নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক’ভিশ্বিল্ডৰ দহ লাখ ড’জ নেপাললৈ প্রেৰণ ভাৰতৰ

নিয়মীয়া বাৰ্তা ২২ জানুৱাৰীঃ ‘ভেকচিন মৈত্রী’ অভিযানৰ অংশ হিচাপে আজি ভাৰতে নেপাললৈ প্রেৰণ কৰিছে ক’ভিশ্বিল্ড ভেকচিনৰ এক নিযুত ড’জ৷ হিমালয়ান ৰাষ্ট্রখনলৈ ক’ভিশ্বিল্ড ভেকচিন প্রেৰণ কৰি ভাৰতে বিগত কেইবামাহো ধৰি চলি থকা বৈৰিতাৰ অৱসান ঘটোৱাৰ ইংগিত দিছে৷ স্মর্তব্য যে কালি ভূটানলৈ ডেৰ লাখ ড’জ আৰু মালদ্বীপলৈ এক লাখ ড’জ ভেকচিন প্রেৰণ কৰিছিল ভাৰতে৷ প্রতিৱেশী দেশসমূহৰ সৈতে ভাৰতে ভেকচিন যোগানৰ জৰিয়তে মৈত্রীৰ সম্পর্ক সুদৃঢ় কৰিব বুলি ঘোষণা কৰিছে৷

স্মর্তব্য যে বিশ্বৰ বিভিন্ন দেশলৈ ভাৰতে ক’ভিড–১৯ প্রতিৰোধী ভেকচিন প্রদানৰ সিদ্ধান্ত লৈছে৷ কিন্তু এইক্ষেত্রত প্রতিৱেশী দেশসমূহক প্রথম প্রাধান্য দিব বুলি ঘোষণা কৰিছে৷ আষ্ট্রা জেনেকা, অক্সফ’ড বিশ্ববিদ্যালয়ৰ দ্বাৰা অনুমোদিত ভেকচিন প্রস্তুত কৰিছে ভাৰতৰ ছেৰাম ইনষ্টিটিউটে৷ ভাৰতে ১০ দিনৰ ভিতৰত স্বাস্থ্যকর্মী তথা ক’ৰোনা যোদ্ধাসকলক ভেকচিন প্রদানৰ সিদ্ধান্ত গ্রহণ কৰিছে৷ নেপালেও প্রথমে স্বাস্থ্যকর্মীসকলক এই ভেকচিন প্রদান কৰিব৷

You might also like