নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজি NEWS LIVE ত ‘ৰাইজৰ আদালত’ত পৰেশ বৰুৱা

নিয়মীয়া বাৰ্তা, ২০ জানুৱাৰী: অসমৰ টেলিভিছন ইতিহাসত প্রথমবাৰলৈ ৰাইজৰ আদালতত পৰেশ বৰুৱা৷ আজি সন্ধিয়া জনপ্রিয় টেলিভিছন চেনেল ‘নিউজ লাইভ’ত পোনপটীয়াকৈ অসমৰ ৰাইজৰ বহু প্রশ্ণৰ উত্তৰ দিব পৰেশ বৰুৱাই৷ ‘নিউজ লাইভ’ৰ ১৫ বছৰ পূর্তি উপলক্ষে আয়োজিত ‘নিউজ লাইভ’ ছামিটত পৰেশ বৰুৱাক পোনপটীয়াকৈ প্রশ্ন কৰাৰ সুবিধা পাব অসমৰ ৰাইজ তথা বৌদ্ধিক মহলে৷ ভিডিঅ’ কনফাৰেঞ্চিংযোগে এই অনুষ্ঠানত কোনো অজ্ঞাত স্থানৰ পৰা অংশ ল’ব স্বাধীন অসমৰ সপোন দেখি সশস্ত্র সংগ্রাম কৰি অহা আলফা স্বাধীনৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাই৷ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই নৱবর্ষৰ প্রথম সপ্তাহত আলফা স্বাধীনৰে আলোচনা সন্দর্ভত ইতিবাচক বক্তব্য প্রদান কৰাৰ পাছতে ৰাইজৰ সৈতে কথা পাতিবলৈ পৰেশ বৰুৱাৰ এই আগ্রহ তাৎপর্যপূর্ণ বুলি বিবেচিত হৈছে৷

উজ্জীৱিত হৈছে অসমপ্রেমী জনতাৰ মন৷ তাৰ মাজতে ৰাইজে সন্ধান কৰিছে সার্বভৌমত্ব প্রসংগত আলফা আৰু চৰকাৰৰ বিপৰীতমুখী স্থিতিৰ বিপৰীতে মধ্যম পন্থা কি? ‘নিউজ লাইভ’ ছামিটত বুদ্ধিজীৱী, অধিবক্তা, অধ্যাপক, চিকিৎসক, লেখক, সাংবাদিক আদিৰ সৈতে কথা পাতিব আলফা স্বাধীনৰ সেনাধ্যক্ষ পৰেশ বৰুৱাই৷ ৰক্তপাত, ভাতৃঘাতী সংঘাত, হিংসা–প্রতিহিংসা আৰু সন্ত্রাসৰ বাতাৱৰণে দীর্ঘকাল জর্জৰিত অসম ভূমিত ৰাইজে এতিয়া কেতিয়াও নিবিচাৰে পুৰণি সেই ক’লা দিনবোৰৰ পুনৰাবৃত্তি৷ শান্তি আৰু উন্নয়নকামী অসমৰ ৰাইজে বিচাৰিছে আলফাৰ ইছ্যুসমূহৰ স্থায়ী সমাধান৷ কিন্তু এইক্ষেত্রত পৰেশ বৰুৱাৰ স্থিতি তথা ভূমিকা নির্ণায়ক আৰু গুৰুত্বপূর্ণ৷ প্রশ্ণ উঠিছে চৰকাৰৰ সৈতে আলোচনা কৰিবলৈ আগ্রহী নে পৰেশ বৰুৱা? সার্বভৌমত্ব আলোচনাৰ চর্ত হ’ব লাগে নে নালাগে?

৪ দশকজোৰা আলফাৰ সংগ্রামত অসমে কি পালে, কি হেৰুৱালে? অসমৰ খিলঞ্জীয়া, থলগিৰি ৰাইজৰ আলফা সম্পর্কীয় মতামতক যথোচিত গুৰুত্ব দিবনে পৰেশ বৰুৱাই? দীর্ঘকালৰ সংগ্রামৰ পৰিণতি কি বিচাৰে পৰেশ বৰুৱাই? অসমৰ ৰাইজে বিচাৰে কি? প্রশস্ত হ’ব নেকি পৰেশ বৰুৱা অসমলৈ উভতি অহা পথ৷ ‘নিউজ লাইভ’ৰ মুখ্য পৰিচালন সম্পাদক চৈয়দ জাৰিৰ হুছেইনৰ ইতিহাস সৃষ্টিকাৰী এই অনুষ্ঠানে মুকলি কৰিব নেকি অসমৰ দীর্ঘকালৰ এক জটিল সমস্যাৰ সমাধানৰ যুগান্তকাৰী পথ৷ আজি সন্ধিয়া ৭ বাজি ৫৫ মিনিটত ‘নিউজ লাইভ’ত সম্প্রচাৰিত হ’ব ৰাইজৰ আদালত শীর্ষক বিশেষ অনুষ্ঠান৷

You might also like