নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কেনেকৈ বিশ্বৰ ধনাঢ্য ব্যক্তি হৈ উঠিল মাস্ক, টুইটাৰৰ নতুন মালিকৰ সপোন কি জানেনে

বিশেষ বাৰ্তা, ২৭ এপ্ৰিলঃ ‘যিদিনালৈ মংগল গ্রহত কলনী সাজিব নোৱাৰো, তেতিয়ালৈ মই নৰওঁ।’ এই ভাষ্য বিশ্বৰ ধনীতম ব্যক্তি এলন মাস্কৰ। মানুহে ভাবিব মাস্ক সফল হ’বই। কাৰণ তেওঁৰ পক্ষে অসম্ভৱ একো নাই। যিকোনো সফল ব্যক্তিৰ দৰে মাস্কৰ জীৱনতো আছে বহু উঠা নমা। সোমবাৰে নিশা টুইটাৰৰ মালিক হোৱাৰ পৰাই নতুনকৈ কৌতুহল সৃষ্টি হৈছে এইজন ধনকুবেৰক লৈ। শৈশৱত তেওঁ আছিল অতিকৈ শান্ত-নীৰিহ স্বভাৱৰ। আনকি তাৰ বাবে ক্লাছৰ আন ছাত্ৰই তেওঁৰ ওপৰত অত্যাচাৰো কৰিছিল। কিন্তু পাছত সেইজন ল’ৰাই সুযোগ পাইছিল আমেৰিকাৰ বিখ্যাত আইভি লিগ বিশ্ববিদ্যালয়ত পঢ়াৰ। এনেকৈ এদিন টেছলা আৰু স্পেছ এক্স নামৰ প্ৰতিষ্ঠান দুটাৰ চিইঅ’ হৈছিল তেওঁ। তাৰ পাছত আৰু তিনিটা কোম্পানীৰ প্রতিষ্ঠাপক। বিবাহত বহিছে তিনিবাৰ। সেই হিচাপত বহুকেইটা সন্তানৰ পিতৃ।

বাৰে বাৰে বিতর্কতো সোমাই পৰে মাস্ক। ক’ভিড ভাইৰাছক লৈ মন্তব্য কৰিছিল যে লকডাউনৰ কোনো অৰ্থ নাই। তেওঁ লগতে কৈছিল, বেছিদিন বিধি-নিষেধ জাৰি থাকিলে তেওঁ ক’ভিডবিধি ভাঙিব। মাস্কে এবাৰ দাবী কৰিছিল, মেলেৰিয়াৰ ঔষধেৰে কৰোণা নিৰাময় হয়। ইয়াৰ কোনো প্ৰমাণ নাছিল। ক’ভিড সংক্রমণ তুংগত থকা সময়ত তেওঁ আমেৰিকাৰ বিভিন্ন হাস্পাতালত ভেন্টিলেটৰ দিব বুলি কৈছিল। কিন্তু নিদিলে।

মাস্কে স্পেছ ৰকেট, বিদ্যুৎচালিত গাড়ী, ছ’লাৰ বেটাৰী আৰু বহু বস্তু তৈয়াৰ কৰিছে। হলীউডৰ ‘আয়ৰন মাস্ক’ ছবিখন তেওঁৰ জীৱন কাহিনীৰে নিৰ্মাণ কৰা হৈছে। বর্তমান মাস্কৰ সম্পত্তিৰ পৰিমাণ ৩৭০০ কোটি ডলাৰ। অর্থাৎ প্রায় তিনি লাখ কোটি টকা। বিভিন্ন দেশত মাটি-বাৰী আছে আৰু বিপুল অর্থ বিনিয়োগ কৰিছে মাস্কে। এসময়ত তেওঁ কৈছিল, নিজৰ সকলো ঘৰ বেচি দিব।

‘অকুমেন’ ছবিৰ অভিনেত্রী এম্বাৰ হিয়ার্ডৰ সৈতেও ডেটিং কৰিছিল ধনকুবেৰজনে। তেওঁলোকৰ সম্পৰ্ক শেষ হয় ২০১৭ চনত। এক সাক্ষাৎকাৰত মাস্কে কৈছিল, এই বিচ্ছেদে তেওঁক খুবেই বেদনা দিছিল। ২০১৭ চনত নিউৰ’লিংক নামৰ এটা কোম্পানী প্ৰতিষ্ঠা কৰিছিল, যাৰ উদ্দেশ্য আছিল, মানুহৰ মস্তিষ্কৰ ভিতৰত চিপ বহাই দিয়া। এসময়ত তেওঁ ‘হাইপাৰলুপ’ তৈয়াৰ কৰিব বিচাৰিছিল। হাইপাৰলুপ হৈছে একধৰণৰ সুৰংগ, যাৰ মাজেৰে ৰে’ল চলিব অবিশ্বাস্য গতিত।

You might also like