথ্য কোনো কাৰণত ফোন যুগে কোনো ব্যক্তিক নজনাবলৈ ৰাইজক আহ্বান জনাইছে।

You might also like