নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গুৱাহাটী ৰাজহ চক্র বিষয়াৰ কার্যালয়ত অৰাজকতা: ১২ বজালৈকে কার্যালয়লৈ নাহে কর্মচাৰী

নিয়মীয়া বাৰ্তা, ১২ নৱেম্বৰ: ৰাজ্য চৰকাৰে স্বচ্ছ আৰু নিকা প্রশাসন ব্যৱস্থা দিয়াৰ বাবে পদক্ষেপ গ্রহণ কৰিছে৷ কিন্তু চৰকাৰৰ এই পদক্ষেপক অংগুষ্ঠ প্রদর্শন কৰি একাংশ চৰকাৰী কার্যালয়ৰ কর্মচাৰীয়ে সমগ্র ব্যৱস্থাটোক প্রহসনত পৰিণত কৰিছে৷ চৰকাৰী কর্মচাৰীৰ কর্মসংস্কৃতিৰ নমুনা সর্বজনবিদিত৷ সীমাহীন দুর্নীতিৰ অভিযোগ থকা ৰাজ্য চৰকাৰৰ অন্যতম এটা গুৰুত্বপূর্ণ কার্যালয় হৈছে ৰাজহ চক্র বিষয়াৰ কার্যালয়৷ শেহতীয়াকৈ গুৱাহাটী ৰাজহ চক্র কার্যালয়ত বিষয়া–কর্মচাৰীসক দায়িত্বজ্ঞানহীনতাৰ বাবে অৰাজক পৰিস্থিতি সৃষ্টি হোৱাৰ তথ্য পোহৰলৈ আহিছে৷ পাণবজাৰৰ পৰা উপায়ুক্ত কার্যালয় হেঙেৰাবাৰীলৈ স্থানান্তৰিত হোৱাৰ পাছতে উপায়ুক্তৰ কার্যালয়ত থকা গুৱাহাটী ৰাজহ চক্র বিষয়াৰ কার্যালয়টো উলুবাৰীলৈ স্থানান্তৰিত কৰা হৈছিল৷ উলুবাৰীলৈ স্থানান্তৰিত হোৱাৰ পাছৰে পৰা প্রশাসনিক দুর্বলতাৰ সুযোগ লৈ চক্র বিষয়াৰ কার্যালয়ত কর্মৰত বিষয়া, মণ্ডল, কার্যালয়ৰ সহায়ককে ধৰি কর্মচাৰীসকলে কার্যালয়টোত নিজৰ খেয়ালখুচি মতে উপস্থিত থকাৰ অভিযোগ উত্থাপন হৈ আহিছে৷

অভিযোগ অনুসৰি, উলুবাৰীস্থিত গুৱাহাটী ৰাজহ চক্র বিষয়াৰ কার্যালয়লৈ বিভিন্ন কামৰ বাবে অহা লোকসকলে ঘণ্টাৰ পিছত ঘণ্টা ধৰি অপেক্ষা কৰিবলগীয়া হয়৷ দিনৰ ১২ বজালৈকে কার্যালয়টোত উপস্থিত নাথাকে মণ্ডলকে ধৰি বহু কর্মচাৰী৷ গুৱাহাটী চক্র বিষয়া কার্যালয়ত কর্মৰত মণ্ডলসকলে ফিল্ডত কাম থকাৰ অজুহাত দেখুৱাই পলমকৈ কার্যালয়ত উপস্থিত হয়৷ তদুপৰি একাংশ মণ্ডল আৰু কার্যালয়ৰ সহায়কে নিয়মমাফিক চহী কৰিয়েই কার্যালয়টোৰ পৰা অন্তর্ধান হয়৷ যাৰ পৰিপ্রেক্ষিতত বিভিন্ন কামৰ বাবে অহা লোকসকলে ঘণ্টাৰ পিছত ঘণ্টা ধৰি বিষয়া–কর্মচাৰীৰ বাবে অপেক্ষা কৰিবলগীয়া হৈ আহিছে৷ কার্যালয়টোলৈ বিভিন্ন কামৰ বাবে অহা বহু লোকে মাহৰ পিছত মাহ ধৰি সাধাৰণ কাম এটাৰ বাবে কার্যালয়টোলৈ অহা–যোৱা কৰিবলগীয়া হৈছে৷ গুৱাহাটী ৰাজহ চক্র বিষয়াৰ কার্যালয়ত বিষয়া–কর্মচাৰীয়ে চলোৱা মইমতালিৰ বাবে এতিয়া কার্যালয়টোত এক অৰাজক পৰিস্থিতিৰ সৃষ্টি হৈছে৷

কামৰূপ মহানগৰ জিলা উপায়ুক্ত পল্লৱ গোপাল ঝাই এই ক্ষেত্রত কি ব্যৱস্থা গ্রহণ কৰে, সেয়া লক্ষণীয় হ’ব৷ উল্লেখ্য যে ৰাজ্য চৰকাৰে জনসাধাৰণৰ সুবিধাৰ বাবে চৰকাৰী কর্মচাৰীসকলক কর্মসংস্কৃতি গঢ়ি তুলিবলৈ আহ্বান জনোৱাৰ পাছতো চৰকাৰী কর্মচাৰীসকলৰ দৃষ্টিভংগী আৰু মনোভাবৰ আজিও পৰিৱর্তন নোহোৱাত জনসাধাৰণে সাধাৰণ কাম এটাৰ বাবে মাহৰ পিছত মাহ ধৰি চৰকাৰী কার্যালয়লৈ অহা–যোৱা কৰিবলগীয়া হোৱা বিষয়টোৱে চৰকাৰী বিষয়াৰ প্রশাসনিক দুর্বলতাৰ নগ্ণ স্বৰূপ উদঙাই দিছে৷

You might also like