নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অনিশ্চয়তাত জাপানৰ প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণ

যোৱা বৃহস্পতিবাৰে (১৮ জুন) গণেশগুৰিত জুবিন গাৰ্গৰ প্ৰতিচ্ছবি পুনৰ অংকনক কেন্দ্ৰ কৰি সৃষ্টি হোৱা তীব্ৰ যানজঁটৰ ফলত জাপানৰ প্ৰধানমন্ত্ৰী ছানায়ে টাকাইচিৰ প্ৰস্তাৱিত অসম ভ্ৰমণ অনিশ্চয়তাৰ মাজলৈ ঠেলি দিয়া হৈছে। অহা ১ জুলাইত জাপানৰ প্ৰধানমন্ত্ৰীগৰাকী অসমলৈ আহিবলগীয়া আছিল।

জাপানৰ প্ৰধানমন্ত্ৰীগৰাকীক আদৰণি জনোৱাৰ উদ্দেশ্যে আৰম্ভ কৰা সৌন্দৰ্য্যবৰ্ধন কাৰ্যসূচীৰ অংশ হিচাপে অঁকা জুবিন গাৰ্গৰ প্ৰতিচ্ছবি পুনৰ ৰং কৰাৰ সময়ত গণেশগুৰিত বিপুল জনসমাগম হৈছিল। ইয়াৰ ফলত অঞ্চলটোত তীব্ৰ যানজঁটৰ সৃষ্টি হয় আৰু জাপানৰ এটা উচ্চপদস্থ পূৰ্ব-প্ৰস্তুতি প্ৰতিনিধি দল প্ৰায় দুঘণ্টা ধৰি এই যানজঁটত আবদ্ধ হৈ থাকে।

জানিব পৰা মতে, এই ঘটনাৰ বিষয়ে টকিঅ’লৈ দাখিল কৰা প্ৰতিবেদন অনুসৰি জাপান চৰকাৰে এতিয়া প্ৰধানমন্ত্ৰী ছানায়ে টাকাইচিৰ অসম ভ্ৰমণ পুনৰ বিবেচনা কৰি আছে। অৱশ্যে ভ্ৰমণ বাতিল সম্পৰ্কে এতিয়াও কোনো আনুষ্ঠানিক ঘোষণা কৰা হোৱা নাই।

এই সম্ভাৱ্য সিদ্ধান্ত ৰাজ্যখনৰ বাবে এক ডাঙৰ আঘাত হিচাপে বিবেচিত হৈছে। কিয়নো জাপানৰ প্ৰধানমন্ত্ৰীগৰাকীৰ সৈতে কেইবাটাও আগশাৰীৰ জাপানী কোম্পানীৰ শীৰ্ষ বিষয়াসকলো আহিবলগীয়া আছিল। এই উচ্চ পৰ্যায়ৰ ভ্ৰমণৰ জৰিয়তে অসমৰ বিভিন্ন ক্ষেত্ৰত জাপানী বিনিয়োগৰ নতুন সম্ভাৱনা মুকলি হোৱাৰ আশা কৰা হৈছিল।

উল্লেখযোগ্য যে যদি জাপান চৰকাৰে এই ভ্ৰমণ বাতিল কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে, তেন্তে এয়া প্ৰথমবাৰৰ বাবে নহ’ব। ২০১৯ চনত নাগৰিকত্ব সংশোধনী আইন (CAA)-বিৰোধী আন্দোলনৰ পৰিপ্ৰেক্ষিতত তদানীন্তন জাপানৰ প্ৰধানমন্ত্ৰী শ্বিনজ’ আবেৰ অসম ভ্ৰমণো বাতিল হৈছিল।

ডিজিটেল ডেস্ক, ২৩ জুন

You might also like