নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পিপিপিৰ অধীনত দিল্লীৰ তিনিটাকে ধৰি দেশৰ ১৬ ৰে’ল ষ্টেচনত আৰম্ভ হ’ব শিলগুটিবিহীন ৰে’লপথ

  • শতিকা পুৰণি শিলৰ যুগৰ সামৰণি পৰিব
  • শিলগুটিবিহীন ৰে’লপথ নির্মাণ হ’ব

 

নিয়মীয়া বাৰ্তা, ১২ নৱেম্বৰ: শতিকাপুৰণি ৰে’লপথত দেখি অহা শিলৰ যুগৰ সামৰণি পৰিব৷ দেশজুৰি ৰে’ল ষ্টেচনকে ধৰি ৰে’লপথত শিলগুটিৰে ৰে’লগাড়ী চলাচলত সুস্থিৰতা আৰু নিয়ন্ত্রণ কৰি অহা শিলৰ গুটিৰ বিছনা নাইকিয়া হ’ব৷ ইয়াৰ বিপৰীতে ৰে’লপথসমূহ উন্নীত কৰা হ’ব৷ যি ৰে’লপথত শতিকাজুৰি দেখি অহা শিলৰ গুটি নাথাকিব৷ ভাৰতীয় ৰে’লৱেই ৰে’ল ষ্টেচনৰ লগতে ৰে’লপথসমূহ উন্নীত কৰি শিলৰ সলনি আধুনিক পদ্ধতি গ্রহণ কৰিব৷ শিলগুটিবিহীন তথা শ্লেব ট্রেক দেশজুৰি নির্মাণ কৰিব৷ ভাৰতীয় ৰে’লৱেই এই পৰিকল্পনা গ্রহণ কৰি প্রাৰম্ভিক পর্যায় পিপিপি মডেল (ৰাজহুৱা–ব্যক্তিগত অংশীদাৰিত্ব)ত দেশৰ ১৬টা ৰে’ল ষ্টেচন শিলগুটিবিহীন তথা শ্লেব ট্রেকেৰে সজাই তুলিব৷ ৰাজধানী দিল্লীৰ তিনিটা ৰে’ল ষ্টেচনক এই উন্নীত শ্লেব ট্রেকত সাঙুৰি লোৱা হৈছে৷ প্রাৰম্ভিক পর্যায়ত ১৬টা ৰে’ল ষ্টেচন বাছনি কৰি এই ষ্টেচনবোৰ শ্লেব ট্রেকেৰে সজাই তোলাৰ পাছত পৰৱর্তী সময়ত দেশৰ সকলো ষ্টেচন আৰু ৰে’লপথক সাঙুৰি লোৱা হ’ব৷

মন কৰিবলগীয়া যে ৰে’লপথত শিলগুটিৰ বিছনাই ৰে’ল চলাচলত সুস্থিৰতা আৰু নিয়ন্ত্রণৰ ক্ষেত্রত গুৰুত্বপূর্ণ ভূমিকা গ্রহণ কৰি আছে যদিও এই শিলবোৰ নিয়মীয়াভাৱে নিৰীক্ষণ আৰু পাৰি দিবলগীয়া হোৱাৰ পৰিপ্রেক্ষিতত সৃষ্টি হোৱা জটিলতা আঁতৰ কৰাৰ লক্ষ্যৰে উন্নীত শ্লেব ট্রেকৰ পৰিকল্পনা কৰা হৈছে৷ এনেধৰণৰ উন্নীত ৰে’লপথবোৰ পৰিষ্কাৰ–পৰিচ্ছন্ন হৈ থাকিব৷ কিয়নো এই শ্লেব ট্রেকবোৰ অতি সহজতে পৰিষ্কাৰ কৰিব পৰা যাব৷ প্রাৰম্ভিক পর্যায়ত গুৰুত্বপূর্ণ ৰে’ল ষ্টেচন আৰু প্রধান পর্যটনস্থলীৰ ৰে’ল ষ্টেচনক এই ব্যৱস্থাৰে সাঙুৰি লোৱা হ’ব৷ চলিত বর্ষৰ প্রাৰম্ভৰে পৰা ৰে’ল বিভাগে আন্তঃগাঁথনি উন্নীত কৰাৰ ওপৰত অধিক গুৰুত্ব দি অলপতে থলুৱাভাৱে বিকশিত সংঘর্ষবিৰোধী ব্যৱস্থা যাক কৱচ বুলি কোৱা হয়, সেয়া বলৱৎ কৰা হৈছে৷

You might also like