নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজি হিমাচল প্রদেশ নির্বাচনৰ ভোটগ্রহণ

নিয়মীয়া বাৰ্তা, ১২ নৱেম্বৰ: উত্তাল প্রচাৰৰ পিছত কাইলৈ হিমাচল প্রদেশ বিধানসভা নির্বাচনৰ ভোটগ্রহণ অনুষ্ঠিত হ’ব৷ নির্বাচনৰ পূর্বে গুজৰাট আৰু হিমাচল প্রদেশত নিৰাপত্তা সংস্থাই ধন, সুৰা, ড্রাগ্ছ আৰু অন্যান্য মূল্যৱান ধাতু জব্দ কৰাৰ ক্ষেত্রত অভিলেখ গঢ়িছে দুয়োখন ৰাজ্যত৷ নির্বাচন আয়োগ (ইচিআই)ৰ তৰফৰ পৰা এক বিবৃতিত উল্লেখ কৰা হৈছে যে হিমাচলত ভোটাৰক উপঢ়ৌকন হিচাপে আগবঢ়াবলৈ অনা ৫০.২৮ কোটি টকা মূল্যৰ বিভিন্ন সামগ্রী তথা নগদ ধন জব্দ কৰা হৈছে৷ ইয়াৰ ভিতৰত সুৰা আৰু ড্রাগ্ছো আছে৷ ২০১৭ চনতকৈ নির্বাচনত নগদ ধন আৰু সুৰা বিতৰণৰ বাবে বিভিন্ন দলৰ প্রার্থীয়ে পাঁচগুণ বেছি ব্যয় কৰিছিল বুলি ইতিমধ্যে ইচিআইৰ সূত্রই সদৰী কৰিছে৷ সেইদৰে ডিচেম্বৰৰ প্রথম সপ্তাহত দুটা পর্যায়ত অনুষ্ঠিত হ’বলগীয়া গুজৰাট বিধানসভা নির্বাচনৰ পূর্বে ৭১.৮৮ কোটি টকা মূল্যৰ সুৰা, ড্রাগ্ছ, উপহাৰ সামগ্রী তথা নগদ ধন জব্দ কৰা হৈছে বুলি ইচিআইৰ তৰফৰ পৰা বিবৃতিটোত উল্লেখ কৰা হৈছে৷

You might also like